Logo
image

স্বদেশত আকৌ অপ্ৰতিৰোধ্য হৈ ৰ’ল টীম ইণ্ডিয়া

ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰৰ গ্ৰীনপাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত দুখন টেষ্টৰ শৃংখলাৰ অন্তিম টেষ্টখনৰ প্ৰথম দিনটোত মাত্ৰ ৩৫ অভাৰৰ খেল সম্ভৱ হোৱাৰ পাছত বৰষুণৰ বাবে দ্বিতীয় আৰু তৃতীয় দিনৰ খেল পৰিত্যক্ত হোৱাত খেলখন অমীমাংসিত হ’ব বুলিয়েই বহুতৰে ধাৰণা হৈছিল৷ কিন্তু চতুৰ্থ আৰু পঞ্চম দিনটোত বতৰৰ বিঘিনি অবিহনেই খেল অনুষ্ঠিত হয়  আৰু মাত্ৰ আঢ়ৈ দিনৰ খেলত বাংলাদেশক সাত উইকেটত পৰাস্ত কৰি শৃংখলাত ক্লীন ছুইপ কৰে ৰোহিত শৰ্মাৰ দলটোৱে৷ এইদৰে স্বদেশত আকৌ এবাৰ অপ্ৰতিৰোধ্য হৈ ৰ’ল টীম ইণ্ডিয়া৷ পাকিস্তানক তেওঁলোকৰ দেশত ক্লীন ছুইপ কৰাৰ পাছত বাংলাদেশৰ অধিনায়ক নাজমুল হুছেইন ছাণ্টোৱে গৰ্বেৰে কৈছিল যে ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাটোতো দেখা যাব অনুৰূপ ফলাফল৷ কিন্তু  ৰোহিত শৰ্মা বাহিনীৰ সন্মুখত দুয়োখন টেষ্টতে বাংলাদেশ অসহায় হৈ পৰা দেখা গ’ল৷ বাংলাদেশৰ বিৰুদ্ধে দুয়োখন টেষ্টতে জয়ৰ পাছত জুনত লৰ্ডছত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাৰ সম্ভাৱনা উজলাই তুলিলে ভাৰতে৷ টেষ্টৰ বিশ্ব চেম্পিয়ন হ’ব নোৱাৰিলেও ইতিপূৰ্বে হৈ যোৱা দুবাৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিছে ভাৰতে৷ এইবাৰ দলটোৰ লক্ষ্য ক্ৰমাগত তৃতীয়বাৰ ফাইনেল খেলা৷ অৱশ্যে, তাৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ২০২৩-২৫ চক্ৰৰ পৰৱৰ্তী আঠখন টেষ্টৰ অন্ততঃ তিনিখনত জয়ী হ’ব লাগিব৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত বৰ্তমান শীৰ্ষস্থানত আছে ভাৰত৷ এঘাৰখন টেষ্টৰ আঠখনত জয়ী হোৱাৰ বিপৰীতে দুখনত পৰাস্ত হোৱা ভাৰতৰ পইণ্ট হৈছে ৯৮৷ আনহাতে, দলটোৰ পইণ্টৰ শতাংশ হৈছে ৭৪.২৪৷ দলবোৰৰ পইণ্টৰ শতাংশৰ ভিত্তিতহে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলিষ্ট দল দুটা নিশ্চিত কৰা হয়৷ বাংলাদেশৰ বিৰুদ্ধে দুখন টেষ্টৰ শৃংখলাটোত জয়ী হোৱাৰ পাছত ভাৰতৰ টেষ্ট ক্ৰিকেটৰ পৰৱৰ্তী সূচী আছে নিউজীলেণ্ডৰ বিৰুদ্ধে৷ নিউজীলেণ্ডৰ বিৰুদ্ধে স্বদেশত টীম ইণ্ডিয়াই অক্টোবৰ-নৱেম্বৰত তিনিখন টেষ্টৰ শৃংখলাত ভাগ ল’ব৷ তাৰ পাছত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাৰ বাবে দলটো অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া পাঁচখন টেষ্টৰ শৃংখলাটো ভাৰতৰ বাবে হ’ব যথেষ্ট গুৰুত্বপূৰ্ণ৷বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত ভাৰতৰ পাছতে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়া৷ ১২খন টেষ্টৰ আঠখনত অষ্ট্ৰেলিয়া জয়ী হোৱাৰ বিপৰীতে পৰাস্ত হৈছে তিনিখন টেষ্টত৷ দলটোৰ পইণ্টৰ শতাংশ হৈছে ৫২.৫০৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ২০২৩-২৫ চক্ৰত অষ্ট্ৰেলিয়াৰ বাকী আছে সাতখন টেষ্ট৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’বলৈ হ’লে অষ্ট্ৰেলিয়া এই সাতখন টেষ্টৰ অন্ততঃ চাৰিখনত জয়ী হ’ব লাগিব৷ ইপিনে, নিউজীলেণ্ডৰ বিৰুদ্ধে স্বদেশত অনুষ্ঠিত দুখন টেষ্টৰ শৃংখলাত ২-০ ব্যৱধানত জয়ী হোৱাৰ সূত্ৰে শ্ৰীলংকা পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হৈছে৷ ৯ খন টেষ্টৰ পাঁচখনত জয়ী হোৱৰ বিপৰীতে চাৰিখনত পৰাস্ত হোৱা শ্ৰীলংকাৰ পইণ্টৰ শতাংশ হৈছে ৫৫.৫৬৷ তাৰ পাছত আছে ক্ৰমে ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু নিউজীলেণ্ড৷ উল্লেখ্য, ২০১৩ চনৰ ফেব্ৰুৱাৰীৰ পৰা স্বদেশত ভাৰত অভিলেখ সংখ্যক ১৮টা টেষ্ট শৃংখলাত জয়ী হৈছে৷ স্বদেশত ভাৰত অন্তিমবাৰ টেষ্ট শৃংখলাত পৰাস্ত হৈছিল ২০১২ চনৰ নৱেম্বৰ-ডিচেম্বৰত৷ প্ৰতিপক্ষ আছিল ইংলেণ্ড৷ টেষ্ট খেলা বিশ্বৰ আটাইকেইখন দেশেই স্বীকাৰ কৰে যে স্বদেশত টেষ্ট শৃংখলাত ভাৰতক পৰাস্ত কৰাটো একপ্ৰকাৰ অসম্ভৱ৷ সেয়েহে ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন টেষ্টৰ শৃংখলাটো নিউজীলেণ্ডৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব বুলিয়েই ক’ব পাৰি৷ যদি নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিওখন টেষ্টতে ভাৰত জয়ী হ’ব পাৰে, তেন্তে দলটোৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান নিশ্চিত হ’ব৷ সেয়া সম্ভৱ নহ’লে ভাৰতে অপেক্ষা কৰিবলগীয়া হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলালৈ৷ ভাৰতীয় দলটো বৰ্তমান যি ফৰ্মত আছে, তালৈ চাই বিশ্ব টেষ্ট চেম্পিনশ্বিপৰ ফাইনেললৈ উন্নীত হোৱাটো দলটোৰ বাবে অসম্ভৱ নহ’ব বুলিয়েই ক’ব পাৰি৷  কিন্তু ক্ৰিকেটত অসম্ভৱ বুলি একোৱেই নাই৷ সেইবাবে নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলা দুটা ৰোহিত শৰ্মা বাহিনীৰ বাবে হ’ব অতিকৈ গুৰুত্বপূৰ্ণ৷ নিউজীলেণ্ডৰ বিৰুদ্ধে অৱশ্যে দলটোৱে ঘৰুৱা পৰিৱেশত খেলাৰ সুযোগ পাব৷ কিন্তু অষ্ট্ৰেলিয়াৰ পৰিৱেশ হ’ব সম্পূৰ্ণ সুকীয়া৷ ভাৰতত যেনেকৈ ভাৰতীয় দলক পৰাস্ত কৰাটো যথেষ্ট কঠিন, সেইদৰে অষ্ট্ৰেলিয়াকতো অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো সিমানেই কঠিন৷ সমাগত আঠখন টেষ্টৰ বাবে প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক ৰোহিত শৰ্মাই দলটো কেনেদৰে সাজু কৰে সেয়া হ’ব লক্ষণীয়৷