চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ কাল বৃদ্ধি যুক্তিসংগতনে
২০২৪ বৰ্ষটোত অসম চৰকাৰে কেইবাজনো কৰ্মচাৰীক অৱসৰৰ পাছতো কাৰ্যকাল বৃদ্ধি কৰিলে কেবিনেটৰ প্ৰস্তাৱৰ জৰিয়তে৷ ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পৱন বৰঠাকুৰক অৱসৰৰ পাছত অতিৰিক্ত তিনিটা মাহৰ বাবে কাৰ্যকাল বৃদ্ধি কৰাইছিল ৰাজ্য চৰকাৰে৷ ২৪ ছেপ্টেম্বৰৰ কেবিনেট সভাই লোৱা সিদ্ধান্তমৰ্মে ৩০ ছেপ্টেম্বৰত অৱসৰ লোৱা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান (বিশেষ শাখা) হীৰেন চন্দ্ৰ নাথক একেটা পদতে অতিৰিক্ত এটা বৰ্ষৰ বাবে কাৰ্যকাল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উল্লেখযোগ্য যে অৱসৰৰ পূৰ্বে লাভ কৰি থকা প্ৰশাসনিক আৰু বিত্তীয় ক্ষমতা অক্ষুণ্ণ থাকিব বিষয়া হীৰেন চন্দ্ৰ নাথৰ৷ কেবিনেটৰ আন এক সিদ্ধান্তমৰ্মে অৱসৰৰ পাছত ২০২৩ বৰ্ষৰ ১ মাৰ্চৰ পৰা বিশেষ চুক্তিমৰ্মে আৰক্ষীৰ মহাপৰিদৰ্শক (অভিযান শাখা) পদত কাৰ্যনিৰ্বাহ কৰি থকা জিৎমল দলেক পুনৰ দুটা বৰ্ষৰ বাবে নিযুক্তি দিয়ে ৰাজ্য চৰকাৰে৷অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ সেৱা বিধি মতে এজন চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স হৈছে ৬০ বছৰ আৰু যিটো দিনতেই ৬০ বছৰ সম্পূৰ্ণ কৰিব, উক্ত দিনতেই অৱসৰ গ্ৰহণ কৰিব৷ এইখিনিতে প্ৰশ্ন হয়, এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স বা সময় বৃদ্ধি কৰাটো কিমান যুক্তিসংগত? ২০০১ চনৰ পৰা ২০১৪ চনলৈ অসমত থকা কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালত বহুকেইজন অৱসৰী বিষয়াৰ কাৰ্যকাল বৃদ্ধি কৰাৰ উদাহৰণ আছে৷ ৰাজনৈতিক নেতাৰে থকা সু-সম্পৰ্কৰ বাবেই অসমৰ দুখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যকাল ছমাহৰ বাবে বৃদ্ধি কৰিছিল তেতিয়াৰ কংগ্ৰেছৰ চৰকাৰে৷ চৰকাৰৰ তেনে সিদ্ধান্তৰ প্ৰতিবাদ কৰিছিল ৰাজ্যৰ বৌদ্ধিক মহলে, কিন্তু কেৰেপ কৰা নাছিল চৰকাৰৰ বৰঘৰৰ নেতাসকলে৷ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন সন্মিলিত চৰকাৰখনে অৱসৰ লোৱা একাংশ কৰ্মচাৰীৰ সেৱাৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্তই নিশ্চিতভাৱে আঘাত কৰিব অৱসৰী কৰ্মচাৰীক৷অসম চৰকাৰৰ এটা পদ খালী হোৱা মানে সংস্থাপনৰ বাট মুকলি হয় এজন শিক্ষিত নিবনুৱাৰ কাৰণে৷ ঠিক সেইদৰে এটা নিৰ্দিষ্ট দিনত অৱসৰ লোৱা এজন কৰ্মচাৰীক অৱজ্ঞা কৰি লগৰ এজনৰ কাৰ্যকাল বৃদ্ধি কৰাৰ ফলত অপমানবোধ কৰে অৱসৰ লোৱাজনে৷ এটা চৰকাৰী বিভাগত কৰ্মৰত প্ৰায়খিনি কৰ্মচাৰীৰ অৱসৰৰ সময়তো থাকে কৰ্মদক্ষতা৷ চৰকাৰী নীতিক দোহাই দি সকলোকে অৱসৰৰ দিনা এখন গামোচা পিন্ধাই ঘৰলৈ পঠাই দিয়া আৰু দুই-এজনৰ কাৰ্যকাল বৃদ্ধি কৰাটো যুক্তিসংগত নহয় বুলি ক’ব পাৰি৷ আৰক্ষী বিভাগত দক্ষ বিষয়াৰ অভাৱ নেকি বুলিও প্ৰশ্ন কৰে সচেতন নাগৰিকে৷ অৱসৰপ্ৰাপ্ত একাংশ চৰকাৰী বিষয়াক পুনৰ চৰকাৰী সংস্থাত ঠিকাভিত্তিত নিযুক্তি দিয়া প্ৰসংগত দেশৰ উচ্ছতম ন্যায়ালয়ৰ এটা মতামতৰ ব্যাপক সমাদৰ ঘটিছে দেশৰ সংবাদ মহলত৷ ২৭ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে ৰায় প্ৰদান কৰি উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্ত আৰু উজ্জ্বল ভূঞাই দিয়া মতামত মতে দেশৰ Real Estate Regulatory Authority (RERA)ত অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসসকলৰ পুনৰ সংস্থাপনৰ কেন্দ্ৰস্বৰূপ হৈ পৰিছে৷ অসমৰ ক্ষেত্ৰতো এজন অৱসৰী মুখ্য সচিবক পুনৰ ৰেৰাৰ সভাপতি পদত নিযুক্তি দিছে ৰাজ্য চৰকাৰে৷ অসমৰ শিক্ষা-ব্যৱস্থাত নতুনকৈ স্থাপন কৰা স্কুল এডুকেশ্বন ব’ৰ্ডৰ সভাপতিৰ দায়িত্বতো সংস্থাপন দিছে চৰকাৰৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াক৷অৱসৰ গ্ৰহণ কাৰ্যৰ আঁৰত থাকে বিজ্ঞানসন্মত যুক্তি৷ ৩০-৩৫ বছৰ চাকৰি কৰি পেন্সন লাভ কৰা এজন চৰকাৰী কৰ্মচাৰীক পুনৰ নিযুক্তি দিয়া কৰ্মবোৰৰ যুক্তিযুক্ততা এটাই– তেওঁলোক কোনোবা ৰাজনৈতিক নেতাৰ সোঁহাত৷ নিবনুৱা সন্তানৰ সংস্থাপনৰ পূৰ্বেই অৱসৰ লোৱা তৃতীয় বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ স্থান আৰু ৰাজনৈতিক পৃষ্ঠপোষকতাত পুনৰ সংস্থাপন পোৱা এইসকল বিষয়াৰ স্থান কি– ৰাইজেই বিচাৰ কৰক৷