আদানিক ৯ হাজাৰ বিঘা ভূমি প্ৰদান ৰাজ্যৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফু, ৩ অক্টোবৰ : বৃহৎ পুঁজিপতিৰ নাম শুনিলেই আনন্দত যেন উত্ৰাৱল হৈ পৰে বিজেপি দল আৰু চৰকাৰ৷ আদানি বা আম্বানিৰ নাম শুনিলেতো কথাই নাই৷ ৰাইজৰ ওজৰ-আপত্তিলৈ কৰ্ণপাত নকৰি আদানি-আম্বানিৰ দৰে বৃহৎ পুঁজিপতিক সৰ্বতোপ্ৰকাৰে ‘সহায়’ কৰিবলৈ সদাসৰ্বদা সাজু হৈ থাকে বিজেপি চৰকাৰ৷ দেশৰ বিভিন্ন ঠাইত এনেধৰণৰ একাধিক ঘটনা ঘটিছে৷ এইবাৰ এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিছে অসমত৷ স্থান প্ৰকৃতিৰ ৰম্যভূমি ডিমা হাচাও জিলা৷ পূবৰ ছুইজাৰলেণ্ডখ্যাত ৰাজ্যৰ একমাত্ৰ হিল্ ষ্টেচন ডিমা হাচাও জিলাৰ উমৰাংছ’ত পুনৰ এটা বৃহৎ চিমেণ্ট কাৰখানা স্থাপনৰ বাবে ৯ হাজাৰ বিঘা মাটি আদানিক আৱণ্টন দিছে ডিমা হাচাও পৰিষদে৷ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰৰ প্ৰছন্ন নিৰ্দেশতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বৃহৎ পুঁজিপতিক জনজাতীয় ৰাইজৰ ভূমি গতাই দিবৰ বাবে উত্তৰ কাছাৰ পৰিষদে লোৱা সিদ্ধান্তই পাহাৰীয়া জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ চূণশিলৰ প্ৰাকৃতিক ভাণ্ডাৰৰ অৱস্থিতিৰ বাবে উমৰাংছ’ত ইটোৰ পাছত সিটো চিমেণ্ট কাৰখানা স্থাপন কৰিবলৈ আগ্ৰহী হৈ পৰিছে দেশৰ শীৰ্ষ উদ্যোগপতিসকল৷ ইতিমধ্যে উমৰাংছ’ত থকা ডালমিয়া আৰু অসম কুৱেৰীৰ বৃহৎ চিমেণ্ট কাৰখানাৰ পাছত এইবাৰ অঞ্চলটোত চিমেণ্ট কাৰখানা স্থাপনৰ বাবে আগবাঢ়ি আহিছে বিশ্বৰ শীৰ্ষস্থানীয় ধনাঢ্য লোকৰ অন্যতম আদানিৰ কোম্পানীৰ৷ বনজ আৰু খনিজ সম্পদৰ অফুৰন্ত ভাণ্ডাৰ উমৰাংছ’ত পূৰ্বৰে পৰা কেইবাটাও সৰু সৰু চিমেণ্ট কাৰখানা চলি আছে৷ এইবাৰ উমৰাংছ’ত আদানি গ্ৰুপে বৃহৎ চিমেণ্ট প্ৰকল্প নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছে৷ আদানি গ্ৰুপক পাহাৰীয়া জিলাখনলৈ ৰঙা দলিচা পাৰি আদৰিছে স্বায়ত্তশাসিত পৰিষদে৷ এধানমানো কষ্ট নোহোৱাকৈ স্বায়ত্তশাসিত পৰিষদৰ কৃপাত ইতিমধ্যে আদানি গ্ৰুপে লাভ কৰিছে ৯ হাজাৰ বিঘা ভূমি৷ খুব কম সময়ৰ ভিতৰত সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি স্বায়ত্তশাসিত পৰিষদে আদানি গ্ৰুপক মাটি আৱণ্টন দিছে৷
আদানি গ্ৰুপক চিমেণ্ট কাৰখানা স্থাপন কৰাৰ সুযোগ দিয়াৰ বাবেই জনজাতীয় লোকে বসতি কৰা বৰলিচিংদং, ছেৰছলাংছ’, বৰ লাৱাং, চুট লাৱাং, চিংকিলাংছ’, হাৰবেলাংছ’ আৰু চুলিকিদঙকে ধৰি ৯ খন গাঁৱৰ ৰাইজক নিজৰ নিজৰ মাটি-ভেটি এৰি আঁতৰি যোৱাৰ নিৰ্দেশ দি উচ্ছেদৰ জাননী জাৰি কৰা হৈছে৷ ইফালে, এই কাৰ্যৰ প্ৰতিবাদত কাৰ্যতঃ যুদ্ধ ঘোষণা কৰিছে জনজাতীয় লোকসকলে৷ কোনো কাৰণতে তেওঁলোকে ঘৰ-মাটি এৰি নাযায় বুলি স্পষ্ট কৰি দিছে আৰু আদানিৰ প্ৰস্তাৱিত চিমেণ্ট কাৰখানাৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দিছে৷ সেইসূত্ৰে মাটিৰ জৰীপৰ বাবে যোৱাৰ সময়ত স্বায়ত্তশাসিত পৰিষদৰ বিষয়া-কৰ্মচাৰীক জনজাতীয় ৰাইজে কেইবাবাৰো ঘূৰাই পঠিয়ায়৷ ২৭ ছেপ্টেম্বৰত স্থানীয় এমএচি তথা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ছেমছন ইংতি, বন বিভাগৰ দায়িত্ববাহী কাৰ্যবাহী সদস্য নজিৎ কেম্প্ৰাই, বন বিভাগৰ শীৰ্ষ বিষয়া টুহিন লাংথাছাসহ এটা বৃহৎ দল এলেকাটোলৈ গৈছিল যদিও স্থানীয় ৰাইজে বাধা দি দলটোক খেদি পঠিয়ায়৷ পৰৱৰ্তী সময়ত উক্ত স্থানত উপস্থিত হয় ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ সচিব এম কে যাদৱ৷ শীৰ্ষ বিষয়াজনে স্থানীয় দল-সংগঠনৰ সৈতে আলোচনা কৰে যদিও কোনো সুফল লাভ নকৰিলে৷ সেয়ে বিষয়াজনে স্থানীয় ৰাইজক মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা অনুষ্ঠিত কৰি দিয়াৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে৷ স্থানীয় ৰাইজৰ স্পষ্ট কথা– চিমেণ্ট কাৰখানাৰ ফলত অঞ্চলটো ব্যাপক হাৰত প্ৰদূষিত হৈ পৰিছে৷ প্ৰকৃতি আৰু অঞ্চলটোৰ বৃহৎ ক্ষতি হোৱাৰ ফলত অঞ্চলবাসীয়ে জীয়াতু ভুগিবলগীয়া হৈছে৷ ঘৰে ঘৰে এতিয়া ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে– প্ৰদূষণৰ ফলত৷ সেয়ে আন কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে নিজৰ ভূমি ত্যাগ কৰিবলৈ ৰাজী হ’লেও চিমেণ্ট কাৰখানাৰ বাবে সূচ্যাগ্ৰ মেদিনীও এৰি নিদিয়ে গঞা ৰাইজে৷ অসম চৰকাৰ তথা স্বায়ত্তশাসিত পৰিষদৰ আশিসধন্য আদানি গ্ৰুপৰ বিৰুদ্ধে জনজাতীয় লোকসকলে অব্যাহত ৰখা অধিকাৰ ৰক্ষাৰ যুঁজখনৰ ফল কি হয় সেয়া নিশ্চয় লক্ষণীয় হ’ব৷
জাতি-মাটি-ভেটি বিক্ৰীত লিপ্ত হৈছে বিজেপি চৰকাৰ : আপ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেণ্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে হৈ সৰৱ হৈ পৰিছে আম আদমী পাৰ্টি বুধবাৰে গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ মুখপাত্ৰ পুনৰ গগৈয়ে এই সন্দৰ্ভত কয়, বৰ্তমানৰ চৰকাৰে ডিমা হাছাও জিলাৰ খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভেটি - মাটিৰ পৰা উচ্ছেদ কৰি সেই মাটি পুঁজিপতিক গতাই দিব বিচাৰিছে৷ উমৰাংছুৰ ৯ হাজাৰ বিঘা মাটি গুজৰাটৰ ব্যৱসায়ী গৌতম আদানিৰ চিমেণ্ট কাৰখানা স্থাপনৰ বাবে আবণ্টন দিছে৷ উমৰাংছু অঞ্চলৰ ডিমাছা, কুকি, কাৰ্বি আদি জনগোষ্ঠীৰ শ শ পৰিয়ালক উচ্ছেদ কৰি পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছে৷ এটা কথাত বিজেপিৰ ঘনিষ্ঠ গুজৰাটী বণিয়াৰ হাতত বিজেপি চৰকাৰে খিলঞ্জীয়াৰ জাতি- মাটি - ভেটি বিক্ৰী কৰিবলৈ ওলাইছে৷ আম আদমী পাৰ্টিয়ে চৰকাৰৰ খিলঞ্জীয়া বিৰোধী পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছোঁ৷ সংবাদমেলত পুনম গগৈয়ে ডিমা হাছাও জিলাক উত্তৰ পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ডৰ সৈতে তুলনা কৰি অঞ্চলটোৰ মনোমোহা প্ৰাকৃতিক পৰিবেশৰ ওপৰত ভিত্তি কৰি পৰ্যটন উদ্যোগ গঢ়ি তুলিবলৈ দাবী জনায়৷ আনহাতে, অসমৰ ভূগৰ্ভত থকা প্ৰাকৃতিক গেছ উদঘাটন আৰু তেল খননৰ বাবে হোলোঙাপাৰ গিবন অভয়াৰণ্য বেদান্ত গ্ৰুপক গতাই দিয়াৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেত্ৰী গৰাকী৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত দুষ্প্ৰাপ্য হলৌ বান্দৰৰ বাসভূমি গিবন অভয়াৰণ্যত খননৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰিবলৈ আহ৩ান জনায়৷ ইপিনে, ৰাজ্য চৰকাৰে হকে-বিহকে চলোৱা উচ্ছেদ অভিযানৰো তীব্ৰ বিৰোধিতা কৰে পুনম গগৈয়ে৷ শেহতীয়া ভাৱে উচ্ছেদৰ বলি হোৱা সোণাপুৰৰ কচুতলীৰ ৪৭টা পৰিয়ালে উচ্ছতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়ালয়ে অসম চৰকাৰলৈ আদালত অৱমাননাৰ জাননী প্ৰেৰণ কৰে৷ এই সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে চৰকাৰৰ উচ্ছেদৰ ৰাজনীতিৰ বিৰোধিতা কৰি কয় যে কোনো ধৰণৰ পুনৰ্বাসন বা পুনৰসংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চৰকাৰে উচ্ছেদ বন্ধ কৰা উচিত৷ সংবাদমেলত আপৰ নেত্ৰী মিতালী গগৈ আৰু যুৱ নেতা লক্ষ্যজিৎ গগৈয়ো উপস্থিত থাকে৷