অভিমন্যু হৈ যোৰহাটত জিকিলোঁ এতিয়া অৰ্জুন হওক কংগ্ৰেছী নেতা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ অক্টোবৰ : লোকসভাৰ নিৰ্বাচনত অভিমন্যু হৈ মই যোৰহাটত জিকিলোঁ৷ যোৰহাটৰ ৰাইজে বিজেপিৰ চক্ৰবেহু ভাঙি দিলে৷ কংগ্ৰেছৰ প্ৰতিজন কৰ্মী অৰ্জুনৰ দৰে হ’ব লাগিব৷ নিজৰ বুথ, পঞ্চায়ত, গাঁও, সমষ্টি জিকাই আনিলেহে চৰকাৰ হ’ব৷’– এই মন্তব্য সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ৷ আজি বিহালীত দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আহি গুৱাহাটীত সাংবাদিকৰ আগত কয়– ‘আমাৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাই অৰ্জুনৰ দৰে বুথ, পঞ্চায়ত, বিধানসভাৰ দায়িত্ব লওক৷ মই দলৰ পৰা সময় বিচাৰিছোঁ৷ মোক কোনো পদবী নালাগে৷ মই অসমৰ ৰাইজৰ ওচৰলৈ যাব বিচাৰিছোঁ৷ দলে মোক যিধৰণে ব্যৱহাৰ কৰিব, সেইধৰণেই মই কাম কৰিম৷’ ইফালে, গান্ধীজয়ন্তী উপলক্ষত গৌৰৱ গগৈয়ে কয়– ‘সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিলোৱা ৰাজনীতি শেষ হ’ব লাগে৷ মহাত্মা গান্ধীৰ ভাৱধাৰা সদায় বিৰাজমান হৈ থাকিব৷ মহাত্মা গান্ধীৰ আদৰ্শৰে দেশ আগুৱাই যাব লাগিব৷ মহাত্মা গান্ধী বাস্তৱ উদ্দেশ্য সফল হৈছে নে নাই সেয়াহে মূল কথা৷’ বিহালীৰ উপ-নিৰ্বাচন সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়– ‘নিৰ্বাচনতো দুটা দলৰ ব্যক্তিগত যুদ্ধ নহয়৷
নিৰ্বাচন ৰাইজৰ আশা-আকাংক্ষাৰ প্ৰতিফলন৷ নিৰ্বাচন ৰাইজে হিচাপ-নিকাচ কৰিব৷ অসম-অৰুণাচল সীমা সমস্যা সমাধান হ’ল নে হিচাপ ল’ব ৰাইজে৷ বাগানৰ মানুহে সুবিধাবিলাক পাইছেনে নাই তাৰ হিচাপ ল’ব৷ উমৰাংছুৰ ভূমি আদানীক দিয়াক লৈ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নহয়, আদানী কোম্পানীৰ এজন কৰ্মচাৰীহে৷ কৰ্মচাৰীৰ দায়িত্ব হিচাপেই আদানীৰ স্মাৰ্ট মিটাৰ অসমৰ ৰাইজক জাপি দিলে৷ এতিয়া হাজাৰ হাজাৰ বিঘা মাটিও দিছে৷ আদালতৰ নিৰ্দেশ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়– ‘এইখন দেউলীয়া চৰকাৰ৷ বিত্ত বিভাগত সকলোতে দুৰ্নীতি হৈছে৷ কেগৰ ৰিপ’ৰ্টসমূহৰ ওপৰত এতিয়া তদন্ত নহয়৷ অসমখনক বিজেপিৰ নেতাই ভাগ ভাগ কৰি লৈছে৷ উত্তৰ গুৱাহাটী এজন বিশেষ ব্যক্তিৰ এটিএম হৈ পৰিছে৷ কাৰোবাৰ বাবে আন লোকৰ নামত মাটি ক্ৰয় কৰিছে৷ ছেমিকণ্ডাক্টৰক লৈ গৌৰৱ গগৈয়ে তিনি প্ৰশ্ন কৰাৰ লগতে কয়– ‘ছেমিকণ্ডাক্টৰ উদ্যোগ অসম, গুজৰাটৰ লগতে কৰ্ণাটকতো হওক৷ টাটাই স্থাপন কৰিবলৈ লোৱা ছেমিকণ্ডাক্টৰত ১০০ শতাংশ অসমীয়াই নিযুক্তি পাবনে? অসমীয়া ঠিকাভিত্তিক কৰ্মচাৰী, যোগানকাৰীয়ে ধন পালেনে? হাজাৰ কোটিটকীয়া জাগীৰোড কাগজ কলৰ মাটি ৩ কোটিলৈ কিয় নমালে এআইডিচিয়ে৷