Logo
image

আজমলক ‘ঔৰংজেৱ’, ৰিপুণ বৰাক ‘ৰামসিংহ’ আখ্যা হিমন্তৰ

চতিয়াৰ নাগশংকৰত দোভাগ নিশা হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

'আমাৰ অসম’ ২৪ মাৰ্চঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আকাশীযানৰে উজনি আৰু উত্তৰ অসমত ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি দিন-ৰাতি একাকাৰ কৰা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি চতিয়া সমষ্টিৰ নাগশংকৰত দোভাগ নিশা নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই৷ সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক পদ্ম হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নিশা ১২ বজাত নাগশংকৰ ষ্টেডিয়ামত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰীজনে কংগ্ৰেছ আৰু এই আই ইউ ডি এফক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ অসমৰ সভ্যতা-সংস্কৃতিৰ বাবে ভাবুকি কঢ়িয়াই অনা এই আই ইউ ডি এফৰ দৰে ৰাজনৈতিক দলৰ লগত মিতিৰালি কৰা কংগ্ৰেছ দলৰ প্ৰথমখন জাহাজ অহা ২৭ মাৰ্চৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনতে ব্ৰহ্মপুত্ৰত ডুব যাব বুলি উল্লেখ কৰি এই ডুবন্ত জাহাজৰ নাবিক ৰিপুণ বৰা বুলিও উল্লেখ কৰে৷ বদৰুদ্দিন আজমলক ঔৰংজেৱ আৰু ৰিপুণ বৰাক ৰামসিংহ বুলি উল্লেখ কৰি বাকপটু মন্ত্ৰীজনে এইসকলৰ যুগল বন্দী অসমৰ সভ্যতা-সংস্কৃতিৰ বাবে অতিকৈ ভয়াবহ বুলি উল্লেখ কৰি অসমৰ ৰাইজে আজমল-ৰিপুণৰ যুগল বন্দীক সম্পূৰ্ণ ৰূপে এইবাৰ প্ৰত্যাখান কৰিব বুলি উল্লেখ কৰে৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কাষত বহুৱাই হিমন্ত বিশ্ব শৰ্মাই এইবাৰ অসমৰ ৰাইজে পদ্ম হাজৰিকাক বেলেগ ৰূপত দেখিবলৈ পাব বুলি উল্লেখ কৰি আওপকীয়াকৈ বিজেপিৰ চৰকাৰ আহিলে পদ্ম হাজৰিকাই এইবাৰ মন্ত্ৰিত্ব পোৱাটো যে খাটাং সেই কথাকেই উল্লেখ কৰে৷ প্ৰায় সাত হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত বিজেপি ষ্টাৰ কেম্পেইনাৰজনে বিজেপি দল মুছলমানৰ বিৰোধী কেতিয়াও নহয় বুলি উল্লেখ কৰি বিজেপি দল এইসকল মুছলমানহৰহে বিৰোধী যি সকলে ভাৰত পাকিস্তানৰ খেলত পাকিস্তান জিকিলে ফটকা ফুটাই বুলি উল্লেখ কৰে৷ উন্নয়ন বিজেপিৰ অন্যতম নিৰ্বাচনী ইচ্ছ্য়ু বুলি উল্লেখ কৰি ড॰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ চৰকাৰ অহাৰ পাছতে ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত এক লাখ নিবনুৱাক চাকৰি দিয়া হ’ব বুলিও মন্তব্য কৰে৷ স্বাস্থ্যমন্ত্ৰীজনে নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁক সংগ দিয়ে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লবলোচন দাসে৷ মনকৰিবলগীয়া যে চতিয়া সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা জানিব পাৰি নাগশংকৰ ষ্টেডিয়ামত নিশা দুই বজা পৰ্যন্ত নাচি-বাগি হাজাৰ হাজাৰ ৰাইজ উৎফুল্ল হৈ থকা দেখিবলৈ পোৱা গৈছিল৷