দুলাল বৰা কুখ্যাত ব্লেকমেইলাৰ : অখিল
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ অক্টোবৰ : বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাৰ সন্দৰ্ভত এইবাৰ মুখ খুলিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ বিধায়ক অখিল গগৈয়ে বিজেপি নেতাৰ আত্মহত্যাৰ গোচৰত সোণাৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দুলাল বৰাক অসমৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত ব্লেকমেইলাৰ বুলি অভিযোগ কৰি চিৰদিনৰ বাবে অভিযুক্তজনক কাৰাগাৰত বন্দী কৰি ৰখাৰ বাবেও চৰকাৰক দাবী জনাইছে৷ অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুলাল বৰাৰ পৃষ্ঠপোষক বুলি অভিহিত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে দুলাল বৰাক আৰ টি আইৰ জৰিয়তে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে ব্যৱহাৰ কৰোৱা বিস্ফোৰক অভিযোগ কৰে৷ এই সন্দৰ্ভত অখিল গগৈয়ে বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘অসমৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত ব্লেকমেইলাৰজনেই হৈছে দুলাল বৰা৷ দুলাল বৰাৰ বৃত্তিয়েই হৈছে দালাল আৰু মানুহক ব্লেকমেইল কৰা৷ মানুহৰ পৰা পইচা তোলাই তেওঁৰ কাম৷ ব্লেকমেইল কৰি কোটি কোটি টকাৰ সম্পত্তি আহৰণ কৰিছে দুলাল বৰাই৷ কিন্তু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে দুলাল বৰাক পৃষ্ঠপোষকতা কৰি থাকে৷ চৰকাৰৰ পৃষ্ঠপোষকতাৰ বাবে আজি দুলাল বৰা বাছি আছে৷ কোনোবা এজন বিজেপি নেতাৰ বিৰুদ্ধে আন এজন বিজেপি নেতাই দুলাল বৰাক ব্যৱহাৰ কৰে৷ এজন ডিজিপিৰ বিৰুদ্ধে হ’বলগীয়া আন এজন ডিজিপিয়ে দুলাল বৰাক ব্যৱহাৰ কৰে৷
চৰকাৰী বিষয়াসকলেও এজনে আন এজনৰ বিৰুদ্ধে ব্লেকমেইল কৰিবলৈ দুলাল বৰাক ব্যৱহাৰ কৰে৷ আটাইতকৈ ডাঙৰ কথাটো হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে আকৌ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে দুলাল বৰাক ব্যৱহাৰ কৰিছিল৷ ইয়াৰ ফলস্বৰূপেই দুলাল বৰাৰ ব্লেকমেইলিঙত বহু মানুহ ধবংস হৈছে, বহুতে আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছে৷ আনকি বহুতক অৰ্থনৈতিকভাৱে সৰ্বস্বান্ত কৰি তুলিছে৷ মই ভাবো এনে ভয়ানক দালালবোৰক মানুহক যাতে পুনৰ ব্লেকমেইল কৰিব নোৱাৰে তাৰ বাবে চিৰকালৰ বাবে কাৰাগাৰত বন্দী কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ মুখ্যমন্ত্ৰীয়ে নিজেই দুলাল বৰাৰ লগত থকা সম্পৰ্ক নোহোৱা কৰিব লাগিব৷’ ইফালে, চুপাৰি ছিণ্ডিকেটৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে লগতে কয়– ‘অসমৰ চুপাৰি ট্ৰাক পাৰ কৰি দিয়া মূল মানুহটো হৈছে হৰেণ মহন্ত৷ হৰেণ মহন্ত কাৰ মানুহ, সকলোৱে জানে৷ মই মুখ্যমন্ত্ৰীক ক’ব বিচাৰিছোঁ– যদিহে আপুনি অসমত চুপাৰি ছিণ্ডিকেট বন্ধ কৰিব বিচাৰিছে তেনেহ’লে হৰেণ মহন্তক গ্ৰেপ্তাৰ কৰিলেই অসমত পিছদিনাৰ পৰা চুপাৰি ছিণ্ডিকেট বন্ধ হৈ যাব৷ প্ৰধানমন্ত্ৰীয়েও মুখ্যমন্ত্ৰীক চুপাৰি ছিণ্ডিকেট বন্ধ কৰিবলৈ কোৱা বুলি মই জানো৷