Logo
image

ৱাংছুকক আটক, ৰাম ৰহিমক মুক্তি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ অক্টোবৰ : জম্মু-কাশ্মীৰৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা থকা লাডাখৰ প্ৰতিবাদকাৰী সোনম ৱাংছুকক আৰক্ষীয়ে আটক কৰিছে আৰু নিৰ্বাচনমুখী হাৰিয়ানাত ১.২৫ লাখ সমৰ্থক থকা হত্যা তথা ধৰ্ষণৰ অপৰাধী ডেৰা সচ্ছা সৌডাৰ মুৰব্বী গুৰমীট ৰাম ৰহিমক হাৰিয়ানাৰ বিজেপি চৰকাৰে বুধবাৰে ২০ দিনৰ বাবে পেৰ’লত মুক্তি দিছে৷ হাৰিয়ানাৰ ৯০টা বিধানসভাৰ সমষ্টিত অহা ৫ অক্টোবৰত নিৰ্বাচন৷ নিজৰ আশ্ৰমত বিলাসী হোটেলৰ দৰে বাসভৱন নিৰ্মাণ কৰি সুন্দৰী ভক্তক যৌন নিৰ্যাতন চলোৱাৰ লগতে যৌন আহ্বানৰ প্ৰতি সঁহাৰি নজনোৱা মহিলা ভক্তক হত্যা কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাবাস খাটি আছে ৰাম ৰহিমে৷ যোৱা ৭ বছৰত তেওঁক চৰকাৰে ১৫ বাৰ পেৰ’লত মুক্তি দিছে আৰু তেওঁ ২৫৯ দিন মুকলি হৈ থকাৰ সুযোগ পাইছে৷ তাৎপৰ্যপূৰ্ণভাৱে ৰাম ৰহিম পেৰ’লত থকাৰ সময়ত ৰাজ্যখনত কোনো এটা নিৰ্বাচন অনুষ্ঠিত হয়৷ পূৰ্বে তেওঁক লোকসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰে পেৰ’লত মুক্তি দিছিল৷


এইবাৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি সংকটৰ সন্মুখীন হোৱাৰ সময়তে ৰাম ৰহিমৰ মুক্তিয়ে তাৎপৰ্য বহন কৰিছে৷ বিজেপিয়ে অৱশ্যে দাবী কৰিছে, কাৰাগাৰৰ ‘মেনুৱেল’ মতেই তেওঁ পেৰ’ল লাভ কৰিছে৷ কিন্তু বিৰোধী দলৰ দাবী পৃথক৷ হাৰিয়ানাৰ ছখন জিলা ক্ৰমে ফটেহাবাদ, কাইথল, কুৰুক্ষেত্ৰ, ছিৰুদা, কাৰ্ণাল আৰু হিছাৰত ৰাম ৰহিমৰ বিশাল সমৰ্থক আছে৷ এই ছখন জিলাৰ ২৬ টা বিধানসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলত ৰাম ৰহিমৰ সমৰ্থকে প্ৰভাৱ বিস্তাৰ কৰে৷ ৰাম ৰহিমৰ মুঠ সমৰ্থকৰ সংখ্যা ১.২৫ কোটিৰো অধিক৷ ইয়াৰ গৰিষ্ঠসংখ্যক এই ছখন জিলাৰ৷ আনকি ডেৰাৰ ৩৮ টা শাখাৰ ২১ টা শাখা এই ২৬ টা সমষ্টিতে আছে৷ সেয়ে হাৰিয়ানাৰ নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিবলৈকে ৰাজ্য বিজেপি চৰকাৰে হত্যা আৰু ধৰ্ষণৰ অপৰাধীক পেৰ’লত মুক্তি দিয়া বুলি বিৰোধী দলে দাবী কৰিছে৷ ইপিনে, লাডাখৰ লেহৰ পৰা নতুন দিল্লীৰ ৰাজঘাটলৈ পদযাত্ৰা কৰা লাডাখৰ প্ৰতিবাদী কণ্ঠ সোনম ৱাংছুকক দিল্লী আৰক্ষীয়ে আটক কৰিছে৷ লাডাখত ষষ্ঠ অনুসূচী প্ৰয়োগৰ দাবীত ৱাংছুকে কৰা যাত্ৰাই জম্মু-কাশ্মীৰত বিজেপিক অসুবিধাত পেলাব বুলি আশংকা কৰিয়েই অমিত শ্বাহৰ বাহিনীয়ে বিজেপিবিৰোধী ৱাংছুকক আটক কৰা বুলি অভিযোগ উঠিছে৷