ইলিছ খাওতে সাৱধান
ইলিছ বুলি ক’লে মাছপ্ৰিয় প্ৰায়ভাগৰেই জিভাৰ পানী পৰিবলৈ ধৰে৷ বিশেষকৈ, বঙালী সমাজত ইলিছ অতি প্ৰিয়৷ তাতে আকৌ যদি সেই ইলিছ পদ্মা নদীৰ হয়, তেন্তেতো কথাই নাই৷ কিন্তু পদ্মা নদীৰ বুলি কৈ বজাৰত বিক্ৰী হোৱা সেই ইলিছত যদি ফৰ্মেলিন দিয়া থাকে, তেন্তে জানিব যে ইলিছৰ লগত আপুনি খাই আছে বৰবিহ৷
উল্লেখ্য, ফৰ্মেলিন হৈছে এবিধ অতি বিষাক্ত পচনবিৰোধী ৰাসায়নিক৷ কাঠৰ বিভিন্ন আচবাব আৰু কাপোৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এইবিধ ৰাসায়নিক ব্যৱহাৰ কৰা হয়৷ তদুপৰি মৰ্গত মৃতদেহ সংৰক্ষণ কৰি ৰখাৰ বাবেও ব্যৱহাৰ হয় ফৰ্মেলিন৷
আন্তৰ্জাতিক কেন্সাৰ গৱেষণা প্ৰতিষ্ঠান তথা আমেৰিকাৰ খাদ্য আৰু ঔষধ নিয়ন্ত্ৰক সংস্থা উভয়ে ফৰ্মেলিনক মানৱ দেহৰ অতি ক্ষতিকাৰক ৰাসায়নিক হিচাপে ঘোষণা কৰিছে৷ কিন্তু সেই ফৰ্মেলিন এতিয়া ব্যৱহাৰ হৈ আছে মাছত৷ মাছ বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিবলৈ ফৰ্মেলিন ব্যৱহাৰেৰে বৰফত ৰাখি থোৱা হয়৷
ফৰ্মেলিনে মানৱ দেহত শ্ল’পয়জনৰ দৰে কাম কৰে৷ মানুহৰ দেহত এই বিষাক্ত ৰসায়নিকবিধ প্ৰৱেশ কৰিলেই চকুত অতিৰিক্ত পানী জমা হ’বলৈ ধৰে৷ তদুপৰি কাঁহ, শ্বাসকষ্ট, বমিভাৱ, ছালত জ্বলা-পোৰা কৰাৰ লগতে বিভিন্ন সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ আনকি এটা সময়ত নিউম’নিয়া আৰু ব্ৰংকাইটিছৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হ’বলগীয়া হয়৷
এনেক্ষেত্ৰত স্বাভাৱিকতে প্ৰশ্ন হয়– বজাৰত ফৰ্মেলিন দিয়া মাছ কেনেদৰে চিনিব?
১) বিশেষজ্ঞসকলৰ মতে ফৰ্মেলিন দিয়া মাছবোৰ সাধাৰণতে টান হয়৷
২) আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে ফৰ্মেলিন দিয়া মাছত কেতিয়াও মাখি নপৰে৷
৩) গতিকে বজাৰত সোৱাদৰ ইলিছ মাছটো কিনোতে এইকেইটা বিষয়ত গুৰুত্ব দিয়ক–
৪) মনত ৰাখিব ফৰ্মেলিন দিয়া মাছৰ ফুল স্বাভাৱিকৰ তুলনাত অতিপাত ৰঙা হয়৷ লগতে চুলে ৰবৰৰ দৰে অনুভৱ হয়৷
৫) ফৰ্মেলিন দিয়া ইলিছত আঙুলি দিলেই সেই অংশত গাঁতৰ সৃষ্টি হয়৷ এনেকুৱা হ’লে সেই ইলিছ কিনাৰ পৰা বিৰত থাকক৷