ৰাজ্যত লটাৰী নিষিদ্ধ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ অক্টোবৰ : অনলাইন-অফলাইন বিভিন্ন লটাৰীত পুৰষ্কাৰ লাভৰ আশাত গাঁঠিৰ ধনেৰে টিকট ক্ৰয় কৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে বিভিন্নজন৷ অবৈধভাৱে অনুষ্ঠিত লটাৰীয়ে বহুতৰ পৰিয়াললৈ কাল অমানিশা নমাই অনাৰ পাছত এইবাৰ সকলো ধৰণৰ লটাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে গুৱাহাটী উচ্ছ ন্যায়ালয়৷ এটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৰাজ্যত সম্পূৰ্ণৰূপে লটাৰী নিষিদ্ধ ঘোষণা কৰিছে৷ অফলাইন-অনলাইন লটাৰী নিষিদ্ধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক এসপ্তাহৰ ভিতৰত জাননী জাৰি কৰিবলৈকো কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ এন উন্নি কৃষ্ণন নায়াৰৰ খণ্ড বিচাৰপীঠে৷ উল্লেখ্য, ৰাজ্যত চলি থকা অবৈধ লটাৰীক লৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰুজু হোৱা পি আই এল ২৯/২০২৪ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰটোৰ বৃহস্পতিবাৰৰ শুনানিত ‘আদালতৰ বন্ধু’ হিচাপে নিযুক্তি দিয়া এইচ কে দাসে বিচাৰপীঠক অৱগত কৰে যে লটাৰী (নিয়ন্ত্ৰণ) আইন ১৯৯৮ আৰু লটাৰী (নিয়ন্ত্ৰণ) নিয়ম ২০১০ অনুসৰি কেৱল ৰাজ্য চৰকাৰেহে লটাৰীৰ আয়োজন কৰিব পাৰে৷ কিন্তু সেয়াও কিছু নিয়ম আৰু চৰ্তত৷ বহু ক্ষেত্ৰত লটাৰীৰ আয়োজকসকলে অনুমতি বিচাৰি সংশ্লিষ্ট জিলা আয়ুক্তৰ ওচৰত আবেদন দাখিল কৰে৷ একাংশ জিলা আয়ুক্তই কোনো কতৃৰ্ত্ব অবিহনে উক্ত লটাৰীৰ অনুমতি প্ৰদান কৰা দেখা গৈছে৷ ৰাজ্যত বৰ্তমান উৎসৱৰ সময় আৰম্ভ হোৱাত অসমৰ বিভিন্ন স্থানত অফ লাইন-অনলাইন লটাৰী অনুষ্ঠিত হোৱাৰ আশংকা ব্যক্ত কৰি ন্যায়ালয়ক কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ প্ৰয়োজনীয়তা দোহাৰে জ্যেষ্ঠ অধিবক্তাজনে৷ যাতে ৰাজ্যৰ দৰিদ্ৰ লোকসকলে এনে অফলাইন-অনলাইন লটাৰীৰ আয়োজকৰ প্ৰতাৰণাৰ বলি নহয়৷ গোচৰটোৰ শুনানিত ৰাজ্য চৰকাৰৰ অতিৰিক্ত জ্যেষ্ঠ অধিবক্তা আৰ কে বৰাই লটাৰীৰ সন্দৰ্ভত গোচৰটোত পক্ষ কৰা জিলা আয়ুক্তসকলৰ ভিতৰত ২৫ জনৰ পৰা সঁহাৰি লাভ কৰা আৰু আটাইকেইজন জিলা আয়ুক্তই কোনো লটাৰীৰ অনুমতি প্ৰদান নকৰাৰ বিষয়টোকো আদালতৰ দৃষ্টি গোচৰ কৰে৷
অৱশ্যে এই গোচৰটোত ৰাজ্য চৰকাৰক লটাৰীক লৈ স্থিতি স্পষ্ট কৰাৰ বাবে পূৰ্বৰ শুনানিতে নিৰ্দেশ দিয়াৰ পাছতো কোনো শপতনামা দাখিল নকৰা বিষয়টোকো আঙুলিয়াই দিয়ে৷ খণ্ড বিচাৰপীঠখনে এই সন্দৰ্ভত অফলাইন আৰু অনলাইন লটাৰীৰ উদ্যোক্তাসকলৰ ক্ষেত্ৰত কিদৰে মোকাবিলা কৰাৰ ব্যৱস্থা লৈছে সেই সন্দৰ্ভত ছয় সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷ তদুপৰি ন্যায়ালয়ে কয়–ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অফলাইন-অনলাইন লটাৰী আয়োজনৰ কোনো ব্যক্তি বা সংস্থাকে অনুমতি নিদিবলৈ নিৰ্দেশনা জাৰি কৰিব লাগিব৷ যদিহে এনে কোনো অফলাইন-অনলাইন লটাৰী অবৈধভাৱে আয়োজন কৰা দেখা পায়, তেনে ক্ষেত্ৰত উদ্যোক্তা ব্যক্তি বা অনুষ্ঠানৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ লটাৰী নিষিদ্ধ কৰণৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে এসপ্তাহৰ ভিতৰত প্ৰয়োজনীয় জাননী জাৰি কৰিব লাগিব বুলিও বৃহস্পতিবাৰৰ শুনানিত স্পষ্ট কৰি দিয়ে মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে৷ এই গোচৰটো ছয় সপ্তাহৰ পাছত তালিকাভুক্ত কৰাৰ বাবেও আদালতে নিৰ্দেশ দিয়ে৷ স্বাভাৱিকতেই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ এই কঠোৰ নিৰ্দেশনাৰ পাছতেই ৰাজ্যজুৰি হাহাকাৰ লাগিছে লটাৰী উদ্যোক্তাসকলৰ৷ কিয়নো নামনি অসমৰ কেইবাখনো ৰাস সমিতিয়ে উপহাৰ কুপনৰ নাম দি প্ৰতিবছৰে লাখটকীয়া লটাৰী আয়োজন কৰি আহিছে৷ এনে লটাৰী আয়োজন সমিতিৰ সভাপতি বা বিষয়ববীয়াৰ দায়িত্বত খোদ জিলা আয়ুক্তকো থকা দেখা যায়৷ ৰাস কমিটীসমূহৰ লগতে দীপাৱলীক কেন্দ্ৰ কৰি ৰাজ্যত বৃহৎ লটাৰী আয়োজন কৰা উদ্যোক্তাসকলে ইতিমধ্যে বেংকৰ ঋণ লৈ লটাৰীৰ নামত বিলাসী বাহন ক্ৰয় কৰিছে৷ এনে অবৈধ লটাৰীসমূহৰ বিভিন্ন তথাকথিত ইউটিউবাৰ, প’ডকাষ্টাৰে সামাজিক মাধ্যমত প্ৰচাৰ চলাই অহাও দেখা গৈছে৷ এতিয়া এনে অবৈধ লটাৰীসমূহৰ বিৰুদ্ধে কিবা প্ৰশাসনে ব্যৱস্থা ল’ব নেকি, সেয়া সময়েহে ক’ব৷ ইফালে গুৱাহাটী উচ্ছ ন্যায়ালয়ে সকলো ধৰণৰ লটাৰী নিষিদ্ধ ঘোষণা কৰাত স্বাভাৱিকতেই অসমত অনলাইন প্লেটফৰ্মত চলি থকা বিভিন্ন লটাৰীসমূহো বন্ধ হৈ পৰাটো নিশ্চিত হৈ পৰিল৷ অৱশ্যে, দেশৰ এজন প্ৰভাৱশালী ৰাজনীতিকৰ পুত্ৰই অসম তথা দেশৰ বিভিন্ন ৰাজ্যত আৰম্ভ কৰা বিশেষ এবিধ অনলাইন লটাৰী তথা জুৱাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ স্থিতি কি হ’ব সেয়াও সময়তহে স্পষ্ট হ’ব৷