মাজুলীৰ বিড়ম্বনা, দলঙৰ বাবে নতুনকৈ আহ্বান কৰা হ’ব নিবিদা
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ অক্টোবৰ : এমাহে নিৰ্মাণ কাৰ্য বন্ধ হৈ থকা ব্ৰহ্মপুত্ৰৰ ওপৰৰ যোৰহাট-মাজুলী দলঙৰ বাবে পুনৰ নিবিদা আহ্বান কৰা হ’ব৷ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীৰ উদ্ধৃতি দি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে৷ আজি দিল্লী বিমান বন্দৰত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী গাডকাৰীৰ সৈতে মুখ্যমন্ত্ৰী ড॰ শৰ্মা মিলিত হয় আৰু এই সাক্ষাৎ কালত মুখ্যমন্ত্ৰীজনে মাজুলী দলঙৰ বিষয়টো উত্থাপন কৰা বুলি সামাজিক মাধ্যমত ৰাজহুৱা কৰে৷ এই আলোচনা কালত কেন্দ্ৰীয় মন্ত্ৰীজনে নিজেই মাজুলী দলঙৰ বিষয়টো চোৱা-চিতা কৰা বুলি উল্লেখ কৰি কয় যে পূৰ্বৰ ঠিকাদাৰে দলংখন নিৰ্মাণৰ বাবে অনিচ্ছা প্ৰকাশ কৰিছে৷ সেয়ে নতুনকৈ নিবিদা আহ্বান কৰা হ’ব আৰু ইয়াৰ বাবে সোনকালেই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ উল্লেখ্য, ৫ ছেপ্টেম্বৰৰ পৰা মাজুলী দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে৷ সেয়ে ২৬ ছেপ্টেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী মাজুলীৰ বিড়ম্বনা, দলঙৰ গাডকাড়ীলৈ লিখা এখন পত্ৰত যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ থকাত উদ্বেগ প্ৰকাশ কৰিছিল৷ উল্লেখ্য, লক্ষ্ণৌৰ ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচন লিমিটেডে মাজুলী দলং নিৰ্মাণৰ ঠিকা লৈছিল৷ কিন্তু উত্তৰ প্ৰদেশৰ চৰকাৰী প্ৰতিষ্ঠানটোৱে নিজে দলং নিৰ্মাণ নকৰি দুলীয়াজানৰ বদ্ৰী ৰায় কনষ্ট্ৰাকচনক উপ ঠিকা প্ৰদান কৰিছিল৷
সেই মৰ্মে বদ্ৰী ৰায় কনষ্ট্ৰাকচনে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল৷ সূত্ৰ অনুসৰি বদ্ৰী ৰায় কনষ্ট্ৰাকচনে প্ৰায় ১৯৬ কোটি টকাৰ কাম সম্পাদন কৰাৰ বিপৰীতে ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচনে ১৯৪ কোটি টকা চৰকাৰৰ পৰা উলিয়াই নিয়ে৷ বদ্ৰী ৰায় কনষ্ট্ৰাকচনক এই ধনৰাশি প্ৰদান কৰা বুলিও জানিব পৰা গৈছে৷ কিন্তু দলং নিৰ্মাণৰ পৰৱৰ্তী কাম আগুৱাই নিয়াৰ ক্ষেত্ৰত ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচন আৰু বদ্ৰী ৰায় কনষ্ট্ৰাকচনৰ মাজত ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে সংঘাত আৰম্ভ হয়৷ সেয়েহে ৫ ছেপ্টেম্বৰৰ পৰা বদ্ৰী ৰায় কনষ্ট্ৰাকচনে নিৰ্মাণ কাৰ্য বন্ধ কৰি মাজুলী ত্যাগ কৰে৷ ফলত এমাহ ধৰি দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে৷ এই নিৰ্মাণ কাৰ্য বন্ধ হৈ থকাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়েও উদ্বেগ প্ৰকাশ কৰি ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ২০২৫ চনৰ ডিচেম্বৰ মাহত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অন্তঃকন্দলৰ বাবে এই কাম পিছুৱাই যোৱাটো নিশ্চিত হৈ পৰিছে৷ নতুনকৈ নিবিদা আহ্বান কৰি পুনৰ কাম আৰম্ভ কৰালৈ এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিব লাগিব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ ইফালে ধান পকে মানে টুনীৰ মৰণ বুলি মাজুলীবাসীয়ে মন্তব্য কৰিছে৷