Logo
image

সপ্তাহটোত দ্বিতীয়বাৰৰ বাবে ৭৫০ কোটি টকা ঋণ ল’ব দিছপুৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ অক্টোবৰ : হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত আঁচনিৰ ওপৰত আঁচনি ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঠিকাদাৰক প্ৰাপ্য বিলৰ ধন মোকলাই দিব নোৱৰাত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ককৰ্থনাৰো সন্মুখীন হৈছে৷ অৱশ্যে ন্যায়ালয়ৰ তীব্ৰ ককৰ্থনাৰ মাজতে পুনৰ বাৰ ৰাজ্য চৰকাৰে ৰাজহ ঘাটি জোৰা মৰাৰ বাবে ঋণ লোৱাৰ বাবে সাজু হৈছে৷ চলিত অক্টোবৰত এটা সপ্তাহতে দ্বিতীয়বাৰলৈ ৭৫০ কোটি টকা ঋণ ল’ব ৰাজ্য চৰকাৰে৷ অহা ৮ অক্টোবৰত ৰিজাৰ্ভ বেংকৰ প্ৰতিভূতি জমা বিক্ৰী অৰ্থাৎ চিকিউৰিটী নিলাম কৰি ৭৫০ কোটি টকা ঋণ লোৱাৰ কথা সদৰী কৰিছে বিত্ত বিভাগে৷ বিত্ত বিভাগৰ সচিব দিলীপ কুমাৰ বৰাই বৃহস্পতিবাৰে ৰিজাৰ্ভ বেংকৰা চিকিউৰিটী নিলামৰ কথা প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে৷ লক্ষণীয়ভাৱে ৰাজ্য চৰকাৰে বিগত ইয়াৰ পূৰ্বে ১৭ অক্টোবৰত ৭৫০ কোটি টকা ঋণ লৈছিল৷ সম্প্ৰতি ৰাজ্য চৰকাৰৰ ধাৰৰ পৰিমাণ ১ লাখ ৫৭ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে৷


চৰকাৰে বিগত ১৭ ছেপ্টেম্বৰতো ৫০০ কোটি টকা ঋণ লৈছিল৷ তদুপৰি ২৪ ছেপ্টেম্বৰতো অতিৰিক্ত ২৫০ কোটি টকা ঋণ লৈছিল অসম চৰকাৰে৷ ইফালে বিৰোধীয়ে অভিযোগ কৰা অনুসৰি অসম চৰকাৰে চলিত বৰ্ষত কেৱল হিতাধিকাৰী আঁচনিৰ নামতে প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয় কৰিব৷ ইয়াৰ ভিতৰত সৰ্বাধিক ৫,২০০ কোটি টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নামত ব্যয় কৰিব৷ তদুপৰি উদ্যমিতা অভিযান আঁচনিৰ বাবদ ৩ হাজাৰ কোটি টকা আৰু আত্মনিৰ্ভৰ অভিযানৰ নামতো অতিৰিক্ত ১০১০ কোটি টকা ব্যয় কৰিব৷ ইয়াৰোপৰি বিহু, পূজা, ভাওনাৰ সাহাৰ্যৰ নামতো ৩০০-৩৫০ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰিছে চৰকাৰে৷