Logo
image

চিবিআইৰ হাতত তুলি দিয়া হ’ল ট্ৰেডিং কেলেংকাৰিৰ নথি-পত্ৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ অক্টোবৰ : অৱশেষত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইৰ হাতত তুলি দিয়া হ’ল ৰাজ্যৰ ট্ৰেডিং কেলেংকাৰিৰ সমস্ত নথি-পত্ৰ৷ অনলাইন ট্ৰেডিঙৰ নামত একাংশই প্ৰৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ পাছত সাৰ পোৱা গৃহ বিভাগে ট্ৰেডিং কেলেংকাৰিৰ ৩২টা গোচৰ চিবিআইক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠকত ট্ৰেডিং কেলেংকাৰিৰ গোচৰৰ তদন্তৰ দায়িত্ব অসম আৰক্ষীৰ পৰা চিবিআইলৈ হস্তান্তৰৰ এই সিদ্ধান্ত লৈছিল৷ উক্ত সিদ্ধান্তৰ ভিত্তিতে গৃহ বিভাগে প্ৰেৰণ কৰা পত্ৰৰ সঁহাৰি দিছে চিবিআয়ে৷ ইতিমধ্যে চিবিআইৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ে ট্ৰেডিং কেলেংকাৰিৰ প্ৰতিটোৰ গোচৰৰে নথি-পত্ৰ সংগ্ৰহ কৰিছে৷ সম্ভৱত কম সময়ৰ ভিতৰতে চিবিআইৰ গুৱাহাটীস্থ কাৰ্যালয়ে ট্ৰেডিং কেলেংকাৰিৰ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিব৷ লক্ষণীয়ভাৱে স্মাৰ্ট অসম আৰক্ষীয়ে ৭০০ কোটি টকা আত্মসাৎ কৰি পলায়ন কৰা ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনক আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাস, বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰাক বাৰে বাৰে কাৰাগাৰৰ পৰা আৰক্ষী, চিআইডিয়ে জিম্মাত লৈ জেৰা অব্যাহত ৰখা দেখা গৈছে৷ ডিব্ৰুগড় থানাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰা, স্বামী তাৰ্কিক বৰা আৰু পাতি লোৱা ভায়েক বিশাল ফুকনক জিম্মাত লৈ জেৰা কৰাৰ পাছত পুনৰ দ্বিতীয় এটা গোচৰত গ্ৰেপ্তাৰ কৰি জিম্মাত লৈ জেৰা কৰাও দেখা গ’ল৷

কিন্তু চুমি বৰা বা বিশাল ফুকনে কোটি কোটি টকা আত্মসাৎ কৰা বুলি ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে নিজাকৈ এফ আই আৰ দাখিল কৰিছিল যদিও আজিও অভিযুক্তকেইজনৰ পৰা কোনো টকা জব্দ কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে দিছপুৰ আৰক্ষীয়ে ছেবিৰ গাইড লাইন উলংঘনেৰে ট্ৰেডিং প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে বিভিন্নজনক প্ৰৱঞ্চনাৰে লুণ্ঠন চলোৱাৰ অভিযোগত স্বপ্ননীল দাস নামৰ শিৱসাগৰৰ যুৱকজনকো গ্ৰেপ্তাৰ কৰি দুবাৰকৈ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে৷ আনহাতে ডিব্ৰুগড় আৰক্ষীয়ে ট্ৰেডিং এফ এক্সৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ গোচৰত প্ৰৱঞ্চক ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰিছে৷ চুমি, বিশাল, স্বপ্ননীল, ৰঞ্জিত এই সকলো প্ৰৱঞ্চকৰ বিৰুদ্ধে এতিয়া চি বি আয়ে তদন্ত কৰাটো নিশ্চিত হৈ পৰিছে৷ অৱশ্যে চি বি আইৰ তদন্তৰ অন্তত কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰি হাবাথুৰি খোৱা ভুক্তভোগীসকলে প্ৰাপ্য ধন ঘূৰাই পাবলৈ সক্ষম হ’ব নে, সেয়া সময়েহে ক’ব৷