Logo
image

পাকিস্তানলৈ যাব বৈদেশিক মন্ত্ৰী জয়শংকৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫ অক্টোবৰ : পাকিস্তানত অহা ১৫-১৬ অক্টোবৰত আয়োজিত ছাংহাই ক’অপাৰেচন অৰ্গেনাইজেচনৰ শীৰ্ষ সন্মিলনত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে অংশগ্ৰহণ কৰিব৷ শুকুৰবাৰে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে এই কথা প্ৰকাশ কৰিছে৷ জয়শংকৰৰ সৈতে সন্মিলনত ভাৰতীয় বিষয়াৰ এটা দলো উপস্থিত থাকিব৷


সম্প্ৰতি ছাংহাই ক’অপাৰেচনৰ অধ্যক্ষ পাকিস্তান৷ ২০০১ চনত ৰাছিয়াৰ অধ্যক্ষতাত এই  সংগঠন গঠন কৰা হৈছিল য’ত চীন, কিৰগিজ প্ৰজাতন্ত্ৰ, কাজাখস্তান, তাজিকিস্তান আৰু উজবেকিস্তান সদস্য আছিল৷ ভাৰত আৰু পাকিস্তান ২০১৭ চনত এই সংগঠনৰ সদস্য হয়৷ ২০২৩ চনত ভাৰতে আয়োজন কৰা সন্মিলনত ইৰাণো এছ চি অ’ৰ সদস্য হয়৷ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ শীৰ্ষ সন্মিলনে অধিক গুৰুত্ব লাভ কৰিছে৷ ঘাইকৈ ইজৰাইলৰ যুদ্ধৰ বিৰোধিতা কৰি থকা ৰাছিয়া, চীনৰ সবল উপস্থিতিৰ উপৰি ইৰাণৰ আগমণে এইবাৰৰ এছ চি অ’ সন্মিলনৰ গুৰুত্ব অস্বাভাবিকভাৱে বঢ়াই তুলিছে৷