এখন চৰকাৰৰ জনপ্ৰিয়তা
গণতান্ত্ৰিক শাসন ব্যৱস্থাত এখন চৰকাৰৰ জনপ্ৰিয়তা নিৰ্ধাৰণ কৰে চৰকাৰৰ কৰ্ম-কাণ্ডই৷ ভাৰতৰ বিভিন্ন ৰাজ্যত সময়ে সময়ে চৰকাৰ সলনি হোৱাৰ অনেক ৰাজনৈতিক পৰিস্থিতিৰ অভিজ্ঞতা আছে নাগৰিকৰ৷ প্ৰশ্নটো হৈছে পাঁচটা বছৰৰ বাবে ক্ষমতালৈ অহা এখন চৰকাৰৰ জনপ্ৰিয়তা হঠাতে কিয় হ্ৰাস পায়? পাঁচটা বৰ্ষৰ পৰিকল্পনা ৰূপায়ণ কৰিবলৈ যোৱাৰ পূৰ্বেই সলনি হয় বহুতো চৰকাৰ৷ ২০২১ চনত দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমত স্থাপন হোৱা বিজেপি নেতৃত্বাধীন সন্মিলিত চৰকাৰখনৰ জনপ্ৰিয়তা হঠাতে হ্ৰাস পোৱাটো অনুভৱ কৰিছে ৰাজ্যৰ বৌদ্ধিক মহলে৷ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই অসমীয়াক ভূমিৰ অধিকাৰ দিবলৈ প্ৰয়াস কৰা ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পথটো যেন হৈ পৰিছে খলা-বমা৷ এক লাখৰ অধিক নিবনুৱাক চৰকাৰী চাকৰিত মকৰল কৰা, মহিলাৰ আত্মসহায়ক গোটৰ ঋণ ৰেহাই, প্ৰায় ১.৭ কোটি নাগৰিকলৈ বিনামূলীয়া চাউল, প্ৰায় পঞ্চাশ লাখ মহিলালৈ ১২৫০ টকীয়া অৰুণোদয় আঁচনি, কন্যা শিশুৰ বাবে নিযুত মইনা আঁচনি, ছাত্ৰ-ছাত্ৰীলৈ স্কুটী, চাইকেলৰ বিতৰণ, চৰকাৰী ভূমিৰ পৰা বে-দখলকাৰীক উচ্চেদ ইত্যাদি কৰ্মৰ দ্বাৰাও যেন সুৰক্ষিত নহয় বৰ্তমানৰ চৰকাৰ৷২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিৰাজ কৰা আশাৰ পৰিৱেশটো যেন আজি অন্তৰ্ধান হৈছে অসমৰ পৰা৷ এখন চৰকাৰৰ কাৰ্যদক্ষতা বিশ্লেষণ অতীতত বাতৰি কাকত বা টেলিভিশ্বনৰ পৰ্দাত হৈছিল যদিও বৰ্তমান শক্তিশালী ৰূপত থকা সামাজিক মাধ্যমত প্ৰতি মুহূৰ্ততে চৰ্চিত হয় চৰকাৰৰ সফলতা আৰু ব্যৰ্থতাৰ কথাবোৰ৷ ৰাজহুৱা সভাত এটা মাত মাতিবলৈ সংকোচ কৰা ব্যক্তিয়েও সামাজিক মাধ্যমত কথা, গীত আদিৰ জৰিয়তে চৰকাৰৰ ব্যৰ্থতাখিনি গাব পৰা হৈছে৷ বৰ্তমান অসমৰ জনগাঁঠনিৰ প্ৰতি দৃষ্টি দিলে দেখা যায় এখন স্পষ্ট ছবি৷ অসমৰ মুঠ জনসংখ্যাৰ ভিতৰত ৩৫ শতাংশ নাগৰিক ইছলাম ধৰ্মৰ৷ এখন গণতান্ত্ৰিক চৰকাৰৰ অধীনত থকা প্ৰতিটো ধৰ্মৰ নাগৰিকৰ বাবে মুখ্যমন্ত্ৰী পদটো হৈছে আদৰৰ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিগত বিধানসভাত মিঞা মুছলমানৰ প্ৰতি কৰা কিছু তিৰ্যক মন্তব্যই নিশ্চিতভাৱে হ্ৰাস কৰিছে মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা৷ কথাই কথাই মিঞাৰ ভোট নালাগে, মিঞামুক্ত অসম আদি বাক্য উচ্ছাৰণ কৰা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাজ্যত হিন্দু-মুছলমানৰ পৰম্পৰাগত একতাৰ সম্পৰ্কটোৰ প্ৰতি কৰা অৱজ্ঞাৰ বাবেই হয়তো চৰকাৰৰ জনপ্ৰিয়তা হ্ৰাস কৰিছে অসমত৷ অসমত নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে লোৱা পদক্ষেপবোৰ যদিও আদৰণীয়, তথাপিও অসমত বাস কৰি থকা বত্ৰিশ লাখ শিক্ষিত নিবনুৱাই আজি নিৰাশাৰ মাজত দিন কটাইছে৷ ৰাজ্যত সেৱাখণ্ডৰ বিকাশৰ গতি শামুকীয়া৷ টাটা কোম্পানীৰ এটা ছেমিকণ্ডাক্টৰ উৎপাদন কৰা ফেক্টৰী বা আদানিৰ দ্বাৰা স্থাপন কৰিব লগা এটা বৃহৎ চিমেণ্ট ফেক্টৰীয়ে সংস্থাপন দিব পৰা দিনলৈ কেনেকৈ অপেক্ষা কৰিব অসমীয়া নিবনুৱা সকলে? ৰাজ্যৰ জনসাধাৰণৰ অগোচৰত প্ৰতিটো মাহতে চৰকাৰে লোৱা ঋণৰ বাবেও সুখী নহয় নাগৰিক৷ ঋণ লৈ পোৱা ধনেৰে চৰকাৰে যেতিয়া দৈনন্দিনৰ ব্যয় (চলিত ব্যয়) কৰিব আৰু মূলধনী ব্যয় হ্ৰাস কৰিব তাৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব জনজীৱনত৷ বিত্তীয় ঘাটি পূৰণৰ বাবে কৰ-কাটল আৰোপ কৰা আৰু অধিক ঋণ লোৱা এখন চৰকাৰে নিশ্চিতভাৱে হেৰুৱায় জনপ্ৰিয়তা৷ ৰাজ্য চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলেই হৈছে চৰকাৰৰ একমাত্ৰ চালিকা শক্তি৷ নিয়মিত দৰমহা, পদোন্নতি, কৰ্মৰ স্থানত সন্মান আদিৰ ওপৰত নিৰ্ভৰ কৰে কৰ্মচাৰীৰ সন্তুষ্টি৷ অসমত চৰকাৰী কৰ্মচাৰীসকলৰ মাজত আজি প্ৰধান সমস্যা হৈছে প্ৰাপ্য পদোন্নতি সময়ত নোপোৱা৷ চৰকাৰী নিগম-নিকায় সমূহৰ কৰ্মচাৰীসকলে দৰমহা নিয়মিতভাৱে লাভ নকৰে৷ লোকচানৰ গৰাহত থকা অসম ৰাজ্যিক পৰিবহন নিগম, অসম চাহ নিগম বন্ধ হোৱাৰ পথত৷ নীতি বহিৰ্ভুতভাৱে একাংশ কৰ্মচাৰীক পদোন্নতি দিয়া, অৱসৰৰ কাৰ্যকাল বৃদ্ধি কৰা, নাগৰিকৰ দৃষ্টিত বেয়া বিষয়াক সুৰক্ষা দিয়া, ৰাজনৈতিক নেতাৰ দাবীত ভাল বিষয়া-কৰ্মচাৰীৰ নিশাটোৰ ভিতৰতে বদলি কৰা ইত্যাদি কাৰণত যেন জনপ্ৰিয়তা হ্ৰাস পাইছে বৰ্তমান চৰকাৰৰ৷
গুৰুত্বপূৰ্ণ কথাটো হৈছে যে জনসাধাৰণৰ নখদৰ্পণত থাকে জনপ্ৰতিনিধিৰ চালচলন৷ ভূমিকা পালনত মুখ্যমন্ত্ৰীৰে থকা সু-সম্পৰ্কক দোহাই দি ব্যক্তিগত ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰ ঘটোৱা বহুতো জনপ্ৰতিনিধিৰ বাবেও হ্ৰাস পাইছে চৰকাৰৰ জনপ্ৰিয়তা৷ বৰ্তমান শাসকীয় দলৰ একাংশ প্ৰতিনিধি আৰু সাধাৰণ নাগৰিকৰ মাজৰ ব্যৱধান বৃদ্ধি পোৱা দেখা পোৱা গৈছিল বিগত লোকসভা নিৰ্বাচনৰ ফলাফলত৷ পৰিতাপৰ কথা যে অসমৰ মন্ত্ৰীসকল যেন তেওঁলোকৰ সমষ্টিৰ ভোটাৰৰহে মন্ত্ৰী তেনে এক পৰিৱেশ পৰিস্থিতি বিৰাজ কৰিছে৷ মন্ত্ৰী হোৱাৰ সুযোগতে সকলো চৰকাৰী সুবিধা নিজৰ সমষ্টিলৈ কঢ়িয়াই অনা বা আন সমষ্টিৰ দাবীৰ প্ৰতি অসংবেদনশীল আচৰণ কৰা মন্ত্ৰীৰ বাবেও জনপ্ৰিয়তা হ্ৰাস পাইছে ৰাজ্য চৰকাৰৰ৷ এখন দুন¹তিমুক্ত চৰকাৰ স্থাপন কৰি নাগৰিকক উপকৃত কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া এই চৰকাৰে কেইজনমান কৰ্মচাৰীক ঘোচ লোৱা অৱস্থাতেই হাতে-লোটে ধৰি সামাজিক মাধ্যমত ফটো প্ৰকাশ কৰিলে যদিও হ্ৰাস পালেনে চৰকাৰী কাৰ্যালয়ত সংঘটিত দুন¹তিবোৰ? প্ৰকৃততে ঘোচ খোৱাৰ পন্থাবোৰহে সলনি হ’ল, কিন্তু সলনি নহ’ল দুন¹তিৰ বজাৰখনৰ৷ ৰাজ্যৰ বজাৰত আজি এক হাহাকাৰ পৰিস্থিতি, বস্তুৰ দৰ নিয়ন্ত্ৰণত নাই চৰকাৰৰ সদিচ্চা৷ ৰাজ্যৰ খাদ্য আৰু যোগানমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰিলে মানুহে ভাবিব লাগে– কোন বাৰু? ৰাজ্যৰ বিভিন্ন বিভাগত সৰু-সুৰা ঠিকা কৰি পৰিয়াল চলাই থকা প্ৰায় ২৫০০০ ঠিকাদাৰ নাইকিয়া হৈ গ’ল৷ ঠিকাবোৰ আজিকালি পেকেজত আহে আৰু মূল্য হয় হাজাৰ কোটি৷ হিন্দী বলয়ৰ পৰা আহি আজি অসম নিৰ্মাণত জড়িত নাহাটা, আগৰৱালা উপাধিৰ ধনী ঠিকাদাৰৰ অধীনত মাটি, বালি যোগান ধৰি পেটে-ভাতে খাই আছে অসমৰ ঠিকাদাৰে৷ পথৰ ওপৰত টোলগেইট খুলি চৰকাৰে কৰ আদায় কৰে অথচ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা গাঁতকেইটা পুতিবলৈ ধনৰ অভাৱ৷ এনেবোৰ কাৰণতেই হয়তো জনপ্ৰিয়তা হ্ৰাস পাই এখন গণতান্ত্ৰিক চৰকাৰৰ৷