খালী পেটত গজালি ওলোৱা মগু খাওক
পুৱাই উঠি কি খায়? বহুতে কয় চাহ বা কফি৷ আন কিছুমানে আকৌ কয় একো নাখাও বুলি৷ কিন্তু পুষ্টি বিশেষজ্ঞসকলৰ মতে পুৱাই উঠি খালী পেটে থকাটো উচিত নহয়৷ বৰঞ্চ প্ৰ’টিন, কাৰ্ব-হাইড্ৰেট আৰু স্বাস্থ্যকৰ খাদ্য খোৱা উচিত৷ পুৱাই উঠি যদি তিয়াই ৰখা এমুঠি মগু বা গাজীমগু খাব পৰা যায়, তেন্তে স্বাস্থ্যৰ বাবে সেয়া উপকাৰী৷ উল্লেখ কৰা হ’ল পুৱাই গাজীমগু খালে পোৱা উপকাৰিতাসমূহ–
১) যিসকল নিৰামিষ ভোজী তেওঁলোকে পুৱাই তিয়াই ৰখা মগু বা গাজীখালে উপকাৰ পাব পাৰে৷ এই অভ্যাসে পেশী মজবুত কৰে আৰু কোষ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷
২) মগুত ভিটামিন ‘বি’, আইৰন আৰু মেগনেছিয়াম থাকে৷ যিসকলে নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰে, তেওঁলোকে শৰীৰ চৰ্চাৰ পাছত তিয়াই ৰখা মগু খাব৷ মগুৱে ক্লান্তি দূৰ কৰাত সহায় কৰে৷
৩) দাইলত থকা প্ৰ’টিনে বহু সময়ত হজমত সমস্যাৰ সৃষ্টি কৰে৷ কিন্তু মগুৱে এনে সমস্যা নকৰে৷ ইয়াত থকা ফাইবাৰে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে৷ তদুপৰি মগু খালে স্বাস্থ্য ভালে থাকে, গেছ আৰু পেট ফুলা সমস্যা ৰোধ কৰে৷
৪) ওজন কমাবলৈ যিসকলে ডায়েট মানিব লগা হয়, তেওঁলোকে নিয়মীয়াকৈ তিয়াই ৰখা মগু বা গাজীমগু খাব পাৰে৷ মগুত ফাইবাৰৰ পৰিমাণ বেছি৷ ফলত বহু সময় ধৰি পেট ভৰ্তি হৈ থাকে৷ এনে অৱস্থাত ভোক নালাগে৷ ফলত যি-টি খাদ্য খোৱাৰ আগ্ৰহ নজন্মে৷ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয়৷
৫) তিয়াই ৰখা মগুত এণ্টিঅক্সিডেণ্ট, পটাছিয়াম, মেগনেছিয়াম আদিৰ দৰে গুৰুত্বপূৰ্ণ উপাদান থাকে৷ এইবোৰে উচ্ছ ৰক্তচাপ, কলেষ্টৰেল আৰু হূদৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস কৰে৷