Logo
image

চাকৰিয়েই নহয়, ট্ৰেক্টৰো বিতৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ অক্টোবৰ : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাৰ ভাগত কৃষি বিভাগৰ অধীনত এক টেক্টৰ বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে জিএমচিএইছ প্ৰেক্ষাগৃহত আয়োজিত আন এখন কাৰ্যসূচীত ৩৮৫গৰাকী প্ৰাৰ্থীক শিক্ষা আৰু স্বাস্থ্য বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ কৰে৷ উল্লেখ্য  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি কৃষি বিভাগে ভূমিৰ উৰ্বৰতা গুণ নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষকলৈ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ অধীনত ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে আধুনিক কৃষি যন্ত্ৰপাতি প্ৰদান তথা কৃষি জ্ঞান কেন্দ্ৰ মুকলিৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত একাংশ কৃষকৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকক প্ৰদান কৰিবলগীয়া আধুনিক যন্ত্ৰপাতিসমূহৰ দ্বাৰা কৃষিকৰ্ম সম্পাদন প্ৰক্ৰিয়াৰ বুজ লয়৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত আজিৰ দিনটো ৰাজ্যৰ কৃষিখণ্ডৰ বাবে এটা উল্লেখনীয় দিন বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ভূমিৰ উৰ্বৰতা গুণ নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কেইবালাখো কৃষকলৈ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ অধীনত ভূমি স্বাস্থ্য-পত্ৰ বা ছয়েল হেলথ কাৰ্ড বিতৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ইয়াৰ সমান্তৰালকৈ কৃষি যান্ত্ৰিকীকৰণৰ উপ-অভিযানৰ অধীনত বহু কৃষকলৈ কৃষি যান্ত্ৰিকীকৰণৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি যোগান ধৰা হ’ব৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভূমিৰ উৰ্বৰতাৰ গুণ নিৰ্ধাৰণৰ বাবে ভূমি স্বাস্থ্য-পত্ৰ  কাৰ্যসূচী ২০১৫ চনত আৰম্ভ কৰিছিল৷ ড॰ শৰ্মাই সদৰী কৰে যে চলিত বিত্তীয় বৰ্ষত অসমত ১০ লাখ ভূমি স্বাস্থ্য-পত্ৰ জাৰি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ইতিমধ্যে ইয়াৰে ৪ লাখ ভূমি স্বাস্থ্য-পত্ৰ প্ৰস্তুত কৰা হৈছে৷ ৰাজ্যত কৃষিভূমি পৰীক্ষণৰ বাবেও ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা পৰীক্ষাগাৰৰ সংখ্যা পূৰ্বৰ ৫ টাৰ পৰা ২৬ টালৈ বৃদ্ধি পাইছে৷ ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাক কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে স্বীকৃতি দিছে বুলি মন্তব্য কৰি তেওঁ কয় যে কৃষি যান্ত্ৰিকীকৰণৰ বাবেও ৮১৬ টা গ্ৰাম্য পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপনৰ বাবে ৰাজ্য চৰকাৰ আগবাঢ়িছে৷ এই গ্ৰাম্য পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯৫ শতাংশ ৰাজসাহায্য প্ৰদান কৰে৷ ৰাজ্যত পূৰ্বতে ৮০ টা এনে গ্ৰাম্য পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপন কৰা হৈছিল৷ তেওঁ লগতে কয় যে সমগ্ৰ অসমতে ৯৬ টা কৃষি  জ্ঞান কেন্দ্ৰ আৰু ‘এপাৰ্ট’ আঁচনিৰ অধীনত ৯৩ টা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ো উদ্বোধনৰ ব্যৱস্থা কৰা হৈছে৷


অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে অসম চৰকাৰে নূ্যনতম সমৰ্থন মূল্যত ধান ক্ৰয়ৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাই ৰাজ্যৰ কৃষিখণ্ডত উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি কৰিছে ৷ তেওঁ কয় যে বহু সময়ত ধান ক্ৰয় কেন্দ্ৰসমূহ গাঁওসমূহৰ পৰা দূৰৈত থকা বাবে কৃষকসকলে বহুদূৰ অতিক্ৰম কৰি ধান বিক্ৰী কৰিবলগা হয়৷ ইয়াৰ পৰিপ্ৰেক্ষিততে গাঁৱৰ পৰা কৃষকে ধান ক্ৰয় কেন্দ্ৰলৈ ধান বিক্ৰী কৰাৰ বাবে অনাৰ বাবদ প্ৰতি কুইন্টল ধানত ৰাজসাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ ফলত ৰাজ্যৰ কৃষকসকলৰ পৰিবহণ খৰচ লাঘৱ হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে সৰিয়হ উৎপাদনৰ দিশতো ৰাজ্য চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ যাৰ ফলস্বৰূপে ৰাজ্যত সৰিয়হৰ উৎপাদন অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে৷ তেনেদৰে ৰাজ্যত ইথানল কাৰখানাসমূহ গঢ়ি উঠাৰ বাবে ‘মেইজ’ অৰ্থাৎ গোমধানৰো এখন ডাঙৰ বজাৰৰ সৃষ্টি হৈছে৷ ইয়াৰ উপৰি ৰাজ্যত বায়’ ফুৱেল প্ৰস্তুত কৰাৰ বাবে অইল ইণ্ডিয়া লিমিটেড, ৰিলায়েন্স আদিৰ দৰে বৃহৎ প্ৰতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰ আগবাঢ়িছে৷ যাৰ ফলত বহু কৃষিজাত সামগ্ৰীক জৈৱ তেললৈ ৰূপান্তৰ কৰাৰ পথ প্ৰশস্ত হ’ব৷ ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ কৃষিখণ্ডলৈ লৈ অহা সক্ৰিয়তা আৰু এই খণ্ডটোক পুনৰুজ্জীৱিত কৰাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাক ধন্যবাদ জ্ঞাপন কৰে৷  আজিৰ এই অনুষ্ঠানত কৃষি, উদ্যান শস্য, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ উপৰি মুখ্য সচিব ড॰ ৰবি কোটা, প্ৰাক্তন বিধায়ক তথা অসম বীজ নিগম লিমিটেডৰ অধ্যক্ষ প্ৰৱীন হাজৰিকা, ৰাজহ বিভাগৰ প্ৰধান সচিৱ জি ডি ত্ৰিপাঠীকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি তথা শীৰ্ষ বিষয়া উপস্থিত থাকে৷

এই কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰী  ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক নিযুক্তি সমাৰোহত শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মুঠ ৩৮৫ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তিপত্ৰ প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত ১৩৬ গৰাকী, কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰশিক্ষক ৪৭ গৰাকী, উচ্ছ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৭৮ গৰাকী সহকাৰী অধ্যাপক আৰু ৩ গৰাকী গ্ৰন্থাগাৰিক, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত ২০ গৰাকী প্ৰৱক্তাকে ধৰি মুঠ ২৮৪ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তিপত্ৰ আগবঢ়ায়৷ আনহাতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত ১০১ গৰাকী স্বাস্থ্য বিষয়াকো (আয়ুৰ) মুখ্যমন্ত্ৰীয়ে নিযুক্তিপত্ৰ প্ৰদান কৰে৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক চৰকাৰী কৰ্মসংস্থাপন প্ৰদানৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল৷ চৰকাৰ গঠন কৰাৰ পিছত ২০২১ চনৰ মে’ মাহৰ পৰা ধাৰাবাহিকভাৱে নিযুক্তি প্ৰক্ৰিয়া চলাই স্বচ্ছতাৰে সম্পূৰ্ণ মেধা আৰু যোগ্যতাৰ ভিত্তিত চলিত বৰ্ষৰ ২৬ ছেপ্টেম্বৰ পৰ্যন্ত বিভিন্ন বিভাগত ১,২৪,৬৪৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰি ইতিমধ্যে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ এই চৰকাৰী  নিযুক্তি প্ৰক্ৰিয়াত আৰু এক মাত্ৰা প্ৰদান কৰি আজি শিক্ষা আৰু স্বাস্থ্য বিভাগত ৩৮৫ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়৷  আজিৰ দিনটোত  অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত নিযুক্তি প্ৰদান কৰাটো এক বৃহৎ সফলতা বুলি  উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন জটিলতাৰ বাবে ২০১৭ চনৰ পৰা অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত ৰাজ্য চৰকাৰে নিযুক্তি দিব নোৱাৰাৰ ফলত শিক্ষাৰ্থীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল৷ আজি বহুতো বাধা বিঘিনি আৰু আইনী জটিলতা আঁতৰাই ১৮৩ গৰাকী প্ৰৱক্তা আৰু জ্যেষ্ঠ প্ৰশিক্ষক এই কাৰিকৰী প্ৰতিষ্ঠানসমূহত নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰ সক্ষম হ’ল৷ আজি ১০১ গৰাকী স্বাস্থ্য বিষয়া (আয়ুৰ)ৰ নিযুক্তিপত্ৰ প্ৰদান কৰাৰ ফলত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত নিযুক্তিৰ সংখ্যা ১,২৫,০৩০ লৈ বৃদ্ধি পালে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ ইয়াৰ উপৰিও ৰাজ্যখনত এডিআৰই পৰীক্ষাৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থবৰ্গ, আৰক্ষী বিভাগৰ বিভিন্ন পদ আৰু শিক্ষা বিভাগৰ বিভিন্ন বিভাগত আগন্তুক বৰ্ষৰ মে’ মাহৰ ভিতৰত পুনৰ ৩৫-৪০ হাজাৰ বিভিন্ন পদত নিযুক্তি প্ৰদান কৰা হ’ব বুলিও তেওঁ সদৰি কৰে৷ ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে নিৰ্ধাৰিত এক লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি পৰিৱৰ্তে ডেৰ লাখৰ দেওনা পাৰ কৰিবলৈ সক্ষম হ’ব৷ তেওঁ কয় যে ৰাজ্যখনত পূৰ্বে কোনো এটা বছৰতে ইমান সংখ্যক নিযুক্তি প্ৰদান সম্ভৱ হোৱা নাছিল৷ এই নিযুক্তিৰ কেন্দ্ৰবিন্দু আছিল স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু আৰক্ষী বিভাগ৷

যোৱা তিনিটা বছৰত মহাবিদ্যালয়সমূহত ২,০৮৪টা সহকাৰী অধ্যাপকৰ পদত ৰাজ্য চৰকাৰে নিযুক্তি দিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্নাতকোত্তৰ ডিগ্ৰী তথা ডক্তৰেট ডিগ্ৰী লাভ কৰা উচ্ছ শিক্ষিত যুৱক-যুৱতীসকলে এটা সময়ত চৰকাৰী চাকৰিত নিযুক্তি নাপাই হতাশাগ্ৰস্ত হৈছিল আৰু বিভিন্ন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত চাকৰি কৰিছিল ৷ যোৱা তিনিটা বছৰত মহাবিদ্যালয়সমূহত হোৱা এই বৃহৎ নিযুক্তিৰ ফলত ৰাজ্যত উচ্ছ শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত হতাশাৰ বাতাবৰণ আঁতৰি গৈছে আৰু স্বচ্ছতাৰ মাজেৰে নিযুক্তি পাব পাৰিব বুলি আশাৰ সঞ্চাৰ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ ইয়াৰ উপৰিও বিভিন্ন বিশ্ববিদ্যালয়ত সমান্তৰালভাৱে প্ৰায় ১ হাজাৰ উচ্ছ শিক্ষিত যুৱক-যুৱতীক ৰাজ্য চৰকাৰে নিযুক্তি দিবলৈ সক্ষম হৈছে ৷ তদুপৰি অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত হোৱা নিযুক্তিয়ে  ৰাজ্যৰ উচ্ছ শিক্ষিত যুৱক-যুৱতীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি ২০ গৰাকী যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ সমান্তৰালভাৱে ১৫৯ গৰাকীৰ নিযুুক্তিৰ প্ৰক্ৰিয়া আগবঢ়াই থকা হৈছে৷ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাহিৰে আটাইবোৰ পদতে সাধাৰণ স্নাতকোত্তৰ ডিগ্ৰীৰ যুৱক-যুৱতীসকলৰ নিযুক্তি পোৱাটো সম্ভৱ হৈছে৷ শিক্ষা বিভাগত হোৱা এই বিশাল নিযুক্তিয়ে যুৱক-যুৱতীসকলৰ মাজত হতাশাৰ বাতাবৰণ নাইকীয়া কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷  আৰ্য়ুবেদিক শাখাত অধ্যয়ন কৰা অসমত প্ৰায় ৬০০ গৰাকী চিকিৎসক আছে যিয়ে নিযুক্তিৰ বাবে অপেক্ষা কৰি আছে৷ আজি ইয়াৰে ১০১ গৰাকী স্বাস্থ্য বিষয়া (আয়ুৰ) হিচাপে নিযুক্তি দিয়া হৈছে৷ ৰাজ্যত নিৰ্মাণ কৰি থকা চিকিৎসা মহাবিদ্যালয়, নতুনকৈ সংযোজিত হোৱা চিকিৎসালয় আৰু বৰ্তমান কোকৰাঝাৰ, মৰিগাঁও, বাক্সা, কলিয়াবৰ, ডিফু আৰু বজালী আদিত নিৰ্মাণ হ’বলগীয়া আয়ুৰ্বেদিক চিকিৎসালয় সমূহেও নিযুক্তিৰ পৰিসৰ দ্ৰুতগতিত বৃদ্ধি কৰিব বুলিও তেওঁ উল্লেখ কৰে৷ দুধনৈত এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপনৰ বাবে উদ্যোগ লোৱা হৈছে বুলিও তেওঁ সদৰি কৰে৷ ৰাজ্যত বৰ্তমান চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে উদ্যোগীকৰণৰ পৰিৱেশ সৃষ্টি কৰাৰ দিশতো ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি মন্তব্য কৰি তেওঁ কয় যে অসমত চেমি কণ্ডাক্টৰ উদ্যোগ স্থাপনে ভাৰতৰ আটাইতকৈ চহকী ৰাজ্যসমূহৰ ঈৰ্ষাৰ কাৰণ হৈ পৰিছে৷ এটা সময়ত মহাৰাষ্ট্ৰ, কৰ্ণাটক আদি ৰাজ্যসমূহলৈ গৈ অসমৰ যুৱক-যুৱতীসকল যাবলগীয়া হৈছিল৷

আজি তিনিটা বছৰত এনেধৰণে পট পৰিৱৰ্তন হৈছে যে কৰ্ণাটকৰ মন্ত্ৰীয়ে সামাজিকভাৱে ক’বলগীয়া হৈছে যে অসমত এনেধৰণৰ উদ্যোগ কিয় সম্ভৱ হৈছে৷ ইয়াৰ পৰিৱৰ্তে কৰ্ণাটকত কিয় নহ’ল বুলিও কৰ্ণাটকৰ মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে৷ অসমৰ বাবে ই এটা নাটকীয় পৰিৱৰ্তন বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰা এটা যথেষ্ট কষ্টকৰ কাম৷ ইয়াত সততা লাগিব, সদিচ্ছা লাগিব৷ যিসকলে পৰীক্ষা পাতে তেওঁলোকৰ সততা থাকিলেও নহ’ব৷ যিসকলে পৰীক্ষা দিয়ে তেওঁলোকৰ মনত বিশ্বাস হ’ব লাগিব যে এই পৰীক্ষা সততা আৰু সদিচ্ছাৰে হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমত নিযুক্তিৰ ক্ষেত্ৰত এটা ক’লা অধ্যায় পাৰ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে লোকসেৱা আয়োগৰ নিযুক্তিৰ পৰীক্ষাত ধনৰ লেনদেন হোৱা বুলি ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াত প্ৰকাশ পাইছে, বিদ্যালয়সমূহৰ নিযুক্তি লৈ প্ৰতিদিনে উচ্ছ ন্যায়ালয়ত গোচৰ তৰা হৈছিল৷ এসময়ত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লৈ মহাবিদ্যালয়ত চাকৰি পাবৰ কাৰণে আগবাঢ়ি অহা যুৱক-যুৱতীসকল স্বজন-তোষণ সংস্কৃতিৰ এজন হিতাধিকাৰী হ’ব লাগিছিল বুলিও তেওঁ উল্লেখ কৰে৷ আজি এই গোটেই প্ৰক্ৰিয়াবিলাক সমাপ্ত হৈছে বুলিও তেওঁ কয়৷ অসমে আজি স্বচ্ছতাৰ এক নতুন দিগন্তলৈ গতি কৰিছে৷ আজি চৰকাৰত এটা সামূহিক চিন্তা-চৰ্চাই স্থান পাইছে যাৰ জৰিয়তে ৰাজ্য প্ৰশাসনক এটা সুন্দৰ ব্যৱস্থালৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ অসমখনক ভাৰতৰ এখন বিকশিত ৰাজ্যলৈ লৈ যোৱাৰ লগতে জননী জন্মভূমিক এটা সুন্দৰ ভৱিষ্যত দিবৰ বাবে ৰাজ্য চৰকাৰে অহোপুৰুষাৰ্থ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ আজি চৰকাৰী নিযুক্তিত যিকোনো পদতে নিযুক্তি পোৱা এজন প্ৰাৰ্থীয়েও এটকাও ঘোচ দিবলগীয়া হোৱা নাই বুলিও তেওঁ কয়৷ 

১ লাখ ৫০ হাজাৰ নিযুুক্তিৰ পাছতো ক’ব পৰা নাই ৰাজ্যত কৰ্ম সংস্কৃতিৰ সম্পূৰ্ণ পৰিৱৰ্তন হৈছে বুলি তেওঁ কয়৷ নতুনকৈ নিযুক্তি পোৱা অধ্যাপক-অধ্যাপিকাসকলে যদি সংকল্প লয় তেনে পৰিৱেশৰ পৰিৱৰ্তন সম্ভৱ হৈ উঠিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসম আজি এনে এটা পৰিৱেশত আছে যে অলপ চেষ্টা কৰিলে ৰাজ্যখনক এটা নতুন দিগন্তলৈ লৈ যাব পৰা যায়৷ তেওঁ কয় যে এসময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ, উৰণ সেতু  আদি নিৰ্মাণ কৰিবৰ বাবে বাহিৰৰ অভিযন্তা আনিবলগা হৈছিল৷ কিন্তু আজি লোকনিৰ্মাণ বিভাগৰ অভিযন্তাসকলে এই সকলোবোৰ কাম কৰিবলৈ সক্ষম হৈছে৷  আজি নতুনকৈ নিৰ্মাণ কৰা তেৰখন চিকিৎসা মহাবিদ্যালয় ৰোগীৰ লানি নিছিগা সোঁত দেখিবলৈ পোৱা যায়৷ এখন চিকিৎসা মহাবিদ্যালয় ভাল নে বেয়া তাক প্ৰমাণ কৰে তাত চিকিৎসা গ্ৰহণ কৰাৰ ৰোগীৰ দ্বাৰা৷ আজি গুৱাহাটী মেডিকেল কলেজত ৰোগীৰ সংখ্যা ব্যক্তিগত চিকিৎসালয়তকৈ যথেষ্ট বেছি৷ আজি অসমৰ মুঠ ৰোগীৰ ৮৫ শতাংশ চিকিৎসা চৰকাৰী চিকিৎসালয়ত কৰা হয় আৰু ১৫ শতাংশ ব্যক্তিগত চিকিৎসালয়ত কৰা হয়৷ আজি অসমৰ যুৱক-যুৱতীয়ে এটা নতুন দিনৰ আৰম্ভণি কৰিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে নৱনিযুক্ত যুৱক-যুৱতীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সততা আৰু সদিচ্ছাৰ মাজেৰে কাম কৰাৰ সংকল্প ল’বলৈ আহ্বান জনায় যাতে সাধাৰণ মানুহেও যাতে স্বচ্ছ নিযুক্তি কি তাক বুজি পায়৷ মুখ্যমন্ত্ৰীয়ে আজি নিযুক্তি প্ৰাপ্তসকলক পিতৃ-মাতৃ আৰু অভিভাৱকসকলকো ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে আজি নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে প্ৰত্যক্ষভাৱে চৰকাৰী সেৱাত জড়িত হোৱাৰ সুযোগ লাভ কৰিলে৷ এই সুযোগৰ সদ ব্যৱহাৰৰ জৰিয়তে ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্যখণ্ড আগুৱাই নিয়াত গুণগত অৰিহণা আগবঢ়াবলৈ আহ৩ান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে এখন বিকশিত আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াত নৱনিযুক্তসকলে আত্মনিয়োগ কৰিব লাগিব৷ আজিৰ এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবু, উচ্ছ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ প্ৰমূখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কামৰূপ জিলাৰ মিৰ্জাপুৰ তালুকত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা মা মহামায়া মন্দিৰৰ প্ৰথম পূজা ভাগত অংশ গ্ৰহণ কৰি ৰাজ্যবাসীৰ কুশল-মংগলৰ কামনা কৰাৰ লগতে নৱনিৰ্মিত মন্দিৰটো ভক্তপ্ৰাণ ৰাইজৰ বাবে মুকলি কৰে৷ মা মহামায়াৰ ৯ টা প্ৰতিমূৰ্তিৰে কামাখ্যা মন্দিৰৰ আৰ্হিত মন্দিৰটো সুন্দৰকৈ নিৰ্মাণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ লগতে মিৰ্জাপুৰ তালুকৰ ৰাইজক কৃত্বতা জ্ঞাপন কৰে৷ অনুষ্ঠানত প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসৰ উপৰিও মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি গোলক দাস প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷