কল খোৱাৰ উপকাৰ বহুত
থলুৱাভাৱে উৎপাদিত এবিধ পুষ্টিকৰ ফল হ’ল কল৷ কলত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, ফাইবাৰ, প্ৰটিন, কাৰ্বহাইড্ৰেট, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ আদি উপাদান থকাৰ উপৰিও ভিটামিন ‘এ’ ‘বি’ আৰু ‘চি’ থাকে৷ তদুপৰি কলত এছকৰবিক এছিড আদি উপাদান পোৱা যায়৷
১) নিয়মিত কল খালে কিডনী সুস্থ হৈ থাকে৷ তদুপৰি ৰক্তহীনতাৰ সমস্যা দূৰ হোৱাৰ লগতে হিম’গ্লবিন বৃদ্ধি হয়৷ কলে অপকাৰী কলেষ্টেৰ’ল হ্ৰাস কৰে, হূদযন্ত্ৰ সবল কৰে আৰু উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷
২) কল খালে শৰীৰৰ গাঁঠিৰ বিষ নিয়ন্ত্ৰণলৈ আহে৷ এইবিধ ফলে কৃমিৰ সমস্যা দূৰ কৰে৷ কলত থকা ভিটামিন ‘চি’য়ে শৰীৰৰ ছাল নিমজ আৰু সতেজ কৰে৷
৩) কলত থকা পেকটিন নামৰ পদাৰ্থবিদে পাকস্থলীত খাদ্য হজম কৰাত সহায় কৰে৷ কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে এইবিধ ফলে৷
৪) কলত থকা ছেৰট’নিন নামৰ পদাৰ্থবিধ আমাৰ মগজুৰ বাবে অতি প্ৰয়োজনীয়৷ মানসিক অৱসাদ দূৰ কৰে কলে৷ পকা কলত থকা এণ্টি অক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
৫) পকা কলত চেনি মিহলাই খালে গেছ, এছিডিটিৰ পৰা উপশম পাব পাৰি৷ গাখীৰৰ লগত কল খালে শৰীৰত পৰ্যাপ্ত প্ৰ’টিন আৰু শক্তি লাভ কৰিব পাৰি৷ পকা কলত জিৰাগুড়ি মিহলাই খালে পুৰণি গ্ৰহণী ৰোগৰ পৰা উপশম পাব পাৰি৷
৬) নিয়মীয়াকৈ কল খালে অৰ্শ ৰোগ নিয়ন্ত্ৰণলৈ আহে৷ জুয়ে পুৰিলে পকা কল পিটিকি পোৰা অংশত প্ৰলেপ দিলে জ্বলা-পোৰা বহু পৰিমাণে কমে৷
৭) কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে৷ নিয়মীয়াকৈ কল খালে কুকুৰীকণা, ছানি পৰা আদি সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ কলে ব্যায়াম কৰা লোকসকলক শক্তি প্ৰদান কৰে৷