শিক্ষানুষ্ঠানত নিৰ্বাচন
বৰ্তমান অসমৰ সকলো প্ৰাদেশিকীকৃত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে ছাত্ৰ নিৰ্বাচন৷ মহাবিদ্যালয় বা বিশ্ববিদ্যালয় এখনৰ পৰিচালনাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ সুবিধাৰ্থে নিৰ্বাচিত কৰা ছাত্ৰ একতা সভাখনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ থাকে অৰাজনৈতিক আদৰ্শ৷ যদিওবা শিক্ষানুষ্ঠানৰ এই নিৰ্বাচনত প্ৰত্যক্ষভাৱে কোনো ৰাজনৈতিক দলৰ অংশগ্ৰহণ নাথাকে, তথাপি ৰাজনৈতিক দলৰ দ্বাৰা গঠন কৰা ছাত্ৰ সংগঠনৰ সদস্যৰ অংশগ্ৰহণত নাথাকে বাধা৷ শিক্ষানুষ্ঠানত অনুষ্ঠিত হোৱা ছাত্ৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হোৱা প্ৰতিটো ফলাফলৰ খবৰ বাতৰিকাকতত সবিস্তাৰে প্ৰচাৰ হয়৷ নিৰ্বাচনক কেন্দ্ৰ কৰি সততে হোৱা ছাত্ৰৰ সংঘাতৰ বাবে ইতিমধ্যে উত্তপ্ত হৈ আছে ৰাজ্যৰ দুখন বিশ্ববিদ্যালয় ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়৷ নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ ফলত কেইবাজেনা ছাত্ৰ আহত হৈছে আৰু সংঘাতৰ অৱসানৰ অৰ্থে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই সাময়িকভাৱে বন্ধ কৰিছে দুটা ছাত্ৰাৱাস৷ বিশ্ববিদ্যালয়ৰ নিৰ্বাচন কেন্দ্ৰিক এই ছাত্ৰৰ সংঘাত নিৰ্মূল কৰিবলৈ কতৃৰ্পক্ষই গ্ৰহণ কৰা সিদ্ধান্ত যে ভুল আছিল তাৰ প্ৰমাণ পোৱা গ’ল পৰৱতী সময়ত৷ নিশা ১২ বজালৈকে ছাত্ৰৰ উত্তাল প্ৰতিবাদ হ’ল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পঞ্জীয়কৰ বাসগৃহত৷ নিশাই ছাত্ৰৰ দাবীত পুনৰ মুকলি কৰা হ’ল বন্ধ কৰা দুয়োটা ছাত্ৰাৱাস৷এখন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি ছাত্ৰৰ মাজত সংঘাত হোৱাটো স্বাভাৱিক, কিন্তু সংঘাত নিৰ্মূল কৰাত যে কতৃৰ্পক্ষ ব্যৰ্থ হৈছে তাক স্বীকাৰ কৰিবই লাগিব৷ বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰাৱাস খুলি ৰাখি মাথোঁ দুটা ছাত্ৰাৱাস বন্ধ কৰাৰ সিদ্ধান্তটো গ্ৰহণৰ পূৰ্বে কতৃৰ্পক্ষই বিবেচনা নকৰিলে পাশ্বৰ্ক্ৰিয়াৰ কথা৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উচ্ছ শিক্ষাৰ বাবে অহা ছাত্ৰক নিশাটোৰ ভিতৰতে ছাত্ৰাৱাস খালী কৰাৰ যি নিৰ্দেশ প্ৰদান কৰা হৈছিল, তেনে নিৰ্দেশ প্ৰকৃততে প্ৰযোজ্য হয় মহাবিদ্যালয় বা বিদ্যালয়ৰ ক্ষেত্ৰত৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকী ছাত্ৰাৱাসৰ আৱাসিকসকলৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাত ব্যৰ্থ হৈছিল কতৃৰ্পক্ষ৷ এখন বিশ্ববিদ্যালয়ৰ প্ৰায় তিনি হাজাৰ ছাত্ৰ-ছাত্ৰীৰ পৰিচালনাৰ দায়িত্বত থকা মুৰব্বীসকলে কোনো এটা কঠোৰ সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ মতামত গ্ৰহণ কৰাটো উচিত আছিল৷ শিক্ষানুষ্ঠান এখনৰ সুস্থিৰ পৰিৱেশ স্থাপন কৰিবলৈ প্ৰয়োজনত ছাত্ৰক বিষয়াৰ কোঠালৈ আমন্ত্ৰণ কৰাতকৈ, ছাত্ৰৰ কোঠালৈ যাব লাগিব বিষয়া৷ গুৰুক ছাত্ৰাৱাসত লগ পোৱা ছাত্ৰই কেতিয়াও সংঘাত দীঘলীয়া নকৰে৷ বৰ্তমান ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰত্যক্ষ কৰা গুৰু-শিষ্যৰ সংঘাতবোৰে এটা কথাই প্ৰমাণ কৰিছে যেন দুয়োটা পক্ষই নিজৰ নিজৰ স্থিতিত অটল হৈ পৰস্পৰৰ পৰা আঁতৰত অৱস্থান লৈছে৷ এনে এক পৰিৱেশ-পৰিস্থিতিয়ে নিশ্চিতভাৱে ক্ষতি কৰিছে গুৰু-শিষ্যৰ সম্পৰ্কত৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনকেন্দ্ৰিক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে দিয়ে প্ৰধান পৰামৰ্শটো আছিল ছাত্ৰাৱাসত প্ৰাক্তন ছাত্ৰৰ প্ৰৱেশ নিষিদ্ধ কৰা৷ এইটো সিদ্ধান্ত যদিহে আশী দশকত ল’লেহেঁতেন, অসমত প্ৰফুল্ল কুমাৰ মহন্ত, সৰ্বানন্দ সোণোৱাল, অতুল বৰা, ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাৰ সৃষ্টি নহ’লহেঁতেন বুলিও অনুভৱ কৰোঁ৷ প্ৰকৃততে এখন শিক্ষানুষ্ঠানৰ মুৰব্বীৰ প্ৰশাসনিক দুৰ্বলতাখিনিক ঢাকি ৰাখি আমি সকলো দোষ ছাত্ৰৰ ওপৰত জাপি দিওঁ৷ য’ত দোষ, নন্দ ঘোষ নীতি সমৰ্থন নকৰাহে উচিত৷