আগতীয়াকৈ বিজয় উদ্যাপন কৰি লাজত পৰিল কংগ্ৰেছ, নষ্ট হ’ল মিঠাই
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৯ অক্টোবৰ : আজি ঘোষিত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ে দলটোক হতাশ কৰি তোলে৷ লখিমপুৰতো আজি সন্ধিয়া বিজেপিয়ে বিজয় উৎসৱ পালন কৰা পৰিলক্ষিত হয়৷ এগ্জিট প’লে হাৰিয়ানাত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব বুলি ইংগিত দিয়াৰ পাছত লখিমপুৰৰ কংগ্ৰেছ তথা ৰাজীৱ ভৱনত বিজয় উৎসৱ পতাৰ বাবে পুৱাৰে পৰা দলীয় নেতা-কৰ্মীয়ে উখল-মাখল লগাইছিল যদিও নিৰ্বাচনী ফলাফলে তেওঁলোকৰ আশাত চেঁচাপানী ঢালে৷ কংগ্ৰেছ দলে লখিমপুৰৰ ৰাজীৱ ভৱনত পুৱাৰে পৰা বিজয় উৎসৱ পতাৰ লক্ষ্যৰে আটচবাজী, বেণ্ডপাৰ্টি, মিঠাই আদি সাজু কৰি ৰাখিছিল যদিও দুপৰীয়াৰ ভাগলৈ নিৰ্বাচনী ফলাফল বিজেপিৰ দিশে গতি কৰাত লখিমপুৰ ৰাজীৱ ভৱনৰ পৰা দলীয় নেতা-কৰ্মীসকল এজন এজনকৈ আঁতৰি যোৱাৰ লগতে নাওবৈচাৰ পৰা মাটি অনা বেণ্ডপাৰ্টিৰ দলটোক ঘূৰাই পঠিয়াবলৈ বাধ্য হয়৷ বেণ্ডপাৰ্টি দলটোৱেও কংগ্ৰেছৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰাৰ আশাৰে কেইবাঘন্টা অপেক্ষা কৰি অৱশেষত বিফল মনোৰথে অহা বাটে ঘূৰি যাব লগা হয়৷ নিৰ্বাচনী ফলাফল সম্পূৰ্ণৰূপে ঘোষণাৰ পূৰ্বেই এগ্জিট প’লৰ ওপৰত ভৰসা কৰি কংগ্ৰেছ দলে আগতীয়াকৈ ব্যাপকভাৱে বিজয় উদ্যাপন কৰাৰ ফলত পৰৱৰ্তী সময়ত লাজত পৰিবলগীয়া হয়৷ দলীয় কৰ্মী আৰু সমৰ্থকৰ মাজত বিতৰণৰ বাবে সাজু কৰি ৰখা বৃহৎ পৰিমাণৰ মিঠাই এনেয়ে পৰি ৰয় ৰাজীৱ ভৱনত৷ ফলত নষ্ট হয় দলীয় নেতা-কৰ্মীৰ মাজত বিতৰণ কৰিবলগীয়া মিঠাই৷ কংগ্ৰেছৰ এই বিজয় উৎসৱলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও অহাৰ কথা আছিল যদিও নিৰ্বাচনী ফলাফল দেখি সভাপতিজন ৰাজীৱ ভৱনলৈ অহাৰ পৰা বিৰত থাকে আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে লখিমপুৰৰ ৰাজীৱ ভৱনত নিমাওমাও পৰিৱেশৰ সৃষ্টি হয়৷ অৱশ্যে জন্মু-কাশ্মীৰৰ ফলাফলে কংগ্ৰেছ দলটোক উৎসাহিত কৰি তোলে৷ ইফালে আজি সন্ধিয়া বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলত সন্তুষ্ট হৈ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সমীপত তথা কলেজ চাৰিআলিত ফটকা তথা আতচবাজীৰে বিজয় উৎসৱ পালন কৰা পৰিলক্ষিত হয়৷ আজিৰ এই বিজয় উৎসৱত অংশগ্ৰহণ কৰি লখিমপুৰৰ বিধায়ক মানৱ ডেকাই কয় যে বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস বৃদ্ধি পাইছে৷ যাৰ বাবে আজি হাৰিয়ানাত বিজেপি দলটোৱে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়৷ ৰাহুল গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ দলটো এতিয়া মিঞাৰ পাৰ্টীত পৰিণত হৈছে বুলি বিধায়ক মানৱ ডেকাই কংগ্ৰেছ দলটোক কটাক্ষ কৰে৷ তেওঁ আৰু কয় যে ভাৰতবৰ্ষৰ ৰাইজে এতিয়া সকলো বুজি পাইছে আৰু হাৰিয়ানাত সেই বাৰ্তাই ফুটি উঠিছে৷
যোৰহাটত বিজেপিৰ বিজয় উৎসৱ
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ : দেশৰ সকলো সংবাদ মাধ্যমৰ এক্সিট প’লৰ সমীক্ষাত হাৰিয়ানাৰ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি কৰা ঘোষণাক নসাৎ কৰি ৰাজ্যখনত বিজেপি দলে নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠনৰ বাবে সক্ষম হোৱাত বিজেপি শিবিৰত আনন্দৰ জোৱাৰ উঠিছে৷ আনকি যোৰহাট জিলা বিজেপিয়েও আজি সন্ধিয়া নগৰখনৰ বৰুৱা চাৰিআলিত বিজয় উৎসৱ পালন কৰে৷ দলটোৰ জিলা সভাপতি হেমন্ত কলিতাৰ উপৰি যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, বিধয়াক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা পৰিষদৰ অধ্যক্ষ ৰ?ন শইকীয়া, যোৰহাট পৌৰসভাৰ উপসভাপতি দিলীপ দত্ত প্ৰমুখ্যে নেতৃবৃন্দৰ উপস্থিতিত দলীয় কৰ্মীসকলে ফটকা-বোমা ফুটাই বেণ্ড বজাই নাচি বাগি বিজয় উৎসৱ পালন কৰে৷ উল্লেখ্য, যোৰহাট জিলাত বিজেপিৰ সদস্য ভৰ্তি সন্তোষজনক হোৱাৰ বাবেও নেতা-কৰ্মীসকলে এনেদৰে আনন্দ উল্লাস প্ৰদৰ্শন কৰি নিজৰ সফলতা জাহিৰ কৰে৷
ডিমৌত ফটকা ফুটাই বিজয় উৎসৱ পালন
‘আমাৰ অসম’ৰ ডিমৌৰ প্ৰতিবেদক : হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপি দলে নিৰংকুশ বিজয় সাব্যস্ত কৰি ক্ৰমাগতভাৱে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে৷ এই ফলাফলৰ পাছত আজি ডিমৌ সমষ্টিৰ মাজমজিয়া ডিমৌ চাৰিআলিত বিজেপি দলৰ যুৱ মৰ্চাৰ কৰ্মীসকলে ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই বিজয় লাভ কৰা বুলি যুৱ মৰ্চাৰ নেতৃত্বই প্ৰকাশ কৰে৷ আজিৰ বিজয় উৎসৱ পালন কাৰ্যসূচীত বিজেপি যুৱ মৰ্চাৰ নেতা সন্দীপ গগৈ, জ্যেষ্ঠ বিজেপি নেতা প্ৰদীপ গগৈকে ধৰি শতাধিক যুৱ মৰ্চাৰ কৰ্মী উপস্থিত থাকে৷