Logo
image

ৰাষ্ট্ৰীয় ফিল্ম উৎসৱত বিৰুবালা ৰাভাক স্মৰণ ৰাষ্ট্ৰপতিৰ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ৯ অক্টোবৰ : মঙলবাৰে প্ৰদান কৰা হয় ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা৷ আইমী বৰুৱা প্ৰডাক্‌শ্বন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিচাৰকৰ বিশেষ বঁটা লাভ কৰা ‘বিৰুবালা– উইট্‌চ টু পদ্মশ্ৰী’ৰ বাবে তথ্যচিত্ৰ নিৰ্মাতা, অভিনেত্ৰী আইমী বৰুৱাই মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰে৷ সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিৰুবালা ৰাভাই কিদৰে চেষ্টা চলাইছিল, বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে সেই বিষয়ে উল্লেখ কৰে৷


অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা, কঠিন পৰিস্থিতিতো পীড়িতসকলক সহায় কৰা বিৰুবালা ৰাভাই ২০২১ চনত পদ্মশ্ৰী সন্মান লাভ কৰাৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত উল্লেখ কৰে৷