কাণৰ বিষ হ’লে জলফাই তেল ব্যৱহাৰ কৰক
হঠাতে যদি কাণৰ বিষত আক্ৰান্ত হয় তেতিয়া কেইটামান ঘৰুৱা চিকিৎসাৰে এই বিষৰ পৰা উপশম পাব পাৰি৷ চিকিৎসকৰ কাষ চপাৰ পূৰ্বে এনেধৰণৰ ঘৰুৱা চিকিৎসা গ্ৰহণ কৰিলে যন্ত্ৰণাৰ পৰা বহুখিনি উপশম পাব পাৰে৷
কাণৰ বিষৰ পৰা উপশম পোৱাৰ ঘৰুৱা চিকিৎসা
১) ঠাণ্ডা বা গৰম সেক : কাণৰ বিষত আক্ৰান্ত হ’লে এটুকুৰা বৰফ কাণৰ ওপৰত কিছুসময়ৰ বাবে ৰাখিলে বিষ তাৎক্ষণিকভাৱে কমি যায়৷ ইয়াৰ পৰিৱৰ্তে গৰমপানীৰ সেক বা হট ৱাটাৰ বেগৰ জৰিয়তেও কাণৰ বিষ কমাব পৰা যায়৷ যি ঠাইত বিষ অনুভৱ হয় সেই ঠাইত হট ৱাটাৰ বেগেৰে কিছুসময়ৰ বাবে সেক দিলে যন্ত্ৰণাৰ পৰা উপশম পাব পাৰি৷
২) জলফাই তেল : কাণত মলি জমা হৈ বা ফাংগল ইনফেকশ্বনৰ বাবে কাণৰ বিষ হ’লে জলফাই তেল ব্যৱহাৰ কৰিব পাৰে৷ সামান্য পৰিমাণে তেলখিনি গৰম কৰি বিষ হোৱা ঠাইত দিলে যথেষ্ট আৰাম পোৱা যায়৷ উল্লেখ্য জলফাই তেল ব্যৱহাৰ অতি নিৰাপদ৷
৩) আদা, নহৰু পিঁয়াজৰ জৰিয়তে কাণৰ বিষ কমাব পাৰি : এটুকুৰা আদা, পিঁয়াজ অথবা নহৰুৰ ৰস পিচি সেই ৰস কাণত দিলে বহু পৰিমাণে বিষৰ পৰা উপশম পাব পাৰি৷ যিহেতু আদা, পিঁয়াজ বা নহৰুত আছে এণ্টি ইমফ্লেমেটৰী উপাদান৷ যি বহু পৰিমাণে বিষ নাশক৷
৪) শিশুৰ বাবে মাতৃদুগ্ধ : কাণৰ বিষত শিশু আক্ৰান্ত হ’লে সামান্য পৰিমাণৰ মাতৃদুগ্ধ কাণত দিলে বিষৰ পৰা উপশম পাব পাৰে৷
৫) ছুইয়িংগাম : কেতিয়াবা উচ্ছতা আৰোহন কৰিলে বহুতৰে কাণৰ বিষ অনুভৱ হয়৷ বহু লোকৰ বিমানেৰে যাত্ৰা কৰিলেও কাণৰ বিষ অনুভৱ হয়৷ এনে ক্ষেত্ৰত এটা ছুইয়িংগাম চোবালে বিষৰ পৰা উপশম পাব পাৰি৷
৬) নিমখ প্ৰয়োগৰ জৰিয়তেও কাণৰ বিষ কমাব পাৰি : কাণৰ যিকোনো চিকিৎসাত নিমখৰ ব্যৱহাৰ অতুলনীয়৷ নিমখক প্ৰাচীনত প্ৰাকৃতিক এণ্টিবায়টিক ৰূপে গণ্য কৰা হয়৷ কাণৰ বিষত আক্ৰান্ত হ’লে পাণ এখন ভাজি লৈ কিছু পৰিমাণে তাৰ ওপৰত নিমখ ৰাখিব লাগে৷ নিমখৰ সৈতে পাণখন গৰম হোৱাৰ পাছত কিছুসময়ৰ বাবে ঠাণ্ডাা হ’বলৈ দিব লাগে৷ অলপ কুহুমীয়া হৈ থাকোতেই পাণখনৰ সৈতে নিমখখিনি মেৰিয়াই অলপা সময়ৰ বাবে কাণৰ ওপৰত ৰাখিলে বিষৰ পৰা উপশম পাব পাৰি৷ এইদৰে ঘৰুৱা উপায়েৰে কাণৰ বিষৰ পৰা সাময়িকভাৱে উপশম পাব পাৰি৷ কিন্তু সম্পূৰ্ণ নিৰাময়ৰ বাবে যিমান পাৰি সোনকালে চিকিৎসকৰ কাষ চাপিব লাগে৷