বেদীত প্ৰাণপ্ৰতিষ্ঠা দেৱী দুৰ্গাৰ
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১০ অক্টোবৰ : দেৱী বন্দনাৰে মুখৰ ৰাজ্যৰ চৌদিশ৷ দুৰ্গতিনাশিনীৰ পূজা উপলক্ষে এতিয়া উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰিছে৷ হিন্দুধৰ্মাৱলম্বী লোকসকলে পৰাম্পৰাগত বিধি অনুসৰি দেৱী দুৰ্গাৰ আৰাধনা কৰি আহিছে৷ বুধবাৰে ষষ্ঠীৰ বেদিত স্থাপন কৰা হ’ল দেৱী দুৰ্গাৰ মৃন্ময় প্ৰতিমা৷ পূজাৰীৰ মন্ত্ৰোচ্ছাৰণ, আয়তীৰ উৰুলি, ঢাক, শংখধবনিৰ সুললিত সমলয়ৰ মাজেৰে বুধবাৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ল দুৰ্গতিনাশিনীৰ প্ৰতিমা৷ অৱশ্যে এইবাৰ মঙলবাৰে পুৱা ৭ বাজি ৯ মিনিটৰ পৰা ষষ্ঠী তিথি আৰম্ভ হৈছে আৰু বুধবাৰে পুৱা ৭ বাজি ৩২ মিনিটত অন্ত পৰে৷ ইয়াৰ লগে লগে ভক্তৰ অধীৰ পৰে অপেক্ষাৰ অন্ত পৰিবআৰু ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱ৷ বৃহস্পতিবাৰে মহাসপ্তমী৷ সমাজৰ অসূয়া-প্ৰীতি, মাৰি-মৰক, দুৰ্যোগ-বিভীষিকা নাশ কৰি শান্তি আৰু সমৃদ্ধিৰ প্ৰাৰ্থনাৰে বৃহস্পতিবাৰে মহিষমৰ্দিনীৰ শ্ৰীচৰণত ভক্তসকলে পূজা–অৰ্চনা আগবঢ়াব৷ সপ্তমীৰ দিনটোত কালৰাত্ৰি মাক পূজা কৰা হয়৷ এইবাৰ সপ্তমী তিথি বুধবাৰে পুৱা ৭ বাজি ৩৩ মিনিটৰ পৰা আৰম্ভ হৈছে আৰু বৃহস্পতিবাৰে পুৱা ৭ বাজি ২৪ মিনিটত অন্ত পৰিব৷ ভক্তগণে মহিষমাৰ্দিনীৰ শ্ৰীচৰণত ধূপ, দ্বীপ, নৈবদ্য আগবঢ়াই দেশৰ দহৰ মংগল কামনাৰে সেৱা জনাব৷ বৃহস্পতিবাৰে কালৰাত্ৰি ৰূপত পূজিত হ’ব দেবী দশভুজা৷ বৈদিক ৰীতি নীতিৰে দেৱী দুৰ্গাৰ নৱপত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমাদি কল্পাৰম্ভ আৰম্ভ হ’ব৷
আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত দুৰ্গোৎসৱ হিন্দুধৰ্মাৱলম্বী লোক সকলে ধৰ্মীয় ৰীতি নীতিৰে পালন কৰি আহিছে৷ এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমীত দেৱীক আৰাধনা কৰাৰ পাছত বিজয়া দশমীত দেৱীক অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হ’ব৷ এইবাৰ দেৱী দুৰ্গাৰ দোলাত আগমণ ঘটিছে আৰু ঘোঁৰাত গমন হ’ব৷ শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ৰাজ্যজুৰি এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰিছে৷ এইবাৰ আড়ম্বৰপূৰ্ণভাৱে ৰাজ্যজুৰি অনুষ্ঠিত হৈছে দূৰ্গোৎসৱ৷ এইবাৰ বিগ বাজেটেৰে আৰু নানা থিম লৈ অনুষ্ঠিত হৈছে বহুকেইখন দুৰ্গাপূজা৷ বছৰজোৰা অপেক্ষাৰ অন্তত এইবাৰ ৰাজ্যজুৰি প্ৰায় তিনি সহস্ৰাধিক আৰু গুৱাহাটী মহানগৰীত প্ৰায় ৫০০খন পূজা সমিতিক প্ৰশাসনে যাবতীয় বিধি অনুসৰি পূজা আয়োজন অনুমতি দিছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দুৰ্গা পূজাৰ মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই তোলা হৈছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীখনো আটক ধুনীয়াকৈ সজাই তোলা হৈছে৷ ইফালে উজান বজাৰৰ বাৰুৱাৰী পূজা সমিতি, হৰিসভা, উগ্ৰতাৰা, ছক্ৰাকাৰ দেৱালয়, শক্তিপীঠ কামাখ্যাত বৈদিক ৰীতি-নীতিত গুৰুত্ব দি অধ্যাত্মিকভাৱে দুৰ্গাপূজা পালন কৰি আহিছে৷ সকলোৱে এতিয়া নতুন সাজ পোছাক পৰিধান কৰি জেলেপীৰ জুতি লৈ পূজাৰ আনন্দ উপভোগ কৰিবলৈ সাজু হৈছে৷ ৰাজ্যবাসীয়ে এতিয়া দুৰ্গতিনাশিনীক ঢাক ঢোল, ধূপ, দ্বীপ, নৈবদ্যৰে আদৰিবলৈ সাজু হৈছে৷ বুধবাৰে সন্ধিয়াৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ প্ৰতিখন পূজা মণ্ডপত ভক্তৰ সমাগম পৰিলক্ষিত হয়৷ আকৰ্ষণীয় পূজা মণ্ডপ, ৰং-বিৰঙৰ আলোক সজ্জাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীৰ প্ৰতিখন পূজা মণ্ডপ, মহানগৰীৰ বাট-পথ সজাই তোলাৰ লগতে আলোকিত হৈ পৰিছে৷ সন্ধিয়াৰ পৰা পুৱতি নিশা লৈ ভক্তসকলে মহানগৰীৰ বিভিন্ন পূজা মণ্ডপত সোঁত বয়৷ আনহাতে, বৃহস্পতিৱাৰে মহা সপ্তমীৰ দিনা মহানগৰীৰ প্ৰতিখন পূজা মণ্ডপত অগণন ভক্তৰ সমাগম হ’ব৷ ভক্ত দৰ্শনাৰ্থীৰ সকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নোহোৱা কৈ দেৱী দৰ্শন কৰিব পাৰে তাৰ বাবে পূজা সমিতি সমূহে ব্যৱস্থা গ্ৰহণ কৰিছে৷ মহানগৰীৰ বিভিন্ন স্থানত প্ৰায় পাঁচ শতাধিক দুৰ্গা পূজা অনুষ্ঠিত হব৷
প্ৰতিখন পূজা স্থলী আকৰ্ষণীয় কৰি তোলাৰ বাবে পূজা উদ্যাপন সমিতি সমূহে বিগত প্ৰায় এক ডেৰ মাহ ধৰি দিন ৰাতি একাকাৰ কৰি কামত ব্যস্ত হৈ পৰাৰ অন্তত বুধবাৰে ষষ্ঠীৰ দিনা সন্ধিয়াৰ পৰা বিভিন্ন পূজা স্থলীত বহু লোকৰ সমাগম পৰিলক্ষিত হয়৷ বিশেষকৈ প্ৰতি বছৰে ব্যতিক্ৰমী পূজা মণ্ডপ নিৰ্মাণ কৰি ভক্ত, দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ অহা বিষ্ণুপুৰ সৰ্বজনীন সমিতিয়ে এই বেলি ৰাজস্থানৰ জমিদাৰ পুৰণি হাভেলিৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপ চাবলৈ ষষ্ঠীৰ দিনাৰ পৰা ভক্ত, ভিৰ পৰিলক্ষিত হয়৷ তেনেদৰে গ্ল’বেজাইছনৰ আৰ্হিত শান্তি পুৰ শ্লুইচে গেট সৰ্বজনীন পূজা সমিতিয়ে প্ৰস্তুত কৰা মূল মণ্ডপ টোৱেও ৰাইজক আকৰ্ষণ কৰাৰ লগতে সম্পুৰ্ণ বাঁহেৰে নিৰ্মাণ কৰা ৰিহাবাৰী পূজা স্থলী, এটি বৃহৎ জাপিৰ আৰ্হিত মূল মণ্ডপ প্ৰস্তুত কৰা কুমাৰপাৰা নয়নতৰা ক্লাব পূজা, চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ আৰ্হিত প্ৰস্তুত কৰা ছাত্ৰীবাৰী পূজা স্থলীৰ পূজা মণ্ডপত ভক্ত, দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয়৷ আনহাতে ধানৰ তুহ, বাঁহ, খেৰেৰে প্ৰস্তুত কৰা টকৌ বৰি পূজা স্থলীৰ মূল মণ্ডপ, মৈদাম বেলতলা লক্ষ্মী মন্দিৰ পূজা স্থলীত কাৰিকৰী কৌশলেৰে সমাজলৈ বিভিন্ন বাৰ্তা প্ৰেৰণ কৰা ৰ বাবে প্ৰয়াস কৰা পৰিলক্ষিত হয়৷ বিশেষকৈ মৈদাম বেলতলা লক্ষ্মী মন্দিৰ পূজা স্থলীত যুৱ উসৃঙ্খিলতাৰ বাইক ষ্টান, ড্ৰাগছ সেৱন, ধৰ্ষণ আদিৰ দৰে ঘটনা সমাজ খনত দিনক দিনে বৃদ্ধি পোৱাৰ ঘটনা কাৰিকৰী কৌশলেৰে সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে৷ তেনেদৰে ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পন কৰা গণেশ পাৰা সৰ্বজনীন দুৰ্গা পূজা মণ্ডপটো লাল কিল্লাৰ আৰ্হিত নিৰ্মাণ কৰাত এই পূজা স্থলী সমূহত বুধবাৰে ষষ্ঠীৰ দিনা সন্ধিয়াৰ পৰা ভক্ত দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয়৷ শাৰদীয় দুৰ্গাপূজাক লৈ ৰাজ্যত বৈছে উছাহৰ ঢল৷ দিনটোত প্ৰতিখন পূজা মণ্ডপতেই উখল- মাখল পৰিৱেশ বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে৷ মহানগৰীত শ্ৰীশ্ৰী দক্ষিণেশ্বৰী কালীবাৰী দুৰ্গাপূজা বুধবাৰে আনুষ্ঠানিকভাবে উদ্বোধন কৰে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৮০ তম কালীবাৰী দুৰ্গাপূজা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে দুৰ্গোৎসৱ সমাজৰ এক ঐতিহ্য বহন কৰে৷ ধৰ্মীয় পৰম্পৰাৰ লগতে বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে এই দুৰ্গোৎসৱে৷
কালীবাৰী দুৰ্গোৎসৱ উদ্যাপন সমিতিয়ে এইবেলি পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিশাল দুৰ্গোৎসৱৰ এই পদক্ষেপক বিধায়কগৰাকীয়ে প্ৰশংসা কৰে৷ এই অনুষ্ঠানটোত কালীবাৰী দুৰ্গোৎসৱ উদ্যাপন সমিতিৰ সভাপতি পবিৰ দাস গুপ্তা, সম্পাদকদ্বয় বিনোদ সাহানী, বিশ্বজিৎ চান্দা, কোষাধ্যক্ষদ্বয় অৰুণ দাস, ৰানা শীল, মুখ্য পৃষ্ঠপোষক নাৰায়ণ আগৰৱালাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ মহানগৰীৰ অন্যান্য প্ৰান্তৰ লগতে চন্দ্ৰপুৰ আৰু পানীখাইটিত ১৭খন পূজাস্থলীত বিল্ব বোধনেৰে আৰম্ভ হৈছে দেৱী বন্দনা৷ অঞ্চলটোৰ সকলো পূজা মণ্ডপত ইতিমধ্যে আৰম্ভ হৈছে ভক্ত প্ৰাণ ৰাইজৰ ভক্তি ভৰা আগমণ৷ চন্দ্ৰপুৰ আৰু পানীখাইটিৰ অধিক সংখ্যক পূজাস্থলী বিভিন্ন আলোকসজ্জাৰে আকৰ্ষণীয় কৰি তুলিছে উদযাপন সমিতি সমূহে৷ ইয়াৰ ভিতৰত তাতিমাৰা শাৰদীয় শ্ৰীশ্ৰী দুৰ্গা পূজা উদ্যাপন সমিতিয়ে এইবাৰ ব্যতিক্ৰমী ধৰণে সজাই তুলিছে পূজা মণ্ডপ৷ উদযাপন সমিতিয়ে দেৱী দুৰ্গাক দৰ্শন কৰিবলৈ দৰ্শনাৰ্থীৰ বাবে কৈলাস পৰ্বতৰ আৰ্হিত নিৰ্মাণ কৰিছে প্ৰবেশস্থলী৷ শিখৰত সদাশিৱই ধ্যান মগ্ন অৱস্থাত থকা পৰ্বতৰ এটা গুহাৰ ভিতৰৰে সোমাই যোৱাৰ পিছতহে দেৱী দুৰ্গাৰ দৰ্শন লাভ কৰিব দৰ্শনাৰ্থীয়ে৷ ইয়াৰ উপৰি ১৩ অক্টোবৰৰ সন্ধিয়া ৭ বজাত ৰাৱণ বধ আৰু আকৰ্ষণীয় আতচবাজি প্ৰদৰ্শন কৰিব উদ্যাপন সমিতিয়ে৷ ইতিমধ্যে ৪০ ফুট উচ্ছতাৰ বৃহৎ আকাৰৰ ৰাৱণৰ মূৰ্তি এটা প্ৰস্তুত কৰাৰ বিষয়ে জানিব দিছে উদ্যাপন সমিতিয়ে৷ উল্লেখ্য, পূজাৰ বতৰত শিশু সকলৰ পেঁপা, বেলুন, পুতলা পিষ্টল আদিৰ দৰে সামগ্ৰীৰ প্ৰতি থকা আগ্ৰহ পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ অৱশ্যে ইয়াৰ বিপৰীতে দুৰ্গা পূজা বুলিলে জেলেপীৰ সোৱাদ লবলৈ সকলোৱে আগ্ৰহী হৈ পৰে৷ ইতিমধ্যেই মহানগৰীৰ বিভিন্ন চাহ দোকান, মিঠাই দোকা ৰ সন্মুখত অস্থায়ীভাৱে জেলেপীৰ দোকান বহুৱাই ক্ৰেতাৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ প্ৰতিবছৰৰ দৰে এইবাৰো জনসাধাৰণক পূজাৰ দিন কেইটাত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ আৰক্ষী প্ৰশাসনে জনগণক আহ্বান জনাইছে৷ এতিয়া চৌদিশে মাথোঁঁ সৰ্বত্ৰে মাথোঁঁ দেৱী বন্দনা আৰু দুৰ্গা পূজাৰ উছাহ উদ্দীপনা পৰিলক্ষিত হৈছে৷ ইফালে, দুৰ্গোৎসৱৰ মহাষষ্ঠীৰ দিনা গুৱাহাটীৰ গণেশগুৰিত ‘অ’ গুৱাহাটী’ নামৰ এখন ফেমিলী ৰেস্তোৰাঁ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মুকলি কৰে৷ এই ৰেস্তোৰাঁখনত থলুৱা, কণ্টিনেণ্টেল আৰু ছাইনিজ খাদ্য উপলব্ধ হ’ব আৰু প্ৰতিদিনে প্ৰতিষ্ঠিত শিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব৷ শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ মুখ্যমন্ত্ৰী শৰ্মাই দুৰ্গোৎসৱ উপলক্ষে এক শুভেচ্ছা বাৰ্তাত কয়– ‘শাৰদীয় দুৰ্গোৎসৱে আমাৰ মাজত বৰ্তি থকা মিলনৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ দিশত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰিব৷’ শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চাৰ ভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ লগতে বিভিন্ন দল-সংগঠনে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে৷
তেজপুৰৰ শতাধিক পূজাস্থলীত দেৱীক আৰাধনা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ : শক্তি আৰাধনাৰ অন্যতম পীঠ হিচাপে পৰিচিত তথা পূৰাণবৰ্ণিত তেজপুৰৰ মাইথান হিচাপে পৰিচিত ভৈৰৱী দেৱালয়ৰ লগতে তেজপুৰৰ দুশ ৰাজহুৱা আৰু ব্যক্তিগত পূজাৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈছে৷ প্ৰতিকুল বতৰ সত্ত্বেও উৎসৱমুখৰ পৰিস্থিতিয়ে বিৰাজ কৰা তেজপুৰৰ দুৰ্গা পূজা মণ্ডপসমূহত পুৱাৰেপৰা নিশালৈকে উদ্যোক্তাসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য, ৰাজ্যখনৰ অনান্য প্ৰান্তৰ দৰে তেজপুৰতো দুৰ্গা পূজাই সাৰ্বজনীন ৰূপ ধাৰণ কৰে যদিও বৰ্তমানেও তেজপুৰৰ বহু পুৰণি পূজা সমিতিয়ে জাকজমকতাতকৈ পূজাৰ আধ্যাত্মিক দিশটোত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ সংস্কৃতিৰ নগৰী হিচাপে তাহানিৰেপৰা পৰিগণিত তেজপুৰত ঐতিহাসিককালৰেপৰা হৈছিল শক্তিপূজা৷ বাণ ৰজাৰ আখ্যানেৰে সংপৃক্ত তথা পৰৱৰ্তী সময়ত আহোম ৰাজত্বকালৰ ইতিহাসেৰে সমৃদ্ধ এইখন শক্তিপীঠত এইবাৰো শাৰদীয় দুৰ্গা পূজা উদ্যাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ ন অক্টোবৰত বৈদিক নিয়ম অনুসৰি বেলবৰণেৰে দেৱীৰ পূজা-অৰ্চনাৰ শুভাৰম্ভ কৰাৰ পাছত ভৈৰৱী থানত মহাসপ্তমী, মহা অষ্টমী আৰু আৰু মহা নৱমীত পূৰ্বৰ দৰে শক্তিস্বৰূপিনীৰ আশিস লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্নপ্ৰান্তৰ অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিব বুলি থানখনৰ পৰিচালনাৰ দায়িত্বত থকা ৰাজীৱ শৰ্মাই জানিবলৈ দিছে৷ উল্লেখ্য, উক্ত তিনিটা দিনত থানখনত মহিষাসুৰমৰ্দিনীৰ প্ৰতি উছৰ্গাৰে হাঁহ, পাৰ, ছাগলীৰ লগতে ম’হো বলি দিয়া হ’ব বুলি শৰ্মাই ব্যক্ত কৰিছে৷ এইবাৰ এইখন শক্তিপীঠত তিনিটা ম’হ বলি হ’ব৷ আনহাতে, তেজপুৰৰ নিকটৱৰ্তী লখৰাৰ লখৰা বুঢ়াগাঁও সাৰ্বজনীন দুৰ্গা পূজা আৰু লাৱৰঘড়ী পূজাতো এইবাৰ ম’হবলি দিয়া হ’ব বুলি জানিব পৰা গৈছে৷ আনহাতে, তেজপুৰৰ প্ৰথম ৰাজহুৱা দুৰ্গা পূজা অনুষ্ঠিত হৈছিল অসমীয়া আৰু বেংগলী ৰাইজৰ সমিল-মিলেৰে ১৮৮৭ চনত৷ ঠিক তেনেকৈ দ্বিতীয়খন ৰাজহুৱা দুৰ্গা পূজা তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই শুভাৰম্ভ কৰা ১৯০৭চনৰ কলিবাৰী সাৰ্বজনীন নামঘৰৰ পূজাভাগ৷ সেই পূজাভাগৰ আঁত ধৰিয়েই তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে আকৌ ১৯০৯চনৰপৰা ধাৰাবাহিকভাৱে সম্পূৰ্ণ সাত্ত্বিক পৰিৱেশত বিগত ১১৬বছৰ ধৰি পালন কৰি আহিছে দুৰ্গা পূজা৷ আনহাতে, দেশৰ স্বাধীনতা সংগ্ৰামেৰে সম্পৰ্ক থকা তেজপুৰৰ ৮২বছৰীয়া এখন দুৰ্গা পূজা হৈছে পাৰ্বতী নগৰৰ পৰিয়ালকেন্দ্ৰিক পূজাখন৷ অৱশ্যে এইখন পূজা ব্যক্তিগতভাৱে আয়োজন হ’লেও এইখন পূজাত ৰাইজেও বহুলভাৱে সহযোগ কৰি আহিছে৷ প্ৰণিধানযোগ্য যে, ১৯৪২ত স্বাধীনতা সংগ্ৰামী মহাদেৱ শৰ্মা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা অৱস্থাত কাৰাগাৰৰ ভিতৰতে অনুমতিসাপেক্ষে আৰম্ভ কৰিছিল এইখন পূজা৷ মূৰ্তিবিহীনভাৱে ঘটত কৰা এইখন পূজা ১৯৪৩ৰ পৰা স্বাধীনতা সংগ্ৰামীগৰাকীৰ ভাতৃ তথা পৰিয়ালে তেজপুৰৰ পাৰ্বতী নগৰত অনুষ্ঠিত কৰিবলৈ লয়৷ স্বাধীনতা সংগ্ৰামীগৰাকীয়ে স্থাপন কৰা সংস্কৃত টোলৰ পূজা হিচাপেও পৰিচিত এইখন পূজাত একেৰাহে ১৫বছৰ পূজাৰীৰ আসনত বহিছিল স্বয়ং মহাদেৱ শৰ্মা৷ ৮২বছৰ সম্পূৰ্ণ হোৱা এইখন পূজা বৰ্তমান মহাদেৱ শৰ্মাৰ পৰিয়ালে জাকজমকতা পৰিহাৰ কৰি কেৱল সাত্বিকতাৰে অনুষ্ঠিত কৰি আহিছে৷ তেজপুৰৰ এখন পুৰণি পূজা হিচাপে পৰিচিত এইখন পূজাত মহাদেৱ শৰ্মাৰ পৰিয়াল তথা বংশৰ প্ৰতিজনে সহযোগ কৰি অহাৰ লগতে ৰাইজে স্ব-ইচ্ছাই আগবঢ়োৱা শৰাই তথা সামগ্ৰী গ্ৰহণ কৰা হয়৷
তদুপৰি, ১৯৫২ চনৰ পৰা আৰম্ভ হোৱা তেজপুৰৰ আৰু এখন উল্লেখযোগ্য পূজা হৈছে প্ৰখ্যাত সদাগৰ প্ৰয়াত গংগাৰাম দাসৰ ঘৰৰ দুৰ্গা পূজা৷ এই পূজাৰ প্ৰতিমা প্ৰথমতে তেজপুৰৰ প্ৰখ্যাত শিল্পী প্ৰয়াত লম্বোদৰ হাজৰিকাই নিৰ্মাণ কৰিছিল আৰু তেওঁৰ পাছত আন এগৰাকী প্ৰখ্যাত শিল্পী প্ৰয়াত জয় চন্দ্ৰ দাসে নিৰ্মাণ কৰিছিল৷ তদুপৰি, তেজপুৰৰ কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ পূজা, মাৰোৱাৰী পঞ্চায়তী ধৰমশালাৰ আকৰ্ষণীয় পূজা, ৰবৰ বাগানৰ চণ্ডী মণ্ডপ, মধ্যপাৰা সাৰ্বজনীন দুৰ্গা পূজা, হৰিসভা সাৰ্বজনীন দুৰ্গা পূজা, নেপালী পট্টি, গাৰোৱান পট্টি আদিৰ উপৰি জাহাজঘাটত জাকজমকতাৰে উদ্যাপন কৰি অহা হৈছে সাৰ্বজনীন দুৰ্গা পূজা৷ সেইদৰে বাৰহলীয়াৰ অজন্তা ক্লাবৰ দুৰ্গা পূজা, লম্বোদৰ বৰা পথৰ ৰাজহুৱা দুৰ্গা পূজা, হৰিজন কলনিৰ পূজা, ৰামকৃষ্ণ সেৱাশ্ৰমৰ অতি সাত্ত্বিক পৰিৱেশৰ দুৰ্গা পূজা, চানমাৰি নেপালী সম্প্ৰদায়ৰ লোকসকলে উদ্যাপন কৰি অহা দুৰ্গা পূজা, ঘৰপৰা চুবুৰীৰ অৰুণোদয় পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰা মাজগাঁও সাৰ্বজনীন দুৰ্গা পূজাও উল্লেখনীয় পূজা৷ মাজগাঁৱৰ এই পূজাভাগত এইবাৰ নাটক আৰু পূৰ্বৰ দৰেই ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থাও কৰা হৈছে৷ সাত্বিকতাক গুৰুত্ব দি পূজাখন অনুষ্ঠিত কৰি অহা হৈছে৷ তদুপৰি, দাধৰা বামুণ চুবুৰিৰ যুৱ শিশু বিকাশ কেন্দ্ৰৰ দুৰ্গা পূজা, এক্স পুলিচ লাইনৰ আকৰ্ষণীয় দুৰ্গা পূজাৰ লগতে তেজপুৰ চহৰৰ দানবীৰ হিচাপে পৰিগণিত প্ৰয়াত ঈশ্বৰ চৌধুৰীৰ পৰিয়ালে ব্যক্তিগতভাৱে আয়োজন কৰি অহা দুৰ্গা পূজাৰ ওপৰি অতিসম্প্ৰতি মাজগাঁও শইকীয়া চুবুৰীৰ সাৰ্বজনীন দুৰ্গা পূজা, ঊষা নগৰ ৰাজহুৱা দুৰ্গা পূজা, কেতেকীবাৰী সাৰ্বজনীন দুৰ্গা পূজা, মাজগাঁও মৰাভৰলী পাৰৰ ৰাজহুৱা দুৰ্গা পূজা, গোপীনাথ বৰদলৈ নগৰৰ সাৰ্বজনীন দুৰ্গা পূজা, পৰোৱা সাৰ্বজনীন পূজাৰ লগতে তিনিমাইলৰ ৰাজহুৱা পূজাকে ধৰি তেজপুৰ চহৰ আৰু উপকণ্ঠ অঞ্চলৰ দুই শতাধিক দুৰ্গা পূজা উদ্যাপনৰ পৰিৱেশৰ মাজত ১৯৭৫ৰ পৰা তেজপুৰৰ নিকটৱৰ্তী নপামত ৰাইজে অনুষ্ঠিত কৰি অহা সাৰ্বজনীন দুৰ্গা পূজাই এইবাৰ সোণালী জয়ন্তী উদ্যাপন কৰিছে৷ ইপিনে তেজপুৰৰ কটন ৰ’ডত এইবাৰ এখন ৰাজহুৱা দুৰ্গা পূজা প্ৰথমবাৰলৈ আয়োজন কৰা হৈছেদ্ম্বাৰ্ছ ক্লাবৰ পূজাত পূৰণা এবিধ কলাক বিষয়বস্তু হিচাপে প্ৰদৰ্শন কৰাৰ বিপৰীতে তেজপুৰৰ লালমাটিত নাৰী নিৰ্যাতন আৰু প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে সজোৱা হৈছে পূজা মণ্ডপ৷ ডেকাৰ গাঁও, গৰৈমাৰীতো শাৰদীয় পূজা উলহ-মালহেৰে অনুষ্ঠিত কৰা হৈছে৷
শিৱসাগৰৰ দেৱী দৌলত ২৯১ বছৰীয়া পূজা
‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধি : শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত ঐতিহাসিক দেৱী দৌলত এইবাৰ আয়োজন কৰা হ’ব দুৰ্গা পূজা৷ দেবী দৌলত দেবী দুৰ্গাৰ স্থায়ী মূৰ্তিৰ কাষতেই দেৱীৰ মৃন্ময় মূৰ্তি স্থাপন কৰা হ’ব৷ দেৱী দৌলৰ পূজাভাগৰ মাহাত্ম্য অনুসৰি আন পূজা মণ্ডপৰ প্ৰতিমাসমূহ দশমীৰ দিনা বিসৰ্জন দিয়াৰ পূৰ্বে দেবী দৌলৰ প্ৰতিমা বিসৰ্জন দিয়াৰ পুৰণি পৰম্পৰা আজিও অব্যাহত আছে৷ উল্লেখ্য, বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনতেই সুদূৰ কনৌজৰ শাক্ত ধৰ্মৰ নীতিসমূহ পালনৰ বাবে আহিছিল প্ৰখ্যাত বৰঠাকুৰ পৰিয়ালৰ উপৰিপুৰুষসকল৷ এই পৰিয়ালৰ লোকসকলে দৌলত যুগ যুগ ধৰি পূজা-অৰ্চনা কৰি আহিছে৷ তেওঁলোকৰে পৰিয়ালৰ এটা ফৈদে পূজাৰ বাবে ভক্তসকলে আগবঢ়োৱা ‘বলি’ৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে ‘বলিকটিয়া’ নামেৰেও বিখ্যাত হৈ পৰিছিল৷ দেবীৰ পূজা-অৰ্চনাৰ সমান্তৰালভাৱে বলি-বিধানৰ দায়িত্বও এই পুৰণি পৰিয়ালটোৱে আজিও সম্পাদন কৰি আহিছে৷ দুৰ্গা পূজাৰ সপ্তমীৰ দিনা সৰু বলি আৰু অষ্টমীৰ দিনা বৰ বলি দিয়া হয়৷ এই বলি-বিধানৰ বাবে ঐতিহাসিক দেবী দৌলৰ কাষত সাজু কৰি তোলা হৈছে বিশাল বলিশাল৷ দেবী দুৰ্গাৰ সন্তুষ্টিৰ বাবে ভক্তসকলে কোমোৰা, হাঁহ আৰু ছাগলী বলি দি আহিছে৷ আনহাতে, ২৯১বছৰীয়া এই দেৱী পূজাৰ সৈতে আন এক পৰম্পৰা জড়িত হৈ আছে৷ আহোম যুগত পূজাৰ সময়ত ‘নেগেৰা’ বাদ্য বজোৱাৰ দায়িত্ব পালন কৰিছিল শিৱসাগৰৰ মুছলমান দৌল্লা পৰিয়ালে৷ এই মুছলমান সম্প্ৰদায়ৰ দৌল্লা পৰিয়ালে সুদীৰ্ঘকাল নেগেৰা বাদ্য বজোৱাৰ কৃতজ্ঞতাৰ চিনস্বৰূপে তাহানিৰেপৰা পূজাৰ অষ্টমীৰ দিনা দৌল্লা পৰিয়াললৈ এটা জীৱন্ত ছাগলী আৰু নৈবেদ্য আগবঢ়োৱাতো এক নিয়ম হৈ আহিছে৷ তেনেদৰে শিৱসাগৰৰ বৰপাত্ৰগোহাঁই পৰিয়াললৈ নৈবেদ্য আগবঢ়াই অহা হৈছে৷ আজিৰ সংবাদ মেলত এই অনুষ্ঠান দৌলৰ বাহিৰত আড়ম্বৰপূৰ্ণভাৱে সম্পন্ন কৰা হ’ব বুলি কতৃৰ্পক্ষই সদৰি কৰে৷
নলবাৰী জিলাত ডেৰশখন দুৰ্গা পূজা
‘আমাৰ অসম’ৰ দক্ষিণ নলবাৰীৰ প্ৰতিবেদক : ৰাজ্যৰ আন জিলাৰ দৰে নলবাৰীতো উৎসাহ-উদ্দীপনাৰে আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা৷ আজি দুৰ্গা ষষ্ঠী তিথিত জুৰিয়া বিপ্লব বোধনেৰে পাঁচদিনীয়াকৈ আৰম্ভ হৈছে দশভূজাৰ পূজা৷ পৰম্পৰাগতভাৱে জিলাখনত ডেৰশখন দুৰ্গা পূজা ৰীতি-নীতিৰে উদ্যাপিত হৈছে৷ মহিষমৰ্দিনীৰ পূজাক লৈ জিলাখনত ধৰ্মীয় ৰাইজৰ মাজত সৃষ্টি হৈছে উখল-মাখল, উৎসাহজনক পৰিৱেশৰ৷ বিগতকেইদিনত জিলাখনৰ প্ৰায় প্ৰতিখন কাপোৰৰ দোকান-বিপণীত, শ্বপিং মলত ক্ৰেতাৰ ভিৰ কিছু সেৰেঙা আছিল যদিও কালিৰেপৰা গ্ৰাহক-ক্ৰেতাৰ ভিৰ বঢ়িছে বস্ত্ৰ বিপণীসমূহত৷ বাট-পথত যথেষ্ট ভিৰ, ব্যাপক যান-জঁট৷ জিলাখনত যাতে সূচাৰুৰূপে দুৰ্গা পূজা উদ্যাপিত হয় সেই দিশত জিলা প্ৰশাসনে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ নিশা দহ বজাৰ পাছত পূজা সমিতিসমূহে বজাব নোৱাৰিব লাউডস্পীকাৰ৷ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ মতে, সমিতিসমূহে চি চি টি ভি, পৰ্যাপ্ত স্বেচ্ছাসেৱক আৰু পাৰ্কিঙৰ সু-ব্যৱস্থা কৰিব লাগিব৷ জিলাখনৰ ডেৰশ পূজাথলীত ষষ্ঠীবিহীত পূজা উপলক্ষে আজি ভিন্ন কাৰ্যসূচী ৰূপায়িত হয়৷
মহামায়া মন্দিৰত ৰজাঘৰীয়া ৰীতি-নীতিৰে পূজা
‘আমাৰ অসম’ৰ বগৰীবাৰীৰ প্ৰতিবেদক : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীৰ ঐতিহাসিক মা মহামায়া মন্দিৰত চাৰিশ বছৰীয়া পুৰণি ৰজাঘৰীয়া ৰীতি-নীতিৰে ব্যতিক্ৰমধৰ্মী দুৰ্গা পূজা আজি দেৱীৰ মহাষষ্ঠী পূজাৰ জৰিয়তে আৰম্ভ হয়৷ ঐতিহাসিক ঘটনা-পৰিঘটনা সংপৃক্ত হৈ থকা মা মহামায়া মন্দিৰৰ দুৰ্গা পূজা লোকপ্ৰবাদ তথা তথ্যপ্ৰমাণ অনুসৰি, ষোল্লশ শতিকাৰ শেষৰ ফালে বগৰীবাৰীৰ পৰ্বতজোয়াৰ ষ্টেটৰ জমিদাৰ হাতীবৰ চৌধুৰীৰ তত্ত্বাৱধানত মহামায়া মন্দিৰত পুৰণি ৰজাঘৰীয়া ৰীতি-নীতিৰে ব্যতিক্ৰমধৰ্মী এই দুৰ্গা পূজা আৰম্ভ হৈছিল৷ তাহানিকালৰেপৰা আৰম্ভ হোৱা এই পূজাত দেৱীৰ, কোনো মূৰ্তি নাই৷ মহাষষ্ঠিৰ দিনা দেৱীৰ বোধনৰ মাজেদি ঘট্ স্থাপন কৰি ষোড়শোপচাৰ পদ্ধতিৰে দেৱী, দুৰ্গাৰ পূজা আৰম্ভ হয়৷ এই পূজাৰ বিশেষত্ব হৈছে প্ৰতিদিন পূজাৰ অঙ্গীয় চণ্ডীপাঠ, প্ৰতিদিন এহাজাৰকৈ বিপ্লব পত্ৰ দান, দুৰ্গামন্ত্ৰ জপ, বটুক পূজা-পাঠ আৰু হোমযজ্ঞ হয়৷ লগতে দেৱতা পাগল নাথ, পদ্মা, কালী, পঞ্চ দেৱতাৰে পূজা হয়৷ পূজাস্থলিত প্ৰতিদিন পদ্মা পুৰাণৰ গীতৰ প্ৰচলন আছে৷ ষষ্ঠীৰ দিনাৰপৰা আৰম্ভ হোৱা এই পূজা সপ্তমীবিহীত পূজা, সন্ধি পূজাৰ জৰিয়তে আষ্টমীবিহীত পূজা অনুষ্ঠিত হয়৷ এই পূজাৰ বিশেষত্ব হ’ল প্ৰতিদিন পঠা, পাৰ, হাঁহ, মাগুৰ মাছ বলি দিয়া হয়৷ চাৰিশ বছৰীয়া পৰম্পৰা অনুসৰি প্ৰতিদিন পূজাত, কাছ বলি দিয়াৰ, পৰম্পৰা আছিল, যদিও বৰ্তমানে আইনগত, কাৰণত বৰ্তমানে বন্ধ হৈছে৷ প্ৰতিদিেন ২ কুইণ্টল পৰিমাণৰ চাউল ভোগ দিয়াটো পৰম্পৰাগতভাৱে চলি আছে৷ প্ৰতিবছৰৰ দৰে এইবেলিও মহা নৱমীৰ দিনা লক্ষ বলি দিয়া হয় আৰু ম’হ বলি দিয়াৰ পৰম্পৰা চলি আছে৷ স্মৰ্তব্য যে, এই পূজা নতুনকৈ বা কোনো বেলেগ পুৰুহিতে পূজা কৰিব নোৱাৰে৷ লোকপ্ৰবাদ অনুসৰি, চাৰিশ বছৰ পূৰ্বে মা মহামায়াই সপোনত কন্দৰ্প নাৰায়ণ ব্ৰহ্মচাৰীক পূজা-অৰ্চনা কৰাৰ বাবে আদেশ দিয়াৰ দিনৰপৰা তেওঁৰ পৰিয়ালৰ লোকেই কেৱল এই এই পূজা কৰাৰ পৰম্পৰা চলি আছে৷ এই পূজা দৰ্শন কৰিবলৈ দেশ-বিদেশৰপৰা হাজাৰ দেশী-বিদেশী ভক্তৰ সমাগম হয়৷
ৰূপহী, শালবাৰী, সৰুপেটাত দুৰ্গা পূজা
‘আমাৰ অসম’ৰ ভৱানীপুৰ আৰু আনন্দ বজাৰৰ প্ৰতিবেদক : শালবাৰী মহকুমাৰ অন্তৰ্গত ৰূপহীত শ্ৰীশ্ৰী মা দুৰ্গা পূজা মন্দিৰত আজিৰেপৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে ৭২সংখ্যক শ্ৰীশ্ৰী দুৰ্গা পূজা৷ আজি পুৱা সাত বজাত ৰূপহীৰ বৰ্ষীয়ান সমাজকৰ্মী শৰৎ স্বৰ্গীয়াৰীয়ে দুৰ্গা মন্দিৰ তথা দুৰ্গাপূজাথলীত স্বচ্ছতা অভিযান কাৰ্যক্ৰমণিকা মুকলি কৰি পাঁচদিনীয়া ৭২সংখ্যক শ্ৰীশ্ৰী দুৰ্গা পূজাৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পাছতে পূজাথলীৰ মুখ্য তোৰণ আৰু দ্বিতীয়খন তোৰণ উন্মোচন কৰে ক্ৰমে- শালবাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তপেশ্বৰ বসুমতাৰী আৰু বিশিষ্ট সমাজকৰ্মী নকুল চন্দ্ৰ বড়োৱে৷ লগতে দুৰ্গা পূজা উদ্যাপন সমিতিৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে অৱসৰী কৃতী শিক্ষক ঘনশ্যাম ব্ৰহ্মচাৰীয়ে, দুৰ্গা মন্দিৰৰ দুৱাৰ মুকলি কৰে অৱসৰী কৃতী শিক্ষক অতুল চন্দ্ৰ বড়োৱে, ৰঙ্গমঞ্চ আৰু ৰভাথলীৰ দ্বাৰ মুকলি কৰে যুৱ উদ্যোগী-সমাজকৰ্মী দিগন্ত গয়াৰীয়ে, চিকিৎসা শিবিৰ মুকলি কৰে সমাজকৰ্মী নৱজিৎ নাৰ্জাৰীয়ে৷ বিয়লি ৰূপহী শ্ৰীশ্ৰী দুৰ্গা পূজা উদ্যাপন সমিতিৰ সভাপতি মোহন বসুমতাৰী আৰু উপ-সভাপতি অতিন্দ্ৰনাথ বড়োৰ পৰিচালনাত ‘শ্ৰীশ্ৰী মা দুৰ্গা দেৱীৰ মাহাত্ম্য’ বিষয়ক আলোচনা-চক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷ আলোচনা-চক্ৰত নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি তথা অৱসৰী কৃতী শিক্ষক গিৰিশ বড়োৱে৷ লগতে ৰূপহী অঞ্চলৰ অৰ্ধ শতাধিক সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হয়৷ তদুপৰি, বিয়লি শতাধিক মহিলাই পৰম্পৰাগত ৰীতিৰে কাষত কলচী লৈ দুৰ্গা দেৱীৰ মন্দিৰৰপৰা শোভাযাত্ৰা কৰি উৰুলি, বিয়া নামেৰে ৰূপহী নদীৰপৰা পানী তুলি পুনৰ শোভাযাত্ৰা কৰি দুৰ্গা দেৱীৰ মন্দিৰত পানীৰ কলচীবোৰ স্থাপন কৰে৷ সন্ধিয়া পৰম্পৰা অনুসৰি বৈদিক প্ৰথাৰে দুৰ্গা দেৱীৰ মহাষষ্ঠী পূজা, বোধন, কল্পাৰম্ভ, আমন্ত্ৰণ, অধিবাস আৰু বেলবৰণ সমাপন কৰা হয়৷ লগতে দুৰ্গা দেৱীৰ মূৰ্তিৰ বেদীত ১০৮গছি বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে বাগ্সা জিলা ৰূপামণি বাথৌ ধৰ্মৰ সভাপতি টিকেন্দ্ৰজিৎ বসুমতাৰীয়ে৷ নিশা বহুসংখ্যক ভক্তই দুৰ্গা দেৱীৰ সন্মুখত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাথৌ আৰ’জ [প্ৰাৰ্থনা] পৰিৱেশন কৰে৷ লগতে নিমন্ত্ৰিত আৰু স্থানীয় শিল্পীৰ দ্বাৰা নৃত্য পৰিৱেশন, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ উল্লেখ্য, ১৩অক্টোবৰলৈ আয়োজিত ৰূপহীৰ দুৰ্গা পূজা উৎসৱত বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক কাৰ্যক্ৰমণিকা ৰূপায়িত হ’ব৷ শালবাৰী মহকুমাৰ অন্তৰ্গত ফাতেমাবাদ চাহ বাগিচা, নিমুৱা, আনন্দ বজাৰ, চিকাদল, বাৰাপেটাৰ নেপালীবস্তি, অটা, বাজেগাঁও, মৈৰাঝাৰ, পূব চাফাকামাৰ, সাউৰাগুৰি, কুৰিবিল, পাটলা, কালপানী, বংশীবাৰী, মাধপুৰ, দলোগাঁৱতো আজিৰেপৰা পাঁচদিনীয়াকৈ আৰম্ভ হৈছে শ্ৰীশ্ৰী দুৰ্গা পূজা উৎসৱ৷ আনহাতে, ভৱানীপুৰ সমষ্টিৰ সৰুপেটাৰ দুৰ্গা মন্দিৰতো আজিৰেপৰা আৰম্ভ হৈছে পাঁচদিনীয়াকৈ ৯৯সংখ্যক দুৰ্গা পূজা উৎসৱ৷ আজি সন্ধিয়াৰ ভাগত দুৰ্গা মন্দিৰৰ প্ৰৱেশ-দ্বাৰ মুকলি, উদ্যাপন সমিতিৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰাৰ পাছতে পৰম্পৰা বৈদিক প্ৰথাৰে দুৰ্গা দেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ তথা আমন্ত্ৰণ, অধিবাস সমাপন কৰা হয়৷ সন্ধিয়াৰপৰা অসমীয়া গীতৰ আধাৰিত মুকলি একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ উল্লেখ্য, ভৱানীপুৰৰ নিকটৱৰ্তী গলিয়া, পুৰণ ভৱানীপুৰ, ধুমাৰকুৰ, মাধৱপুৰতো আজিৰেপৰা পাঁচদিনীয়া কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে শ্ৰীশ্ৰী দুৰ্গা পূজা উৎসৱ৷