Logo
image

বাতিল হ’ব দুশটকীয়া নোট!

নতুন দিল্লী, ১০ অক্টোবৰ : অচিৰেই বন্ধ হ’ব দুশটকীয়াৰ নোটৰ প্ৰচলন৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ তৰফৰ পৰা ইতিমধ্যে ইয়াৰ বাবে পৰ্যায়ক্ৰমে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ সেই অনুসৰি ইতিমধ্যে আৰ বি আয়ে বজাৰৰ পৰা প্ৰায় ১৩৭ কোটি টকাৰ দুশটকীয়া নোট আঁতৰাই নিছে৷ যোৱা দুমাহত আৰ বি আয়ে এই প্ৰক্ৰিয়া সম্পন্ন কৰিছে৷ এনে অৱস্থাত স্বাভাৱিকতে সাধাৰণ নাগৰিকৰ মনত প্ৰশ্নৰ উদয় হৈছে যে মোদী চৰকাৰে পুনৰ পূৰ্বৰ দৰে বিমুদ্ৰাকৰণৰ দৰে পদক্ষেপ ল’ব নেকি?এটা সূত্ৰই দাবী কৰা মতে যোৱাবছৰ ৰিজাৰ্ভ বেংকে ১৩৫ কোটি টকাৰ দুশটকীয়া নোট আঁতৰাই নিছিল৷ ইয়াৰ কাৰণ হিচাপে নোটসমূহ লেতেৰা আৰু ফটা-ছিটা অৱস্থাত থকা বুলি কোৱা হৈছিল৷


কিন্তু মূল্যৰ পিনে যদি চোৱা যায়, তেন্তে বজাৰত দুশটকীয়াতকৈ পাঁচশটকীয়া নোটৰ অৱস্থাহে বেছি বেয়া হোৱা দেখা যায়৷ এইক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ এটা সূত্ৰই দাবী কৰা মতে দুশটকীয়াই নহয়, যোৱা বিত্তীয় বছৰত ৰিজাৰ্ভ বেংকে ৬৩৩ কোটি টকাৰ পাঁচশটকীয়া নোট আঁতৰাই নিছিল৷ এই নোটসমূহৰ অৱস্থা অতি বেয়া হৈ পৰাৰ বাবে নোটসমূহ আঁতৰাব লগা হয় বুলি সূত্ৰটোৱে কয়৷ ইপিনে, বেংকিং বিশেষজ্ঞসকলৰ মতে দুহাজাৰটকীয়া নোট বাতিলৰ পাছত দুশটকীয়া নোটৰ ব্যৱহাৰ বাঢ়িছে৷ যাৰ বাবে দুশটকীয়া নোট প্ৰচুৰ হাৰত বেয়া হ’বলৈ আৰম্ভ কৰে৷ সেইবাবেই বেয়া হোৱা বা ব্যৱহাৰৰ অনুপযোগী হৈ পৰা নোটসমূহ বজাৰৰ পৰা আঁতৰাই নিয়া হয় বুলি কোৱা হৈছে৷