Logo
image

১৭০ বছৰীয়া হ’ল ভাৰতীয় ডাক সেৱা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১০ অক্টোবৰ : ‘ভাৰতীয় ডাক সেৱা এতিয়া কেৱল চিঠি পত্ৰৰ আদান প্ৰদানতে সীমাবদ্ধ হৈ থকা নাই৷ ভাৰতীয় ডাক সেৱাই আগবঢ়োৱা সেৱাই ১৭০ বছৰ সম্পূৰ্ণ কৰিলে৷ –এইদৰে কয় ভাৰতীয় ডাক সেৱাৰ অসম ডাক চক্ৰৰ ডাক সেৱা সঞ্চালক অভিষেশ জৈনে৷ বুধবাৰে ভাৰতীয় ডাক সেৱাৰ অসম চক্ৰৰ উদ্যোগত গুৱাহাটীৰ মেঘদূত ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-এতিয়া ভাৰতীয় ডাক সেৱাই কেৱল চিটি পত্ৰৰ আদান প্ৰদানতে সীমাবদ্ধ হৈ থকা নাই৷ আমি কেন্দ্ৰীয় চৰকাৰৰ বহু সংখ্যক আঁচনিৰ সুচাৰুৰূপে ৰূপায়ণ কৰি আহিছো৷


 ‘ডাক সেৱাজন সেৱা’ : জনসেৱা এই নীতিলৈ আমি এই ডাক সেৱা অধিক জনমুখী কৰাৰ বাবে বিভিন্ন আঁচনি কৰিছোঁ৷ এই সেৱা প্ৰতিঘৰ মানুহৰ ওচৰলৈ নিয়া আমাৰ  উদ্দেশ্য৷ সকলোৱে যাতে সেৱা সমূহ লাভ কৰে আমি তাৰবৱে তাৰ বাবে সেৱাসমূহ অধিক জনমুখী কৰিব বিচাৰিছোঁ৷ আমি লাভালাভত অধিক গুৰুত্ব নিদিওঁ৷ আমাৰ সেৱাসমূহৰ ভিতৰত পাছপোৰ্টৰ সেৱাই যথেষ্ট সফলতা লাভ কৰিছে৷ আমি কোৰিয়াৰ নথকা ঠাইতো সেৱা আগবঢ়াও৷ ২০১৪ চনৰ পাছৰ পৰা আমাৰ সেৱাসমূহৰ কোনোধৰণৰ মূল্য বৃদ্ধি হোৱা নাই৷ আমি ষ্পীড পোষ্ট সেৱা, বিজনেশ্য পাৰ্চেল সেৱা, মেগাজিন পোষ্ট, জীৱন বীমা, গ্ৰাম্য জীৱন বীমা, সুকন্যা সমৃদ্ধি একাউণ্ট, পি পি এফ একাউণ্ট আদি সেৱা আগবঢ়াই থকাৰ লগতে নেট বেংকি আদিৰ সুবিধা আগবঢ়াই আহিছো৷ লগতে বিগত আঠ বছৰ ধৰি আমি বিশুদ্ধ গংগা জলৰ ৫০০ এম এল ৰ বটল ৩০ টকা মূল্যত পোৱাৰ সুবিধা আগবঢ়াই আহিছোঁ৷ ৰাষ্ট্ৰীয় ডাক সপ্তাহ উপলক্ষে আমি ৭ অক্টোবৰৰ পৰা ১১ অক্টোবৰ লৈ ৰাষ্ট্ৰীয় ডাক সপ্তাহ বিভিন্ন কাৰ্যসূচীৰে  উদ্‌যাপন কৰি আহিছো৷ সপ্তাহটোত সমগ্ৰ অসমৰ বিভিন্ন কাৰ্যসূচী আৰু কাৰ্যসূচীয়ে সমগ্ৰ জাতিসমূহৰ সংযোগ আৰু সৱলীকৰণৰ পোষকতাত ডাক সেৱাই যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে তাৰ বিশদ আলোচনা কৰা হয়৷  এইবাৰ ৰাষ্ট্ৰীয় ডাক সপ্তাহ উদ্‌যাপনৰ ফলত জাতিটোৰ আৰ্থ-সামাজিক বিকাশত ইণ্ডিয়া পোষ্টৰ উদীয়মান ভূমিকাক প্ৰতিফলিত কৰা হৈছে৷ ডাক সেৱাজন সেৱাৰ বিষয়বস্তুৰ দ্বাৰা পৰিচালিত হৈ অসম ডাক চক্ৰই বিত্তীয় সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি গোটেই সপ্তাহজুৰি কাৰ্যসূচী অনুষ্ঠিত কৰিব, য’ত কন্যা শিশুক সৱলীকৰণ আৰু জনজাতীয়, দূৰৱৰ্তী, পাহাৰীয়া, কম সেৱাযুক্ত আৰু বেংকবিহীন অঞ্চলসমূহ সমৰি লোৱা হ’ব৷ ২০২৩-২৪ বৰ্ষত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক অসমে ডাইৰেক্ট বেনিফিক ট্ৰেন্সফাৰ (ডিবিটি) ট্ৰেন্সফাৰৰ জৰিয়তে ১৬ লাখতকৈ অধিক হিতাধিকাৰীৰ একাউণ্টৰ পৰা প্ৰায় ১৩৬৭ কোটি টকাৰ ৰাজহ লাভ কৰে৷’  সংবাদ মেলত অন্যান্য বিষয় ববীয়া উপস্থিত থাকে৷