অসাধাৰণ গুণৰ অধিকাৰী এইবিধ চবজি
থলুৱাভাৱে উৎপাদিত সহলভ্য এবিধ পাচলি হ’ল ভেণ্ডি৷ ভেণ্ডি সিজাই বা ভাজি খাব পাৰি৷ এইবিধ থলুৱা চবজিৰ অসাধাৰণ গুণ সম্পৰ্কে জানিলে আপুনি আচৰিত হ’ব৷ বহুধৰণৰ শাৰীৰিক সমস্যা সমাধান কৰিব পাৰে ভেণ্ডিয়ে৷
১) প্ৰখ্যাত ডায়েটিছিয়ান ডাঃ বিধি চাওলাই ভেণ্ডিৰ উপকাৰিতা সম্পৰ্কে ক’বলৈ গৈ কৈছে যে ভেণ্ডিত বহুধৰণৰ গুৰুত্বপূৰ্ণ ভিটামিন পোৱা যায়৷ যি স্বাস্থ্যৰ পক্ষে অতি উপকাৰী৷ এইবিধ পাচলিত ‘এ’, ‘চি’ ভিটামিনৰ উপৰিও ‘কে’ ভিটামিন পোৱা যায়৷ তদুপৰি ভেণ্ডিত থাকে বহু প্ৰকাৰৰ মিনাৰেল, প্ৰচুৰ ফাইবাৰ– যি স্বাস্থ্যৰ কাৰণে চমৎকাৰ গুণ সম্পন্ন৷
২) ভেণ্ডিত থকা ফাইবাৰে হজম ক্ষমতা বৃদ্ধিত সহায় কৰে৷ তদুপৰি ই কৌষ্ঠকাঠিন্য দূৰ কৰে৷
৩) ভেণ্ডি সাধাৰণতে কম কেলৰি সম্পন্ন চবজিজাতীয় খাদ্য সামগ্ৰী৷ যিসকল ওজন কমাব বিচাৰে তেওঁলোকে ভেণ্ডি খোৱাটো অতি জৰুৰী৷ ভেণ্ডিয়ে কলেষ্টেৰলৰ মাত্ৰ নিয়ন্ত্ৰণ কৰে৷
৪) এইবিধ খাদ্য সামগ্ৰীয়ে হূদৰোগৰ আশংকা কমোৱাত সহায় কৰে৷
ফাইবাৰ থকাৰ কাৰণে ভেণ্ডি খোৱাৰ পাছত সাধাৰণতে ভোক নালাগে৷