Logo
image

পূজা বুলি নাই ছুটী!, নিষ্ঠাৰে কৰ্তব্য পালন কৰা আৰক্ষীক সম্বৰ্ধনা বিধায়ক ৰূপক শৰ্মাৰ

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ অক্টোবৰঃ উৎসৱৰ বতৰত সকলোৱে পৰিয়ালৰ কাষত থাকি সময় অতিবাহিত কৰিবলৈ সুযোগ পায়৷ কিন্তু তাৰে মাজতে একাংশ চাকৰিয়ালে নাপাই পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ৷ বিহু, পূজা বুলি আৰক্ষীৰ নাথাকে ছুটী৷ উৎসৱৰ বতৰত তেওঁলোকৰ দায়িত্ব দুগুণে বৃদ্ধিহে পায়৷ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে সকলো ত্যাগ কৰিব লগা হয়৷


সেয়ে নিষ্ঠাৰে নিজৰ কৰ্তব্য সম্পাদন কৰা নগাঁৱৰ আৰক্ষী জোৱানসকলক দুৰ্গোৎসৱৰ অন্তিম দিনা দেওবাৰে বিধায়ক ৰূপক শৰ্মাই সম্বৰ্ধনা জনায়। নগাঁও পুলিচ ৰিৰ্জাভৰ খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত নগাঁৱৰ ৩৫০ গৰাকী আৰক্ষী জোৱানক বিধায়ক শৰ্মাই সম্বৰ্ধনা জনায়।

এই সন্দৰ্ভত বিধায়কজনে কয় যে শাৰদীয় উৎসৱ দুৰ্গা পূজাৰ সময়ত এই আৰক্ষী জোৱানসকলে পৰিয়ালৰ পৰা আঁতৰি থাকি নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ বাবে তেওঁলোকক উৎসাহিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পূজাৰ বতৰত ৰাইজক শান্তিপূৰ্ণভাৱে পূজা উদযাপনৰ সুযোগ দিয়াৰ লগতে নিৰপত্তাৰ দায়িত্ব তেওঁলোকে সঠিকভাৱে পালন কৰিছে। ইয়াৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। বিধায়ক শৰ্মাই জোৱানসকলক গামোচা আৰু মিঠাইৰ টোপোলাৰে আদৰণি জনায়। লগতে মণিপুৰৰ পৰা আহি নগাঁৱত কৰ্মৰত মণিপুৰ আৰক্ষীৰ জোৱানসকলকো বিধায়কজনে আদৰণি জনায়। অনুষ্ঠানত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ উচ্চ পদস্থ আৰক্ষী বিষয়াসকল উপস্থিত থাকে। বিধায়ক ৰূপক শৰ্মাৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।