Logo
image

প্ৰযুক্তিৰ আপদ ই-আৱৰ্জনা

মানৱ সমাজ প্ৰযুক্তিনিৰ্ভৰ হোৱাৰ বাবে মানুহৰ জীৱন-ধাৰণ-আৰামদায়ক হৈছে৷ উন্নত বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ জীৱনশৈলী উন্নত কৰাৰ লগতে মানুহে বহিঃবিশ্বতো উপনিৱেশ স্থাপনৰ বাবে অহৰহ চেষ্টা চলাই আছে৷ কিন্তু প্ৰযুক্তিৰ উন্নয়নে মানুহৰ জীৱনলৈ কিছুমান নেতিবাচক কাৰণো আনিছে, যিবোৰে মানৱ জীৱনত নানা ৰোগ-ব্যাধি-মাৰিমৰক সৃষ্টিত অনুঘটক হিচাপে নাশ কৰিছে৷ আধুনিক জীৱনশৈলীয়ে কঢ়িয়াই অনা তেনে এটা আপদ হ’ল– বৈদ্যুতিন আৱৰ্জনা বা ই-ৱেষ্ট৷ আজিৰ গোলকীয় পৃথিৱীত কম্পিউটাৰ, ম’বাইল ফোন, কাৰ্ড ৰীডাৰ আদি প্ৰতিজন লোকৰ জীৱনৰ এৰাব নোৱাৰা সামগ্ৰীত পৰিণত হৈছে৷ বৰ্তমানৰ প্ৰতিটো পৰিয়ালতে ব্যৱহাৰযোগ্য কম্পিউটাৰ, ম’বাইল ফোন, চাৰ্জাৰ আদি থকাৰ উপৰি অব্যৱহূত এনে সামগ্ৰী পৰি আছে৷ বহু লোকে এনে সামগ্ৰী ‘কাব্ৰিৱালা’ক দিয়ে যদিও আন বহুতে এনে সামগ্ৰী য’তে-ত’তে পেলাই দি পৰিৱেশ প্ৰদূষণ কৰে৷ সাধাৰণতে বৈদ্যুতিন আৱৰ্জনা বুলিলে বৈদ্যুতিক আৱৰ্জনাও ইয়াৰ লগতে ধৰা হয়৷ অৰ্থাৎ প্লাগ, তাঁৰ, বেটাৰী, ইউএছবি, ম’বাইল ফোন, কম্পিউটাৰ, লেপটপ আদিকে ধৰা হয়৷ ৰাষ্ট্ৰসংঘৰ ২০২২ চনৰ এক প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে ৬২ বিলিয়ন কিলোগ্ৰাম ই-আৱৰ্জনা বিশ্বত উৎপাদন হয়৷ ইয়াৰে মাত্ৰ ২২.৬ শতাংশহে পুনৰ নৱীকৰণ সম্ভৱ হৈছে৷ বাকী অংশ অব্যৱহৃত হৈ পৰি ৰোৱাত এইবোৰে পৰিৱেশ প্ৰদূষিত কৰিছে৷ সাধাৰণতে ই-আৱৰ্জনাসমূহত এনে কিছুমান সামগ্ৰী থাকে যিবোৰ মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ বাবে বিপজ্জনক৷ ভাৰতত যিমান ই-আৱৰ্জনা উৎপন্ন হয়, ইয়াৰে ৭০ শতাংশ সৃষ্টি কৰে কম্পিউটাৰ ছিষ্টেমে, ৮ শতাংশ ই-আৱৰ্জনা সৃষ্টি কৰে স্বাস্থ্য খণ্ডই আৰু আন ই-সামগ্ৰীয়ে ২০ শতাংশ ই-আৱৰ্জনা সৃষ্টি কৰে৷ ই-আৱৰ্জনাই মানৱ সমাজত সৃষ্টি কৰা ভয়াৱহ সমস্যাৰ কথা চিন্তা কৰি ২০১৮ চনত ইলেক্টি'কেল আৰু ইলেক্ট'নিক ইকুইপমেণ্ট ফ’ৰামৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বিশ্বত ই-আৱৰ্জনা দিৱস পালন কৰ হয়, যাতে জনগণক ই-আৱৰ্জনাৰ ভয়াৱহতাৰ প্ৰতি সজাগ কৰিব পৰা যায়৷ এই দিৱসৰ জৰিয়তে জনসাধাৰণৰ মাজত ই-আৱৰ্জনাৰ ভয়াৱহতাৰ বিষয়ে সজাগ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে৷ যিহেতু ই-আৱৰ্জনাত থকা বিষাক্ত ৰাসায়নিক দ্ৰব্যবোৰে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডকে ধৰি আন সেউজ গৃহ গেছ বৃদ্ধিত অৰিহণা যোগাই বায়ুমণ্ডল প্ৰদূষিত কৰে, সেয়ে ইয়াক বিজ্ঞানসন্মতভাৱে সংগ্ৰহ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰাৰ ব্যৱস্থা অতি জৰুৰী৷ যদিহে অবিজ্ঞানসন্মতভাৱে ই-আৱৰ্জনা নৱীকৰণ কৰিব খোজে, তেন্তে ইয়ে পৰিৱেশত ১০০০ বিধ পৰ্যন্ত বিভিন্ন অপকাৰী ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে৷ এনে অপকাৰী পদাৰ্থৰ ভিতৰত সীহ, পাৰা অন্যতম৷ সেয়ে এই ই-আৱৰ্জনা যিমানেই ক্ষুদ্ৰ নহওক কিয়, ইয়াক বিজ্ঞানসন্মতভাৱে পুনৰ নৱীকৰণ সময়ৰ আহ৩ান৷