বিশাল-দীপাংকৰসহ ৪১টা গোচৰৰ ফাইল খুলিলে চিবিআয়ে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ অক্টোবৰ : দিছপুৰৰ অনুৰোধ ৰক্ষা কৰি অৱশেষত ৰাজ্যৰ ৪১টা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰৰ তালিকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আইৰ হাতত তুলি দিলে কেন্দ্ৰীয় চৰকাৰে৷ চুমি-বিশাল, দীপাংকৰ, স্বপ্ননীলৰ প্ৰৱঞ্চনাৰ গোচৰকে ধৰি মুঠ ৪১টা ট্ৰেডিং গোচৰৰ চি বি আই তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ৰ অধীনৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে৷ বিগত ১১ অক্টোবৰত কেন্দ্ৰীয় কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ উপ-সচিব সত্যম শ্ৰীবাস্তৱে এটা নিৰ্দেশনা যোগে অসমৰ বিভিন্ন থানাত IPC, BNS আৰু Barning of Unregulated Deposit Scleme Act ৰ অধীনত ৰুজু হোৱা গোচৰসমূহৰ তালিকা আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোক প্ৰদান কৰে৷ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ সন্দৰ্ভত গুৱাহাটীৰ বিভিন্ন থানাত ৰুজু হোৱা ৬টা গোচৰৰ লগতে চি আই ডিৰ চাইবাৰ থানাত ৰুজু হোৱা আন এটা গোচৰো চিবি আইলৈ হস্তান্তৰ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে চি বি আইক তদন্তৰ বাবে নিৰ্দেশ দিয়া গোচৰ সমূহৰ ভিতৰত প্ৰৱঞ্চক বিশাল ফুকন আৰু অভিনেত্ৰী কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা ৩৫২/২০২৪ নম্বৰ গোচৰটোও আছে৷ ইয়াৰোপৰি গুৱাহাটীৰ ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টন বজাৰ থানাত ৰুজু হোৱা ২৮৮/২০২৪ নম্বৰ গোচৰটোৰ লগতে স্বয়ম্ভূ ট্ৰেডিং গুৰু স্বপ্ননীল দাসৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হোৱা ৯৩৪/২০২৪ নম্বৰ গোচৰটোও চি বি আইলৈ হস্তান্তৰ কৰা গোচৰ অন্যতম হিচাপে বিবেচিত হৈছে৷
তদুপৰি ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হোৱা ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰসমূহৰ ভিতৰত আছে ক্ৰমে– ডিব্ৰুগড় থানাৰ গোচৰ নং ৩৫৪/২০২৪ গুৱাহাটীৰ ভঙাগড় থানাৰ গোচৰ নং ১৩০/২০২৪, তেজপুৰ থানাৰ গোচৰ নং ৫৩৩/২০২৪, শিলচৰ থানাৰ গোচৰ নং ০৭৮৯/২০২৪, নগাঁও থানাৰ গোচৰ নং ০৮৫৯/২০২৪৷ আজাৰা থানাৰ ১৮৪/২০২৪, দেৰগাঁও থানাৰ গোচৰ নং ১৪০/২০২৪, গীতানগৰ থানাৰ গোচৰ নং ০১৭৪/২০২৪, বৰহোলা থানাৰ গোচৰ নং ০০২৮/২০২৪, বিজনী থানাৰ গোচৰ নং ০০৭৪/২০২৪, মুচলপুৰ থানাৰ গোচৰ নং ০১০২/২০২৪, হাইলাকান্দি থানাৰ গোচৰ নং ২০১/২০২৪, তমাৰহাট থানাৰ গোচৰ নং ০০৫৫/২০২৪, কৰিমগঞ্জ থানাৰ গোচৰ নং ৫৩৪/২০২৪, শিৱসাগৰ থানাৰ গোচৰ নং ০১১৩/২০২৪, দেৰগাঁও থানাৰ গোচৰ নং ১৮৪/২০২৪, ধুবুৰী থানাৰ গোচৰ নং ৩১০/২০২৪, চি আই ডি চাইবাৰ থানাৰ গোচৰ নং ০০১২/২০২৪, দলগাঁও থানাৰ গোচৰ নং ১৮২/২০২৪, ৰঙাপৰা থানাৰ গোচৰ নং ৬৬/২০২৪, দলগাঁও থানাৰ গোচৰ নং ১৮৫/২০২৪, লক্ষ্মীপুৰ থানাৰ গোচৰ নং ২২৪/২০২৪, মিছামাৰী থানাৰ গোচৰ নম্বৰ ০০৯০/২০২৪, পুলিবৰ থানাৰ গোচৰ নং ০০৯২/২০২৪, তামাৰহাট থানাৰ গোচৰ নং ০৬৮/২০২৪, মিছামাৰী থানাৰ গোচৰ নং ০০৮৯/২০২৪, দলগাঁও থানাৰ গোচৰ নং ১৮৬/২০২৪, চাৰিদুৱাৰ থানাৰ গোচৰ নং ১৪৬/২০২৪, কাজলগাঁও থানাৰ গোচৰ নং ০০৮৭/২০২৪, দলগাঁও থানাৰ গোচৰ নং ০১৮৩/২০২৪, হোজাই থানাৰ গোচৰ নং ২৬০/২০২৪, গৌৰীপুৰ থানাৰ গোচৰ নং ২৬৮/২০২৪, গোলোকগঞ্জ থানাৰ গোচৰ নং ২০১/২০২৪, ২০৩/২০২৪, কৰিমগঞ্জ থানাৰ গোচৰ নং ৫৪৩/২০২৪, নং ৮৪৯/২০২৪, তেজপুৰ থানাৰ গোচৰ নং ৫২৭/২০২৪ আৰু ৰূপহীহাট থানাৰ গোচৰ নং ২৫০/২০২৪৷ এই সকলো গোচৰৰ তদন্তৰ বাবে চি বি আয়ে অসমত ধাৰাবাহিক অভিযান চলোৱাৰ বাবে সাজু হৈছে৷ ইতিমধ্যে, চি বি আইৰ মুখ্য কাৰ্যালয়ৰ আই জি পি পৰ্যায়ৰ এজন শীৰ্ষ বিষয়াই অসম আৰক্ষীৰ পৰা ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰ সম্পৰ্কীয় গোচৰৰ সকলো তথ্য পাতি চমজি লৈছে৷ তদুপৰি চি বি আয়ে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আৰু পলাতক অভিযুক্ত সকলৰো তালিকা সংগ্ৰহ কৰিছে৷ চি বি আয়ে নিজাকৈ গোচৰ পঞ্জীয়ন কৰি ধৃত বিশাল, চুমি তাৰ্কিক, স্বপ্ননীল, ৰঞ্জিত কাকতিকে ধৰি অভিযুক্তসকলক জেৰা কৰিব বুলিও জানিবলৈ দিছে৷ তদুপৰি অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ বলি হোৱা একাংশ ভুক্তভোগীয়ে চি বি আইলৈয়ো নিজাববীয়াকৈ অভিযোগ-পত্ৰ প্ৰেৰণ কৰিছে৷ চি বি আয়ে প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলৰ তালিকা সংগ্ৰহ কৰি প্ৰৱঞ্চক চক্ৰই লুণ্ঠন চলোৱা ধনৰ তথ্য সংগ্ৰহ কৰাও চেষ্টা চলাব বুলি গৃহ মন্ত্ৰণালয়ৰ এটি সূত্ৰই জানিবলৈ দিছে৷