ৰতন টাটাৰ উত্তৰসূৰীৰ দায়িত্ব নোৱেল টাটাৰ কান্ধত
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ অক্টোবৰ : যোগ্য উত্তৰাধিকাৰীৰ হাতত দায়িত্ব অৰ্পণ কৰা হ’ল টাটা ট্ৰাষ্টৰ অধ্যক্ষৰ দায়িত্ব৷ আমৃত্যু টাটা ট্ৰাষ্টৰ অধ্যক্ষৰ দায়িত্বত আছিল ৰতন টাটা৷ যোৱা বুধবাৰে ৰতন টাটাই চিৰবিদায় লোৱাৰ পাছত টাটা ট্ৰাষ্টৰ দায়িত্ব কাক দিয়া হ’ব সেই লৈ ঔদ্যোগিক মহলত উৎসুকতাৰ সৃষ্টি হৈছিল৷ অৱশেষত শুকুৰবাৰে টাটা ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰা হ’ল ৰতন টাটাৰ সতীয়া ভ্ৰাতৃ নোৱেল টাটাক৷ নতুন অধ্যক্ষ নোৱেল টাটাও অতি দায়িত্বশীল বুলিয়েই কৰ্প’ৰেট ক্ষেত্ৰত চৰ্চা হয়৷ সেয়ে আশা কৰা হৈছে আমৃত্যু ৰতন টাটাই দায়িত্ব লৈ থকা টাটা ট্ৰাষ্টৰ গতি মুঠেই স্থবিৰ হৈ নপৰিব৷ টাটা ট্ৰাষ্টৰ বোৰ্ডৰ প্ৰাক্তন সদস্য আৰ গোপালকৃষ্ণণে কয়– ‘নোৱেল খুব ভাল আৰু বিচক্ষণ ব্যক্তি৷ ব্যৱসায় পৰিচালনা আৰু বৃহৎ প্ৰতিষ্ঠানক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁৰ দক্ষতা চকুত পৰা৷ ফলত টাটা ট্ৰাষ্টত নোৱেল টাটাই নতুন মাত্ৰা সংযোজন কৰিব পাৰিব৷ সেয়া ট্ৰাষ্ট চলোৱাৰ বাবে খুবেই জৰুৰী৷’ ২০১৪ চনত টাটাৰ ‘ট্ৰেণ্ট লিমিটেড’ৰ অধ্যক্ষ হয় নোৱেল টাটা৷ দায়িত্ব লোৱাৰ পাছতেই সেই পোছাক বিক্ৰেতা সংস্থাৰ লাভৰ পৰিমাণ বৃদ্ধি কৰে তেওঁ৷
বিগত এটা দশকত এই সংস্থাৰ শ্বেয়াৰৰ মূল্য ৬০০০ শতাংশৰ অধিক বৃদ্ধি হৈছে৷ তাৰ পূৰ্বে তেওঁ ‘টাটা ইণ্টাৰনেশ্বনেল লিমিটেড’ৰ দায়িত্বত আছিল৷ সেই সময়ত এই কমোডিটি ব্যৱসায় সংস্থাটোৰ ৰাজহৰ পৰিমাণ ৫০ কোটি ডলাৰৰ পৰা ৩০০ কোটি ডলাৰলৈ বৃদ্ধি হয়৷ ইয়াৰ উপৰি নোৱেল টাটা ‘টাটা ষ্টীল লিমিটেড’, ‘ভল্টাছ’ৰ বোৰ্ডৰ সদস্য আছিল৷ তেওঁ ৰতন টাটাৰ পিতৃৰ দ্বিতীয় পত্নীৰ পুত্ৰ৷ নোৱেল টাটাৰ তিনি সন্তান হৈছে মায়া, নেভিল আৰু লিয়া৷ প্ৰসংগতঃ উল্লেখযোগ্য, টাটাৰ মূল ব্যৱসায়িক গোষ্ঠীটো হৈছে টাটা ছন্স প্ৰাইভেট লিমিটেড৷ এই কোম্পানীৰ অধীনত প্ৰায় ১০০ কোম্পানী আছে৷ ৰতন টাটাই এই কোম্পানীৰ ব্যৱসায়িক সম্প্ৰসাৰণ ঘটাইছিল৷ তেওঁ অধ্যক্ষৰ দায়িত্ব এৰাৰ পাছত ছাইৰাছ পালনজি মিস্ত্ৰীক অধ্যক্ষৰ দায়িত্ব দিয়া হ’লে তেওঁ অবাটে যোৱা যেন দেখি অধ্যক্ষৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হয়৷ তেতিয়া অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষ হিচাপে পুনৰ দায়িত্ব লয় ৰতন টাটাই৷ পৰৱৰ্তী সময়ত নটৰাজন চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ দায়িত্ব অৰ্পণ কৰিলেও টাটা ট্ৰাষ্টৰ অধ্যক্ষৰ দায়িত্ব আমৃত্যু ৰতন টাটাই এৰা নাছিল৷ প্ৰসংগতঃ সমগ্ৰ টাটা গোষ্ঠী ছাৰ ৰতন টাটা ট্ৰাষ্ট আৰু ছাৰ ডোৰাবজি টাটা ট্ৰাষ্টৰ অন্তৰ্গত আৰু অধীনস্থ৷ সেই অনুসৰি টাটা ট্ৰাষ্টৰ গুৰুত্ব টাটাৰ বৃহৎ সাম্ৰাজ্যখনত অপৰিসীম৷ মূলতঃ জনহিতকৰ কাম কৰিলেও টাটা ট্ৰাষ্টৰ জৰিয়তে ব্যৱসায়ো কৰা হয়৷