গেলেকীত অৰণ্য ধবংস কৰি কমাণ্ডো শিবিৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ অক্টোবৰ : বন সুৰক্ষা আইন উলংঘন কৰি গেলেকী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে অসম চৰকাৰে নিৰ্মাণ কৰিছে কামাণ্ডো বেটেলিয়ন৷– ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ চমুকৈ এনজিটিৰ কলকাতাস্থিত বিচাৰপীঠত কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এই কথা স্বীকাৰ কৰিছে৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত দাখিল কৰা শপতনামাত কেন্দ্ৰৰ অনুমতি অবিহনে গেলেকী সংৰক্ষিত বনাঞ্চলৰ ২৮ হেক্টৰ ভূমিত অসম চৰকাৰে কামাণ্ডো বেটেলিয়ন নিৰ্মাণ কৰাৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে৷ শিৱসাগৰ জিলাৰ নাগালেণ্ড সীমান্তৰ সংৰক্ষিত বনাঞ্চলখনত অব্যাহত ৰখা কামাণ্ডো বেটেলিয়নৰ আন্তঃগাঁথনিৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈকো অসম চৰকাৰক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে৷ উল্লেখ্য, আইন উলংঘন কৰি গেলেকী সংৰক্ষিত বনাঞ্চলত অনুমতি অবিহনে কামাণ্ডো বেটেলিয়ন নিৰ্মাণৰ বাবে অসম চৰকাৰৰ বন বিভাগৰ তদানীন্তন মুখ্য বন সংৰক্ষক এম কে যাদৱে নিৰ্দেশ দিয়াৰ কথা পূৰ্বৰ শুনানিত সেউজ ন্যায়াধিকৰণক শপতনামা যোগে সদৰি কৰিছিল কেন্দ্ৰীয় বন মন্ত্ৰণালয়ে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সেউজ ন্যায়াধিকৰণে সংৰক্ষিত বনাঞ্চলৰ ভূমি অ-বনাঞ্চলিক কাৰ্যকলাপৰ বাবে অনুমতি দিয়া সংশ্লিষ্ট কতৃৰ্পক্ষৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হৈছে
সেই সন্দৰ্ভত অৱগত কৰিবলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰক৷ এই নিৰ্দেশৰ ভিত্তিতে শেহতীয়াকৈ সেউজ ন্যায়াধিকৰণে গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ১৯৮০ চনৰ বন (সংৰক্ষণ) অধিনিয়ম উলংঘন কৰি অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ন স্থাপনৰ কথা স্বীকাৰ কৰে৷ মন্ত্ৰণালয়ে লগতে শ্বিলংস্থিত আঞ্চলিক কাৰ্যালয়ক বন অধিনিয়মৰ ধাৰা ৩ (ক) আৰু ৩ (খ)ৰ অধীনত উক্ত আইন উলংঘন কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে৷ বন আইন অনুসৰি কোনো বনভূমি অ-বনাঞ্চলিক কামত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰসমূহে আগতীয়াকৈ কেন্দ্ৰীয় বন মন্ত্ৰণালয়ৰ অনুমতি ল’ব লাগে৷ যদিহে এই আইন উলংঘন কৰে তেনেহ’লে ই কতৃৰ্পক্ষ আৰু চৰকাৰী বিভাগসমূহে কৰা অপৰাধ হিচাপে গণ্য কৰা হয়৷ কেন্দ্ৰীয় বন মন্ত্ৰণালয়ৰ শপতনামাত বিগত ২৮ আগষ্টত শ্বিলংস্থিত আঞ্চলিক কাৰ্যালয়ক কামাণ্ডো বেটেলিয়নটোৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ কথা অৱগত কৰাৰ লগতে ক্ষেত্ৰ ভিত্তিক অনুসন্ধানতো অসম চৰকাৰৰ আইন বিৰুদ্ধ কাৰ্যকলাপ প্ৰমাণ হোৱা বুলি উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে এন জি টিৰ কলকাতাস্থিত বিচাৰপীঠে গেলেকীৰ কামাণ্ডো বেটেলিয়নৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিবলৈ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ক জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত তদন্ত কমিটী গঠন কৰিবলৈ নিৰ্দেশ দিছিল৷ অৱশ্যে বন মন্ত্ৰণালয়ৰ তদন্ত কমিটীয়ে গেলেকী বনাঞ্চলৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বৰ্তমানলৈ আনুষ্ঠানিক প্ৰতিবেদন দাখিল কৰা নাই৷