Logo
image

দোলাত উঠি ধৰালৈ অহা দেৱী দুৰ্গা উভতি গ’ল ঘোঁৰাত

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৪ অক্টোবৰ : ঘোঁৰাত উঠি ধৰা ধাম এৰি কৈলাশলৈ গ’ল মা দুৰ্গা৷ অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় দিলে ভক্তগণে৷ এইবাৰ দোলাত উঠি ধৰা ধাম লৈ অহা মহিষমৰ্দিনীয়ে ঘোঁৰাত উঠি কৈলাশলৈ গমন কৰিলে৷ দেশৰ দহৰ মংগলৰ বাবে আৰু অশুভ শক্তিৰ নাশৰ বাবে ধৰা ধামলৈ ভক্তৰ পূজা গ্ৰহণ কৰিবলৈ প্ৰতিবছৰে শৰৎ কালত দেৱী ধৰা ধামলৈ আহে৷ দেওবাৰে বিজয়া দশমীৰে সামৰণি পৰিল শাৰদীয় দুৰ্গাপূজাৰ৷ ৰাজ্যজুৰি মা দুৰ্গাৰ পূজা উপলক্ষে হৈ থকা উখল মাখল পৰিবেশ দেওবাৰে মা দুৰ্গাক বিদায় দিয়াৰ পাছত নিজম পৰে৷ দেশৰ অন্যান্য প্ৰান্ততো দেওবাৰে বিজয়া দশমী বা দশেৰা পালন কৰা হয়৷ ভগৱান ৰামৰ ৰাৱণৰ বিৰুদ্ধে জয়লাভ কৰাৰ আনন্দত পালন কৰা এই উৎসৱে অশুভ শক্তিৰ বিৰুদ্ধে শুভশক্তিৰ বিজয়ক সূচায়৷ এই উৎসৱে নৱৰাত্ৰি আৰু শাৰদীয় দুৰ্গোৎসৱৰো সামৰণিৰ বতৰা লৈ আহে৷ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিজয়া দশমী উপলক্ষে জনসাধাৰণক ওলগ জনাই এটা শুভেচ্ছা বাৰ্তাত কয় যে এই উৎসৱে অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ বিজয়ক সূচায়৷ তেওঁ কয় যে, এই উৎসৱৰ সৈতে মৰ্যাদা, কৰ্তব্য পৰায়ণতা, সদাচাৰ, বিনয় আৰু সাহসিক সংঘৰ্ষৰ ভালেমান প্ৰেৰণাদায়ক কাহিনী জড়িত হৈ আছে৷ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে আস্থাৰ এই উৎসৱে সকলোৰে জীৱনলৈ সাফল্য, সমৃদ্ধি আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে৷ আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰে৷ সামাজিক মাধ্যমৰ এটা পোষ্টত মোদীয়ে কয় যে, মা দুৰ্গা আৰু শ্ৰীৰামৰ আশীৰ্বাদত সকলোৱে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে জয়লাভ কৰিব পাৰিব৷ সেইদৰে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইজন মন্ত্ৰী, বিধায়ক তথা বিভিন্ন দল -সংগঠনেও ৰাজ্যবাসীক বিজয়া দশমীৰ শুভেচ্ছা জনায়৷ উল্লেখ্য, এইবাৰ শনিবাৰেও ৰাজ্যৰ বহু কেইখন পূজা সমিতিয়ে মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়ে৷ শান্তি, শঙ্খলা বজাই ৰাখি ভক্তগণে ‘মা’ক বিদায় দিয়ে৷ ৰাজ্যৰ ব্ৰহ্মপুত্ৰৰ বিভিন্ন ঘাটৰ লগতে মহানগৰীৰ পাণ্ডুঘাট আৰু লাচিত ঘাট আদিত৷ শান্তিপূৰ্ণভবে ‘মা দুৰ্গাৰ’  প্ৰতিমা তথা অন্যান্য দেৱদেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়৷ আয়তীয়ে উৰুলী আৰু সেন্দূৰ খেলি বিদায় ‘মা দুৰ্গাক’ বিদায় দিয়ে৷ শংখ ধবনি, ঢাক ঢোল বজাই ভক্তগণে আনন্দ কৰি ‘মা দুৰ্গাৰ’ মৃন্ময় প্ৰতিমা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শোভাযাত্ৰা কৰি ব্ৰহ্মপুত্ৰৰ বিভিন্ন ঘাটলৈ নি বিসৰ্জন দিয়ে৷ এইবাৰ লাচিত ঘাট কাছমাৰী ঘাটত ১২ অক্টোবৰত ২৯খন, ১৩ অক্টোবৰত ১২৩খন আৰু ১৪ অক্টোবৰত ১খন পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হ’ব৷ 


সাউকুছি ঘাটত ১২ অক্টোবৰত ৪ খন, ১৩ অক্টোবৰত ২৯খন, বশিষ্ঠ ঘাটত ১২ অক্টোবৰত ৫ খন, ১৩ অক্টোবৰত ১১খন, চলচ্ছিত্ৰ ঘাটত ১২ অক্টোবৰত ৫ খন, ১৩ অক্টোবৰত ১০খন, পাণ্ডু ঘাটত ১২ অক্টোবৰত ৩খন, ১৩ অক্টোবৰত ১৫খন আৰু ১৪ অক্টোবৰত ১১খন বিসৰ্জন কৰা হ’ব৷  ডিগাৰু ঘাট (সোণাপুৰ) ত ১৩ অক্টোবৰত ৮ খন, সোণাপুৰ ঘাটত ১৩ অক্টোবৰত ৯ খন, ভেটাপাৰা ঘাটত ১৩ অক্টোবৰত ২খন, বৰ্ণিহাটত ১৩ অক্টোবৰত ৪ খন, মালৈবাৰী পাৰ ঘাটত ১২ অক্টোবৰত ৰখন, ১৩ অক্টোবৰত ৩ খন, পূব মালৈবাৰী পাৰ কলং নদীত ১২ অক্টোবৰত ১ খন, ১৩ অক্টোবৰত ৪ খন, ৰামজীবন ঘাটত ১৩ অক্টোবৰত ১ খন, কুৰকুৰীয়া বালিঘাট ১৩ অক্টোবৰত ১ খন, ধপলীয়া ঘাটত ১২ অক্টোবৰত ১ খন, ১৩ অক্টোবৰত ২৪খন, কাছাৰী ঘাটত ১৩ অক্টোবৰত ৩খন, আগচিয়া মাজৰপাৰা পুখুৰীত ১২ অক্টোবৰত ১ খন, আজাৰা শুভনগৰ পুখুৰীত ১৩ অক্টোবৰত ২খন, গৰল দমিৰ্জাপুৰত ১৩ অক্টোবৰত ১ খন, ধাৰাপুৰ ঘাটত ১৩ অক্টোবৰত ৯ খন, ১৪ অক্টোবৰত ১ খন, উপাৰ্জনী তালুক চৰ্জনত ১৩ অক্টোবৰত ১নখন, ৰাজপুখুৰীত ১৩ অক্টোবৰত ১ খন, গৰল ঘাটত ১৩ অক্টোবৰত ১ খন, গোবৰ্ধনবৰ্ধন মাজ ঘাটত ১২ অক্টোবৰত ১ খন, হাজং বাৰী ঘাটত ১২ অক্টোবৰত ২খন, পানীখাইতি ঘাটত ১২ অক্টোবৰত ২খন আৰু ১৩ অক্টোবৰত ১ খন পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়৷ ১২ অক্টোবৰত মুঠ ৫৫খন আৰু ১৩ অক্টোবৰত মুঠ ২৬৩খন পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়৷ আনহাতে সোমবাৰে মুঠ ১৩খন পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হ’ব বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সূত্ৰত প্ৰকাশ৷ ইফালে বিজয়া দশমীৰ পৱিত্ৰ দিনটোত গুৱাহাটী পৌৰ নিগমৰ আৱণ্টিত পুঁজিৰে ৫০ নং ৱাৰ্ডৰ অন্তৰ্গত জাপৰিগোগ কৃষ্ণনগৰৰ শ্ৰীশ্ৰী মহাবিষ্ণু ধৰ্মসভাৰ প্ৰাঙ্গনত ‘সাৰদা দেৱী সমূহীয়া ভৱন’ৰ শুভ উদ্বোধন কৰা হয়৷ ভৱনটো উদ্বোধন কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই৷ সকলোলৈ বিজয়া দশমীৰ আন্তৰিক শুভকামনা জনোৱাৰ লগতে এই ভৱনে ৰাইজক উপকৃত কৰিব আৰু এই ভৱনটো ৱাৰ্ডবাসী ৰাইজৰ নামত উৎসৰ্গা কৰিলোঁ বুলি কয়৷ এই উদ্বোধনী অনুষ্ঠানত ৫০ নং ৱাৰ্ডৰ পাৰিষদ উৎপল মহন্ত,  অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰ,  পৌৰ নিগমৰ বিষয়ববীয়া, কেইবাগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি তথা ৱাৰ্ডবাসী ৰাইজ উপস্থিত থাকে৷ এইবাৰ ষষ্ঠীৰ পৰা নৱমীলৈকে প্ৰতিখন পূজাস্থলীয়ে লোকে লোকাৰণ্য হৈ পৰে৷ সন্ধিয়াৰে পৰা পুৱতি নিশালৈকে ভক্ত, দৰ্শনাৰ্থীয়ে ভিৰ কৰে পূজাস্থলী সমূহ৷ দেওবাৰে নিজম পৰিল মহানগৰীৰ পূজাস্থলীসমূহো৷ ষষ্ঠীৰ দিনাৰ পৰা ঢাক ৰ শব্দত মুখৰিত হৈ পৰা দুৰ্গা পূজা স্থলী সমূহ ৰ দুৰ্গা দেৱী দেৱীৰ প্ৰতিমা দশমীৰ দিনা বিসৰ্জন দিয়াৰ পিছতে নীজম হৈ পৰিল পূজা স্থলী সমূহ৷ 

মহানগৰীৰ বিভিন্ন স্থানত প্ৰায় পাঁচশ পূজা উদযাপন হয়৷ ইয়াৰে শনিবাৰে বহু পূজা সমিতিয়ে মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ বিপৰীতে বহু পূজা সমিতি যে দেওবাৰে বিসৰ্জন দিয়ে৷  বিগত দেৰ দুমাহ ধৰি পূজা উদ্‌ যাপন সমিতি সমূহে দিন ৰাতি একাকাৰ কৰি পূজা মণ্ডপ, দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ, আলোক সজ্জা, কাৰী কৰি কৌশলৰে পূজা স্থলী যাতে ভক্ত দৰ্শনাৰ্থীৰ বাবে আকৰ্ষিত কৰিব পাৰে তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল৷ বিভিন্ন থীম লৈ, ব্যতিক্ৰমী ভাবে প্ৰস্তুত কৰা পূজা মণ্ডপ, ৰং বিৰংৰ আলোক সজ্জা, কাৰীকৰি কৌশলেৰে সমাজলৈ বাৰ্তা প্ৰেৰণ ৰে পূজা মণ্ডপ সমূহত ষষ্ঠীৰ দিনাৰ পৰা ভক্ত দৰ্শনাৰ্থীৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হয়৷ প্ৰতিখন পূজা মণ্ডপতে সন্ধিয়াৰ পৰা পুৱতি নিশালৈ বিৰ দি বাট নোপোৱা অৱস্থা হৈ পৰে৷ বিশেষকৈ মহানগৰীৰ বিষ্ণুপুৰ পূজাস্থলী, কুমাৰপাৰা নয়নতৰা ক্লাব, শান্তিপুৰ শ্লুইছ গেট পূজা, টকৌবাৰী পূজা, আঠগাঁও পূজাস্থলী, বিমলা নগৰ পূজা, বীণাপাণি পূজা, পুখুৰী পাৰ পূজা, ৰিহাবাৰী পূজা, মৈদাম বেলতলা লক্ষ্মী মন্দিৰ পূজাস্থলী, গণেশ পাৰা পূজা, গীতা মন্দিৰ পূজা, মালীগাও কলিমন্দিৰ ৰেস্ত কেম্প পূজা, ওদালবাক্ৰা পূজাস্থলী ছাত্ৰীবাৰী,  লতাশিল পূজাস্থলীকে ধৰি মহানগৰীৰ বিভিন্ন পূজাস্থলীত ষষ্ঠীৰ দিনাৰ পৰা নিতৌ সন্ধিয়াৰ পৰা পুৱতি নিশালৈ ভক্ত-দৰ্শনাৰ্থীৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হয়৷ বিভিন্ন পূজাস্থলীত ভিন্ন আকৰ্ষণীয় আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপ সমূহে ভক্ত দৰ্শনাৰ্থীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে৷ বিশেষকৈ ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা গণেশ পাৰা পূজাৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে৷ বিশেষকৈ ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা গণেশ পাৰা পূজাৰ মূল মণ্ডপটো লাল কিল্লাৰ আৰ্হিত, প্ৰস্তুত কৰা পূজা মণ্ডপে ভক্তক বিশেষভাৱে আকৰ্ষিত কৰিবলৈ সক্ষম হয়৷ তেনেদৰে এটি কাল্পনিক মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মৈদাম বেলতলা লক্ষ্মী মন্দিৰ পূজাৰমূল মণ্ডপ৷ তেনেদৰে বাইক ষ্টাণ্ট, ড্ৰাগ আসক্ত যুৱ চাম, ধৰ্ষণ আদিৰ দৰে অসামাজিক কাৰ্য-কলাপৰ বিৰুদ্ধে কাৰিকৰী কৌশলৰে সমাজক সজাগ হোৱাৰ আহ৩ান জনাইছে৷ ইপিনে ৰাজস্থানৰ ৰাজ হাউলি ৰ আৰ্হিত নিৰ্মাণ কৰা বিষ্ণুপুৰ সৰ্বজনীন দুৰ্গা পূজা মণ্ডপ, শান্তিপুৰ শ্লুইছ গেট পূজাৰ মণ্ডপ গ্লোবেলাইজেশ্বন, ছাত্ৰীবাৰী পূজা সমিচিয়ে চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ আৰ্হিত, ৰিহাবাৰী পূজা সমিতি সম্পূৰ্ণ মণ্ডপটো বাঁহ, বাঁহৰ জাপি কুলা, তুকুৰি আদি সামগ্ৰীৰে নিৰ্মাণ কৰিছিল৷ তেনেদৰে টকৌবাৰী সৰ্বজনীন পূজা মণ্ডপ ধানৰ তুহ, বাঁহ, খেৰেৰে নিৰ্মাণ কৰি ভক্ত দৰ্শনাৰ্থীক আকৰ্ষিত কৰিবলৈ সক্ষম হয়৷ কালি দিনৰ ভাগত দশমী পূজা সমাপনৰ পিছতে কালি আৰু আজি দেৱী দুৰ্গাৰ প্ৰতিমা ভক্ত সকলে বিসৰ্জন দিয়াৰ পিছতে যোৱা কেইবাদিন ধৰি উখল মাখল হৈ থকা ৰাজধানী মহানগৰীৰ পৰিবেশ নিজম পৰিল৷