ডালিমে ৰক্তচাপ স্বাভাৱিক ৰাখে
ডালিম এবিধ পুষ্টিকৰ ফলাহাৰ৷ পুষ্টিগুণ বিচাৰ কৰিলে দেখা যায় ডালিমত প্ৰায় ৯৩ কেলৰি থাকে৷ প্ৰ’টিন থাকে প্ৰায় আঢ়ৈ গ্ৰাম৷ ফেট থাকে নামমাত্ৰ৷ গতিকে নিয়মিত পৰিমাণে ডালিম খালেও ওজন বঢ়াৰ কোনো আশংকা নাথাকে৷ ডালিমত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ থাকে৷ পুষ্টিবিদ সকলৰ ওচৰত ডালিমৰ কদৰ বহুত বেছি৷
১) ডালিমে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে : ডালিমত পোৱা যায় পটাছিয়াম আৰু ভিটামিন ‘চি’৷ প্ৰতিদিনে ডলিমৰ ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ তদুপৰি এণ্টিঅক্সিডেণ্টৰ গুণ গ্ৰীণ টি বা ৰেড ৱাইনতকৈ প্ৰায় তিনিগুণ বেছি থাকে৷ ডালিমত পোৱা যায় তিনিপ্ৰকাৰ এণ্টিঅক্সিডেণ্ট৷ টোনিন, এন্থোছিয়ানিন আৰু এলাৰ্জিক এচিড৷ এন্থোছিয়ানিনে দেহৰ কোষ সুস্থ ৰখাৰ ফলত ফাইৰাছৰ সংক্ৰমণ ৰোধ কৰে৷
২) ডালিমে ৰক্তচাপ স্বাভাৱিক ৰাখে : প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থকাৰ কাৰণে ডালিম ছিষ্টোলিক ব্লাডপ্ৰেচাৰ নিয়ন্ত্ৰণত সহায় কৰে৷ ফলত মানসিক চাপ, টেনছন কমে৷ হাৰ্টৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমে৷
৩) বেয়া কলেষ্টেৰ’ল নিয়ন্ত্ৰণত ৰাখে : ডালিমে ধমনী পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷ ডালিমৰ ৰস কলেষ্টেৰ’লৰ মাত্ৰা কমোৱাত বিশেষভাৱে উপকাৰী৷ তদুপৰি এইবিধ খাদ্য সামগ্ৰীয়ে স্বাস্থ্য সুস্থ কৰি ৰখাত বিশেষভাৱে সহায় কৰে৷ গতিকে কলেষ্টেৰ’লৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্য বিশেষজ্ঞসকলে ডালিম খোৱাৰ পৰামৰ্শ দিয়ে৷