পূজা শেষ, ভোটৰ অংক আৰম্ভ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ অক্টোবৰঃ যিকোনো মুহূৰ্তত দেশৰ নিৰ্বাচন আয়োগে অসমৰ ৫টা বিধানসভাৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰিব পাৰে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে শাসকীয় দল বিজেপিয়ে ইতিমধ্যে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা সমষ্টিৰ ভিতৰত ৩টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰি হাইকমাণ্ডৰ চূড়ান্ত অনুমোদনৰ বাবে নতুন দিল্লীলৈ প্ৰেৰণ কৰিছে৷ অৱশ্যে এই প্ৰাৰ্থীৰ পেনেলত বিহালী সমষ্টিত প্ৰাক্তন সাংসদ পল্লব লোচন দাস আৰু ধলাই সমষ্টিত শিলচৰৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুত্ৰ উৎপল শুক্লবৈদ্যৰ নাম নাই৷ বিজেপি দলে বিহালী, চামগুৰি আৰু ধলাই সমষ্টিত নিজে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বঙাইগাঁও সমষ্টি মিত্ৰদল অগপ আৰু চিদলী সমষ্টি মিত্ৰদল ইউ পি পি এলক এৰি দিছে৷
ৰাজ্যিক বিজেপিয়ে বিহালী সমষ্টিৰ বাবে প্ৰস্তুত কৰা প্ৰাৰ্থীৰ পেনেলত দিগন্ত ঘাটোৱাৰ সুমন শৰ্মা আৰু অসীম কুমাৰ দাসৰ নাম অন্তৰ্ভুক্ত কৰিছে৷ আনহাতে ধলাই সমষ্টিৰ বাবে অমিয়কান্তি দাস, নীহাৰঞ্জন দাস আৰু স্বপন শুক্লবৈদ্যৰ নাম অন্তৰ্ভুক্ত কৰিছে প্ৰাৰ্থীৰ পেনেলত৷ চামগুৰি সমষ্টিৰ বাবে প্ৰস্তুত কৰা প্ৰাৰ্থীৰ পেনেলত নাম আছে দিপ্লুৰঞ্জন শৰ্মা আৰু মহেন্দ্ৰ কোঁৱৰৰ৷ লক্ষণীয়ভাৱে বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ পেনেলৰ পৰা তেজপুৰৰ প্ৰাক্তন সাংসদ তথা বিহালীৰ প্ৰাক্তন বিধায়ক পল্লব লোচন দাসৰ নাম কৰ্তনৰ আৰত সাংসদ ৰঞ্জিত দত্তৰে তেওঁৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সংঘাটে অন্যতম কাৰণ হিচাপে চৰ্চিত হৈছে৷
অৱশ্যে প্ৰথম অৱস্থাত সাংসদ তথা অসম বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তই বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত কন্যা ময়ুৰী দত্তক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছিল যদিও শেষ মুহূৰ্তত ময়ুৰী দত্তৰ নাম প্ৰাৰ্থীৰ পেনেলত অন্তৰ্ভুক্ত নহ’ল৷ একেই ঘটনা ঘটিল সাংসদ পৰিমল শুক্লবৈদ্যৰ ক্ষেত্ৰতে৷ তেওঁ প্ৰতিনিধিত্ব কৰি অহা ধলাই সমষ্টিৰ উপ নিৰ্বাচনত পুত্ৰ উৎপল শুক্লবৈদ্যক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছিল যদিও ৰাজ্যিক বিজেপিয়ে তেওঁকো নিৰাশ কৰে৷ মিত্ৰদল অগপক এৰি দিয়া বঙাইগাঁও সমষ্টিত বৰ্তমান প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাট আৰু দলীয় বিদ্ৰোহ-বিসম্বাদ তুংগত উঠাত এই পৰ্যন্ত সমষ্টিটোৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব পৰা নাই অগপ নেতৃত্বই৷ সুদীৰ্ঘ ৩৮ বছৰ বঙাইগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আগন্তুক উপ-নিৰ্বাচনত পত্নী দিপ্তীময়ী চৌধুৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে৷ যাৰ ফলত দলৰ অভ্যন্তৰত দেখা দিছে বিদ্ৰোহ আৰু বিসম্বাদ৷ চিদলী সমষ্টিত বিজেপিৰ মিত্ৰদল ইউ পি পি এনে প্ৰাক্তন মন্ত্ৰী তথা হাগ্ৰামা মহিলাৰীৰ দীৰ্ঘদিনৰ ঘনিষ্ট সতীৰ্থ চন্দন ব্ৰহ্মক প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত৷
পূজা শেষ হোৱাৰ লগে লগে বিজেপি দলে ভোটৰ অংক আৰম্ভ কৰি দিয়াৰ বিপৰীতে কংগ্ৰেছ দলে এই পৰ্যন্ত চূড়ান্ত কৰা নাই প্ৰাৰ্থীৰ পেনেল৷ আনকি কংগ্ৰেছ দলৰ নেতৃত্বত গঠিত অসম সন্মিলীত মঞ্চৰ অন্তৰ্ভুক্ত অন্য মিত্ৰ দলসমূহক কংগ্ৰেছে আসন এৰি দিব নে নাই সেয়াও বৰ্তমান পৰ্যন্ত স্পষ্ট হোৱা নাই৷ ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ ঐক্যমঞ্চ অসম সন্মিলীত মঞ্চৰ মাজত সমষ্টি এৰি দিয়া নিদিয়াক কেন্দ্ৰ কৰি ইতিমধ্যে সংঘাট আৰম্ভ হৈছে৷ ৰাজীৱ ভৱনৰ সূত্ৰৰ মতে উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতহে কংগ্ৰেছ দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব৷ এ আই চি চিৰ নিৰ্দেশ মৰ্মে প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে পাঁচটা সমষ্টিৰ বাবে ৫খনকৈ কমিটী গঠন কৰি দিছে৷ এই কমিটী সমূহে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটাত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাম অব্যাহত ৰাখিছে৷ কংগ্ৰেছ দলে বিহালী সমষ্টিৰ দায়িত্ব সাংসদ গৌৰব গগৈৰ ওপৰত অৰ্পন কৰাৰ বিপৰীতে বিজেপি দলে সমষ্টিটোৰ দায়িত্ব অৰ্পন কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ওপৰত৷