সন্মুখত নিৰ্বাচনঃ লঘু যান-বাহনে দিব নালাগে টোলকৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ অক্টোবৰঃ যি সময়ত অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৃষ্ঠপোষকতাত স্থাপন কৰা হৈছে ইখনৰ পাছত সিখন টোলগেট, সেই সময়ত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে মহাৰাষ্ট্ৰত লঘু যান-বাহনক পাঁচখন টোলগেটক ৰেহাই দিছে টোলকৰৰ পৰা৷ মহাৰাষ্ট্ৰৰ মুম্বাইৰ পাঁচখন টোলগেটৰ ক্ষেত্ৰত লঘু যানবাহনক টোলকৰ ৰেহাই দিছে একনাথ সিন্দে চৰকাৰে৷ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷
মহাৰাষ্ট্ৰৰ ঢাইছাৰ, মুলান, ৱাছি, আইৰলী আৰু ভন্যনাকা টোলগেটৰ লঘু যান-বাহনৰ টোলকৰ ৰেহাই দিছে একনাথ সিন্দে চৰকাৰে৷ সোমবাৰৰ নিশা ১২ বজাৰ পৰা প্ৰযোজ্য হ’ব নতুন নিৰ্দেশনা৷ একনাথ সিন্দেৰ অধ্যক্ষতাত সোমবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷ কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী সিন্দেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এই কথা৷ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত এনে সিদ্ধান্ত লোৱা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চিত হৈছে৷ উল্লেখ্য, ২৬ নৱেম্বৰত অন্ত পৰিব সিন্দে নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকাল৷ তাৰ পূৰ্বেই মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷