সু-স্বাস্থ্যৰ বাবে মেৰুদণ্ড সুস্থ কৰি ৰাখক
মেৰুদণ্ড আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগৰ ভিতৰত এটা৷ সুস্থ মেৰুদণ্ডৰ ভিত্তি হ’ল সঠিক ভংগী স্বাস্থ্যকৰ- পুষ্টিকৰ খাদ্য নিয়মিত ব্যয়াম আৰু সঠিক স্বাস্থ্যকৰ ওজন বজাই ৰখা৷ মেৰুদণ্ডৰ ফিটনেছ নিৰ্ভৰ কৰে আমাৰ দৈনন্দিন কাজ-কৰ্মৰ ওপৰত৷ ১৬ অক্টোবৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব মেৰুদণ্ড দিৱস হিচাবে পালন কৰা হয় যাতে মেৰুদণ্ডৰ স্বাস্থ্যৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক জ্ঞান দিয়াৰ লগতে সজাগ কৰিব পৰা যায়৷ এপ’ল হাস্পতালৰ জ্যেষ্ঠ মেৰুদণ্ড অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু পৰামৰ্শদাতা ডাঃ মুৰুলীধৰণ ভেংকটেচনে কয়– কঁকালৰ বিষ হৈছে মানুহে চিকিৎসাৰ সহায় বিচৰা অথবা নিজৰ কাম পৰিহাৰ কৰাৰ অন্যতম কাৰণ৷ ই হৈছে বিশ্বজুৰি হোৱা অক্ষমতাৰো এক প্ৰধান কাৰণ৷
- মানুহে নিজৰ মেৰুদণ্ডৰ সুস্থতাক অগ্ৰাধিকাৰ দিয়ক৷ এইক্ষেত্ৰত এটা আহ্বান হৈছে – ‘আপেনাৰ মেৰুদণ্ডক সুস্থ কৰি ৰাখক৷’ ঘৰতেই হওঁক বা কৰ্মক্ষেত্ৰতেই হওক, বিদ্যালয়তেই হওক বা সামাজিক ক্ষেত্ৰতেই হওক যি কোনো অৱস্থাতেই আমাৰ মেৰুদণ্ডক সহায় কৰিবলৈ সুস্থ অভ্যাস গঢ়ি তোলাটো অতিকৈ প্ৰয়োজনীয়৷ সকলো পৰ্যায়ৰ লোকে চলন্ত হৈ থকাৰ গুৰুত্ব উপলব্ধি কৰাটো প্ৰয়োজনীয়৷ দীৰ্ঘদিন ধৰি শাৰীৰিক নিষ্ক্ৰিয়তাৰ পৰা বিৰত থকা, মেৰুদণ্ডত অত্যধিক ওজন বা ষ্ট্ৰেইনৰ অতিৰিক্ত বোজা বহন কৰাৰ পৰা বিৰত থকাটো অতি দৰকাৰী৷ ইয়াৰ উপৰিও ওজন হ্ৰাস কৰা, ধূমপান পৰিহাৰ কৰা ইত্যাদি সুস্থ জীৱন শৈলীয়ে মেৰুদণ্ডৰ সুস্থতাত যথেষ্ঠ অৰিহনা যোগায়৷
- ঘৰুৱা চিকিৎসা তথা নিজৰ যত্নৰ ফলতো বহু সময়ত কঁকালৰ বিষৰ ভাল হোৱা দেখা যায়৷ কিন্তু কিছু ক্ষেত্ৰত কঁকালৰ বিষে গুৰুতৰ সমস্যাৰ সংকেত দিব পাৰে৷ আৰু যদি কঁকালৰ বিষ অবিৰতভাৱে হৈ থাকে, জিৰণিৰ দ্বাৰা উপশম নহয়, বা কঁকালৰ বিষৰ লগতে জ্বৰো থাকে অথবা অন্ত্ৰ বা মূত্ৰাশয়ৰ কাৰ্যকলাপত প্ৰভাৱ পেলায়, তেন্তে তৎকালীনভাৱে মেৰুদণ্ডৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ৷ কেতিয়াবা এই বিষ কঁকালৰ তললৈকে অথাৰ্ৎ এখন বা দুয়োখন ভৰিলৈকে বিয়পি দুৰ্বলতাৰ সৃষ্টি কৰে৷
- কঁকালৰ বিষৰ সৈতে জীয়াই থকাটো বিপদজনক হ’ব পাৰে আৰু নিবাৰ্চিত ক্ষেত্ৰত অস্ত্ৰোপচাৰে জীৱনৰ মান উন্নীত কৰাৰ লগতে বিষৰ পৰাও উপশম দিয়ে৷ প্ৰযুক্তি, এণ্ডোস্ক’পিক নেভিগেচন আৰn ¸ৰব’টিক্সৰ কৌশলৰ উন্নতিৰ লগে লগে মেৰুদণ্ডৰ অস্ত্ৰোপচাৰ অধিক সুৰক্ষিত আৰু নিখুঁত হৈ পৰিছে যাৰ ফলত ৰোগীয়ে বিষমুক্ত স্বাভাৱিক জীৱন লাভ কৰিবলৈ সক্ষম হৈছে৷