Logo
image

পোহৰৰ উৎসৱ আৰু প্ৰদূষণ

পোহৰৰ উৎসৱ দীপাৱলীলৈ  মাজত কেইটামান দিনবাকী থকা অৱস্থাত এই উৎসৱক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কেতবোৰ নেতিবাচক দিশক লৈ সৰ্বসাধাৰণ সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে৷ দীপাৱলীৰ সময়ত আটচবাজী জ্বলোৱাৰ নামত প্ৰতিবছৰে বহু ধন খৰচ কৰা হয়৷ উৎসৱ উদ্‌যাপনৰ নামত ধন ব্যয় কৰাটো এটা আৱেগজড়িত বিষয় যদিও পোহৰৰ উৎসৱত আটচবাজী জ্বলোৱাৰ যি প্ৰতিযোগিতা হয়, তাৰ দ্বাৰা পৰিৱেশ-তন্ত্ৰত নেতিবাচক প্ৰভাৱ পৰে৷ উদাহৰণস্বৰূপে দেশৰ ৰাজধানী নতুন দিল্লীৰ কথা উল্লেখ কৰিব পাৰি৷ শীতকাল অহাৰ লগে লগে দিল্লীত দেখা দিয়ে বায়ু প্ৰদূষণৰ সমস্যাই৷ এই সমস্যাই ক্ৰমাৎ গুৰুতৰ ৰূপ লৈছে৷ দশেৰা উৎসৱৰ পাছতে দিল্লীৰ বতাহৰ মান চিন্তাজনক হ’বলৈ আৰম্ভ কৰিছে৷ সোমবাৰে পুৱাৰ ভাগত দিল্লীৰ বতাহৰ মানৰ সূচক (এয়াৰ কোৱালিটী ইনডেক্স) আছিল ৩৭০৷ দেওবাৰে দশেৰাৰ দিনটোত বিয়লি ৪ বজাত বতাহৰ মানৰ সূচক আছিল ২২৪৷ এনে স্থিতিত সতৰ্কতামূলক ব্যৱস্থা হিচাপে দিল্লী চৰকাৰে পহিলা জানুৱাৰীপৰ্যন্ত চহৰখনত সকলো প্ৰকাৰৰ আটচবাজীৰ উৎপাদন, মজুতকৰণ আৰু বিক্ৰী সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছে৷ ৰাজ্যখনৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে এটা বিবৃতিত উল্লেখ কৰিছে যে  দিল্লীত ইতিমধ্যে বায়ু প্ৰদূষণ চিন্তাৰ কাৰণ হৈ পৰিছে৷ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে দীপাৱলীৰ সময়ত চহৰখনত আটচবাজী জ্বলোৱাটো নিষিদ্ধ কৰা হৈছে৷ এই নিষেধাজ্ঞা থাকিব দুমাহপৰ্যন্ত৷ এইক্ষেত্ৰত চৰকাৰে দিল্লীবাসীৰ সহযোগিতা বিচাৰিছে৷ ইপিনে, দিল্লীৰ পৰিস্থিতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰেও নজৰ ৰাখিছে৷ প্ৰয়োজন সাপেক্ষে ‘গ্ৰেডেড ৰেছপন্‌ছ একশ্বন প্লেন’ৰ অধীনত প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱাৰ ইংগিত দিছে চৰকাৰে৷ যদি প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়, তেন্তে দিল্লীত পেট্ৰ’ল আৰু ডিজেলচালিত যান-বাহন নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰা হ’ব৷উল্লেখ্য, অপশক্তিৰ বিৰুদ্ধে সততাৰ জয়ৰ আনন্দ প্ৰকাশৰ বাবে উদ্‌যাপন কৰা হয় পোহৰৰ উৎসৱ৷ কিন্তু দেৱালীত জ্বলোৱা আটচবাজীয়ে বায়ুমণ্ডল প্ৰদূষিত কৰাৰ লগতে মানৱ আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰো সৃষ্টি কৰে৷ আটচবাজী জ্বলোৱাৰ পাছত যি ধোঁৱাৰ সৃষ্টি হয়, সেই ধোঁৱাই বায়ুমণ্ডলত ছালফাৰ-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে আৰু সেই বায়ু সেৱনৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে আন বিভিন্ন উপসৰ্গই দেখা দিয়ে৷ কেৱল ছালফাৰ-ডাই-অক্সাইডেই নহয়, আটচবাজী জ্বলোৱাৰ ফলত আন এবিধক্ষতিকাৰক দ্ৰব্য কেডমিয়ামো বায়ুমণ্ডলত মিহলি হয়৷ দেৱালীৰ সময়ত বজাৰত এনে কেতবোৰ আটচবাজী বিক্ৰী কৰা হয়, যিবোৰে বায়ু প্ৰদূষণৰ লগতে শব্দ প্ৰদূষণতো অৰিহণা যোগায়৷  শেহতীয়াভাৱে প্ৰকাশ পোৱা এটা তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীতো বায়ু প্ৰদূষণ এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ গুৱাহাটীত যিধৰণে বায়ু প্ৰদূষিত হ’বলৈ ধৰিছে, এনে গতিত গৈ থাকিলে চহৰখনৰ সমস্যা এদিন দিল্লীৰ দৰে হ’ব৷ সেয়েহে দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত আটচবাজীৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা আৰোপ কৰা হৈছে, অনুৰূপ ব্যৱস্থা গুৱাহাটীতো লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ সেইবাবে উৎসৱ উদ্‌যাপনৰ নামত যাতে চহৰখনৰ প্ৰদূষণ অধিক বৃদ্ধি নাপায়, তাৰ প্ৰতি দৃষ্টি ৰখাৰ দায়িত্ব সৰ্বসাধাৰণৰো৷ বজাৰত আজিকালি পৰিৱেশ উপযোগী আটচবাজীও উপলব্ধ হৈছে৷  এনেধৰণৰ আটচবাজীৰ ব্যৱহাৰে বায়ু প্ৰদূষণ বহুখিনি হ্ৰাস কৰিব পাৰে৷ লগতে চৰকাৰৰো এইক্ষেত্ৰত কৰণীয় বহুখিনি আছে৷ বায়ু প্ৰদূষণ কেৱল ভাৰতৰে সমস্যা নহয়৷ বিশ্বৰ কেইবাখনো দেশত এই সমস্যা চিন্তাৰ কাৰণ হৈ পৰিছে৷ যিবোৰ দেশত প্ৰদূষণজনিত কাৰণত মৃত্যুৰ হাৰ চিন্তাজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে, সেই দেশবোৰত পৰিৱেশ সম্পৰ্কীয় নীতি দুৰ্বল বুলি মত পোষণ কৰাৰ লগতে সেই দেশবোৰ এতিয়াও পুৰণি প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰিছে৷ যিহেতু ভাৰততে প্ৰদূষণকেন্দ্ৰিক মৃত্যুৰ হাৰ সৰ্বাধিক, সেয়েহে এই সমস্যা সমাধানত ভাৰতেই আগভাগ লোৱা উচিত৷ সমস্যাটোৰ  সমাধানত চৰকাৰে জৰnৰী ব্যৱস্থা নল’লে পৰৱৰ্তী সময়ত পৰিস্থিতিৰ অধিক অৱনতি ঘটিব৷