Logo
image

টকাৰ পতন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ অক্টোবৰ : হোৰাহোৰে কমিছে টকাৰ মূল্য৷ মাৰ্কিন ডলাৰৰ বিপৰীতে সৰ্বকালৰ অভিলেখ ৰচনা কৰি আটাইতকৈ সৰ্বনিম্ন হৈছে ভাৰতীয় টকাৰ মূল্য৷ মঙলবাৰে প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৪.০৭ টকালৈ হ্ৰাস পাইছে৷ ভাৰতীয় টকাৰ এই অস্বাভাৱিক মূল্য হ্ৰাসত বিত্তীয় বিশেষজ্ঞসকলে উদ্বেগ ব্যক্ত কৰিছে৷ কিয়নো অনাকাংক্ষিতভাৱে দৈনিক হ্ৰাস পাব ধৰিছে টকাৰ মূল্য৷ সোমবাৰে প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য আছিল ৪৪.০৬ টকা৷ মঙলবাৰে টকাৰ মূল্য ৮৪.০৭ টকাকৈ সামান্য হ্ৰাস পায়৷ এছিয়ান মুদ্ৰা হ্ৰাস আৰু বিদেশী বেংকত ডলাৰৰ চাহিদা বৃদ্ধি পোৱাৰ ফলতেই ভাৰতীয় টকাৰ মূল্য হ্ৰাস পোৱা বুলি কোৱা হৈছে৷ ইয়াৰ এমাহ পূৰ্বেও বিগত ১২ ছেপ্টেম্বৰত ভাৰতীয় মুদ্ৰা এক ডলাৰ ৮৩.৯৯ টকালৈ হ্ৰাস পাইছিল৷ কিন্তু পৰৱৰ্তী সময়ত ভাৰতীয় টকাৰ মূল্য কিছু বৃদ্ধি পাইছিল যদিও পুনৰ মূল্য হ্ৰাস পাবলৈ আৰম্ভ কৰিছে৷


বিত্তীয় বিশেষজ্ঞসকলে দাবী কৰা মতে বিদেশী বিনিয়োগকাৰীসকলে বিগত ১০ দিনত প্ৰায় ৪ বিলিয়ন ডলাৰৰ শ্বেয়াৰ বিক্ৰী কৰিছে৷ অৰ্থাৎ ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিদেশী বিনিয়োগ উঠাই নিয়া হৈছে৷ আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়েই ভাৰতীয় টকাৰ পতনৰ অন্যতম এটা কাৰণ হিচাপেও চিহ্নিত কৰিছে বিশেষজ্ঞ মহলে৷ বিগত কিছুদিন ধৰি শ্বেয়াৰৰ মূল্যও হ্ৰাস পাইছে৷ ফলস্বৰূপে ডলাৰৰ বিপৰীতে টকাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ অনাগত সময়ছোৱাতো ভাৰতীয় টকাৰ পতনৰ এই ধাৰা অব্যাহত থাকিব বুলিও বিত্তীয় বিশেষজ্ঞসকলে আশংকা ব্যক্ত কৰিছে৷