উপ-নিৰ্বাচনী হিংসা
১৩ নৱেম্বৰত অসমৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ দেশৰ নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনাই চামগুৰি বিধানসভা সমষ্টিত সংঘটিত হ’ল দুটা ৰাজনৈতিক দলৰ সমৰ্থকৰ সংঘৰ্ষ৷ প্ৰকৃততে নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হোৱা সংঘৰ্ষৰ ক্ষেত্ৰত নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ আছে এক সুকীয়া পৰিচয়৷ ২০০১ চনৰ পৰাই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি অহা কংগ্ৰেছ দলৰ সংখ্যালঘু নেতা তথা প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিটো নিৰ্বাচনতেই সংঘটিত হৈছিল অনেক ঘটনা৷ ২০০১ চনৰ পৰা ২০২১ চনলৈ অনুষ্ঠিত প্ৰতিটো নিৰ্বাচনত বিৰোধী দলৰ নেতাকর্মীক প্ৰহাৰ কৰা, যান-বাহনলৈ শিলগুটি নিক্ষেপ কৰা, নিৰ্বাচনী কাৰ্যালয়ত অগ্নিসংযোগ কৰা ইত্যাদি অনেক অপৰাধৰ গোচৰ আজিও চলি আছে আদালতত৷ ধমীয় সংখ্যালঘুৰ প্ৰাধান্য থকা চামগুৰি বিধানসভা সমষ্টিটোত নিজ পুত্ৰৰ বিজয়ৰ বাবে ইতিমধ্যে জান-প্ৰাণ লগাই যুঁজত নামিছে সাংসদ ৰকিবুল হুছেইন৷শাসকীয় দলৰ প্রার্থীজনৰ কাৰণে প্ৰধান প্ৰত্যাহ৩ান হিচাপে থিয় দিয়া সংখ্যালঘুৰ আস্থাত যাতে কোনেও আঘাত কৰিব নোৱাৰে, তাৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা লোৱা ৰকিবুল হুছেইনে ২০১৬ চনত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলক বাধা দিবলৈ যিবোৰ পন্থা গ্ৰহণ কৰিছিল, অনুৰূপ পন্থাই শাসকীয় বিজেপি দলৰ বিৰুদ্ধে গ্ৰহণ কৰাটো অৱশ্যম্ভাৱী৷ ২০১৬ চনত সমষ্টিটোত বিজেপিৰ প্রার্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা জিতু গোস্বামীক পৰাভূত কৰিবলৈ বিৰোধী কংগ্ৰেছে লোৱা একমাত্ৰ পন্থাটো আছিল নিৰ্বাচনী হিংসা৷ ২০০১ চনৰ পৰাই ৰাজনীতিৰ পথাৰত দপ্দপাই থকা চামগুৰি সমষ্টিটো একালত কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল যদিও বৰ্তমান সমষ্টি পুনৰ নিৰ্ধাৰণত সোমাই পৰিল নগাঁও লোকসভা সমষ্টিত৷ বিগত লোকসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ ভোটাৰে কংগ্ৰেছ প্রার্থী প্ৰদ্যুৎ বৰদলৈৰ পৰিৱৰ্তে অধিক ভোটদান কৰিছিল বিজেপি দলৰ প্রার্থীজনক৷ প্ৰকৃততে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ মাজত থকা ৰাজনৈতিক দ্বন্দ্বৰ পূৰ্ণ প্ৰয়োগ হৈছিল বিগত লোকসভা নিৰ্বাচনত৷গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অসমত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত (২০০১-২০১৬) হোৱা প্ৰতিটো নিযুক্তি প্ৰক্ৰিয়াত প্ৰথম স্থানত থকা জালুকবাৰীৰ বিপৰীতে দ্বিতীয় স্থানত আছিল চামগুৰি৷ ৰাজ্যৰ গৃহ, বন আৰু পৰিৱেশ বিভাগত নিযুক্তি পোৱা সৰহসংখ্যক যুৱক আছিল চামগুৰি সমষ্টিৰ৷ সত্যটো হৈছে যে চামগুৰি সমষ্টিৰ এনে এঘৰ বাসিন্দা নাই যাৰ শিক্ষিত যুৱকে চৰকাৰী চাকৰি পোৱা নাছিল কংগ্ৰেছৰ শাসন কালত৷ বৰ্তমান কলিয়াবৰৰ বাসিন্দা দিপ্লু ৰঞ্জন শৰ্মাৰ হাতত থকা যুৱশক্তি আৰু ৰকিবুল হুছেইনৰ কাষত থকা ধম¹য় সংখ্যালঘুৰ মাজত সংঘটিত হ’বলৈ ধৰা নিৰ্বাচনী সংঘাতবোৰে বিবুধিত পেলাব ৰাজ্যৰ গৃহ বিভাগক৷ নিজ পুত্ৰক নিৰ্বাচনত বিজয়ী কৰাবলৈ সাংসদ ৰকিবুল হুছেইনে ইতিমধ্যে আৰম্ভ কৰা মিঞা ভোট, সংখ্যালঘুৰ উচ্চেদ অভিযানৰ প্ৰচাৰৰ বিপৰীতে শাসকীয় দলৰ বাবে থাকিব নেতাৰ ভয়-ভাবুকিৰ পৰা সংখ্যালঘু ভোটাৰক উদ্ধাৰ কৰা৷ সংঘৰ্ষৰ গোচৰ দাখিল হ’ব আৰক্ষী থানাত আৰু নিশাবোৰ ভয়ানক হৈ পৰিব চামগুৰিৰ গাঁৱত৷৷ প্ৰকৃততে দুই ম’হৰ যুঁজত পুনৰ বিৰিণাৰ মৰণ হ’ব চামগুৰিৰ উপ-নিৰ্বাচনত৷






