Logo
image

ৰং-বিৰঙৰ পখিলাৰ নিৰাপদ ঠিকনা কাজিৰঙা

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ১৭ অক্টোবৰ : ৰং-বিৰঙৰ লেখ-অলেখ পখিলাৰ নিৰাপদ ঠিকনা হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ এক ৰোমাঞ্চকৰ আৱিষ্কাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰপৰা ৪৪৬ টাতকৈও অধিক প্ৰজাতিৰ পখিলাৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে, যাৰ ফলত অৰুণাচল প্ৰদেশৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে দেশৰ  ভিতৰতে দ্বিতীয় সৰ্বাধিকসংখ্যক প্ৰজাতি পখিলা পোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাপে চিহ্নিত হৈছে৷ দীৰ্ঘম্যাদী পৰ্যবেক্ষণ আৰু ৰেকৰ্ডসমূহ কাজিৰঙাৰ স্থানীয় যুৱ বিজ্ঞানী ডাঃ মনছুন জ্যোতি গগৈয়ে বছৰ বছৰ ধৰি কৰা কামৰ শিখৰত উপনীত হৈছে৷ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে আজি তেওঁলোকৰ সামাজিক মাধ্যমযোগে ছ’চিয়েল ড॰ মনছুন জ্যোতি গগৈক শুভেচ্ছা জনায়৷ কাজিৰঙাৰ এজন যুৱ লেপিডপ্টেৰিষ্ট ড॰ মনছুন জ্যোতি গগৈয়ে ৪৪৬টাতকৈও অধিক পখিলাৰ নথিভুক্ত কৰিছে, যিটো নামদাফাৰ পাছত দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক বুলি চিহ্নিত হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যুৱ বিজ্ঞানী ড॰ গগৈলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে, য’ত ভাৰতৰ বাবে ১৮টা নতুন ৰেকৰ্ড, যেনে বাৰ্মিজ থ্ৰিৰিং, গ্লাছি চেৰুলিয়ান, ডাৰ্ক-বৰ্ডাৰ হেজ ব্লু, আৰু আন্দামান ইয়েলো বেণ্ডেড ফ্লেট, ভাৰতৰ আৰু অধিক সমৃদ্ধিশালী জীৱ বৈচিত্ৰ্যৰ গৱেষণাৰ ফচল বুলি উল্লেখ কৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে এক প্ৰেছ বাৰ্তাযোগে জানিবলৈ দিয়া মতে, পখিলাৰ অৱস্থাৰ বিশদ তথ্য সংগ্ৰহ আৰু অধিক প্ৰচাৰৰ বিষয়ে পখিলাৰ অৱস্থাৰ বিশদ তথ্য সংগ্ৰহ আৰু অধিক প্ৰচাৰৰ বিষয়েও চলিত বৰ্ষৰ ২৭-২৯ছেপ্টেম্বৰত তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে কাজিৰঙাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ‘পখিলা সংৰক্ষণ মিট-২০২৪’ত আলোচনা কৰা হৈছিল, য’ত সমগ্ৰ দেশৰপৰা প্ৰায় ৪০জন পখিলাৰ অনুৰাগীয়ে অংশগ্ৰহণ কৰিছিল৷


অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছিল নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটী (এন ই এইচ ইউ), কটন বিশ্ববিদ্যালয়, অসমৰ বিভিন্ন মহাবিদ্যালয়, মহাৰাষ্ট্ৰ বন বিভাগ, কৰবেট ফাউণ্ডেছনৰ প্ৰতিনিধি, আৰু নৰ্থ ইষ্ট বাটাৰফ্লাইজ গোটৰ বিশিষ্ট সদস্যসকল৷ এই বৈঠকত পখিলা সংৰক্ষণৰ বিভিন্ন দিশৰ ওপৰত আকৰ্ষণীয় অধিৱেশন আৰু আলোচনা অনুষ্ঠিত হয়৷ চেক গণৰাজ্যৰ গৌৰৱ নন্দি দাসে ‘পখিলাৰ শ্ৰেণীবিভাজন’ৰ ওপৰত এক উল্লেখযোগ্য উপস্থাপন আগবঢ়ায়, যিয়ে গভীৰ অন্তদৃৰ্ষ্টিৰে দৰ্শকক মোহিত কৰে৷ ইয়াৰ পাছতে কাজিৰঙা-কাৰ্বি আংলঙৰ ভূ-প্ৰকৃতিৰ বিভিন্ন প্ৰান্তত বিশেষকৈ পানবাৰী সংৰক্ষিত বনাঞ্চলত পখিলাৰ পৰ্যবেক্ষণ কৰা হয়, য’ত বিভিন্ন প্ৰজাতিৰ পখিলাৰ বাসস্থান উদ্ধাৰ কৰা হৈছিল৷ এই বৈঠকৰ সময়ত মুঠ ৮৫প্ৰজাতিৰ পখিলা দেখা গৈছিল৷ অনুষ্ঠানটোৰ আন এক উল্লেখযোগ্য দিশ আছিল ড॰ মনছুন জ্যোতি গগৈৰ ৰচনা কৰা পখিলাৰ ওপৰত এখন নতুন চিত্ৰাংকিত গাইডবুক উন্মোচন৷ গ্ৰন্থখনত কাজিৰঙাত লিপিবদ্ধ হোৱা ৪৪৬টা প্ৰজাতিৰ পখিলাৰ নথিভুক্ত কৰা হৈছে, ইয়াৰে ১৮টা ভাৰতৰ বাবে নতুন অভিলেখ বুলি উল্লেখ কৰা হৈছে৷ যুৱ বিজ্ঞানীজনে নতুনকৈ লিপিবদ্ধ কৰা পখিলাৰ প্ৰজাতিকেইটা হ’ল -বাৰ্মিজ থ্ৰিৰিং, গ্লাছি চেৰুলিয়ান, ডাৰ্ক-বৰ্ডাৰড হেজ ব্লু, আন্দামান ইয়েলো বেণ্ডেড ফ্লেট, ফেৰাৰছ চেৰুলিয়ান, গ্ৰেট ৰেড-ভেইন লেন্সাৰ, পিকক অকব্লু, চিংলেড, লাইনযুক্ত ফ্লেছ, হালধীয়া-ঠেংযুক্ত অলকিং, হোয়াইট পাম বব, ডাৰ্ক-ডাষ্টেড পাম ডাৰ্ট, ক্লেভেট বেণ্ডেড ডেমন, পেল-মাৰ্কড এছ, হালধীয়া অনিক্স, লং-উইংড হেজ ব্লু, এছ পি, হিল এছ, বামন বেণ্ডেড ডেমন৷ ২০০৭ চনৰপৰা এই অঞ্চলত পখিলাৰ ওপৰত অধ্যয়ন কৰি অহা ড॰ মনছুন জ্যোতি গগৈয়ে জানিবলৈ দিয়া মতে, ভাৰতৰ সংৰক্ষিত অঞ্চলসমূহৰ ভিতৰত কাজিৰঙা এতিয়া নামদাফা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে পখিলাৰ প্ৰজাতিৰ বৈচিত্ৰ্যৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে৷ হিমালয় আৰু পাটকাই পৰ্বতমালাৰ বাহিৰত কাজিৰঙাৰ অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি এই অভিলেখ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ, যাৰ ফলত ইয়াৰ উচ্ছ প্ৰজাতিৰ বৈচিত্ৰ্য এক উল্লেখযোগ্য সফলতা৷ এই সংৰক্ষণ সভাই কাজিৰঙাত পখিলা সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে যথেষ্ট সজাগতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে৷ অঞ্চলটোৰ প্ৰজাতিৰ চহকী বৈচিত্ৰ্যক উজ্জ্বল কৰি এই অনুষ্ঠানে অধিক গৱেষণা, নিৰীক্ষণ, আৰু বাসস্থান সুৰক্ষাৰ পদক্ষেপক উৎসাহিত কৰে৷ ইয়াৰ দ্বাৰা নিশ্চিত কৰা হয় যে পখিলা কাজিৰঙাৰ সংৰক্ষণ অগ্ৰাধিকাৰৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে, ইয়াৰ চিনাকি ‘বিগ ফাইভ’: ঢেঁকীয়া-পতীয়া বাঘ, ভাৰতীয় গঁড়, এছিয়ান হাতী,  ম’হ, আৰু দুষ্প্ৰাপ্য দল হৰিণাৰ সমপৰ্যায়৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটক আন বন্যপ্ৰাণীৰ লগতে এতিয়াৰেপৰা পখিলাৰ প্ৰতি অধিক আকৰ্ষিত হোৱাৰ লগতে গৱেষকৰ আন এক গৱেষণাৰ তলি হিচাপে পৰিচিত হ’ব বুলি উদ্যান কতৃৰ্পক্ষই মত প্ৰকাশ কৰে৷