Logo
image

একেৰাহে দ্বিতীয়বাৰলৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে ছৈনীয়ে

নতুন দিল্লী, ১৮ অক্টোবৰ : দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল নয়াব সিং ছৈনী৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ছৈনীয়ে মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰে৷ ইয়াৰ বাবে ‘পঞ্চকুলাৰ ছালিমাৰ গ্ৰাউণ্ড’ত বিশাল আয়োজন কৰা হয়৷ ছৈনীৰ উপৰি ৰাজ্যপাল বন্দাৰু দত্তাত্ৰেয়ে শপত বাক্য পাঠ কৰায় অনিল ভিজ আৰু কৃষ্ণলাল পানোৱাৰসহ আন ১২জন বিজেপি মন্ত্ৰীক৷ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি দলৰ কেন্দ্ৰীয় নেতাসকল উপস্থিত থাকে৷ তদুপৰি ৫০ হাজাৰৰো অধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে এন ডি এ শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল৷ উল্লেখ্য যে হাৰিয়ানাৰ নতুন চৰকাৰখনৰ শপতগ্ৰহণ স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু হৈছিল৷


কিন্তু মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে উক্ত গোচৰ খাৰিজ কৰি দিয়ে৷ এইবাৰ ৯০ খন আসনযুক্ত হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত ৪৮ খন আসনেৰে বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ একেৰাহে ১০ বছৰ ক্ষমতাত থকাৰ পাছতো হাৰিয়ানাত এইবাৰ ‘প্ৰতিষ্ঠান বিৰোধী’ ঢৌ অতিক্ৰম কৰি বিজেপিয়ে ‘হেটট্ৰিক’ অৰ্জনেৰে এক প্ৰকাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ স্মৰ্তব্য যে হাৰিয়ানা বিধানসভা নিৰ্বাচনত এইবাৰ ‘ষ্টাৰ কেম্পেইনাৰ’ৰূপে প্ৰচাৰ চলাইছিল অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ সেইদৰে অসমৰ ফণীন্দ্ৰ নাথ শৰ্মাই হাৰিয়ানা বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব লৈ প্ৰচাৰ অভিযানত নামি পৰিছিল৷ ইপিনে মুখ্যমন্ত্ৰীৰূপে পুনৰবাৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে অসমলৈ অহা নয়াব সিং ছৈনীয়েও অসমৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু ফণীন্দ্ৰ নাথ শৰ্মাৰ কষ্টৰ বাবেই তেওঁৰ জয়লাভ সহজ হোৱা বুলি উল্লেখ কৰিছে৷