Logo
image

তামান্না ভাটিয়াক গুৱাহাটীত জেৰা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ অক্টোবৰ : অনলাইন ‘জুৱা’ৰ প্ৰচাৰত অংশ লৈ বিপদত বলিউডৰ মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া৷ অনলাইন বেটিং এপ ‘এইচ পি জেড-টোকেন’ মোবাইল এপৰ প্ৰচাৰ চলোৱাৰ অভিযোগত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ই ডিৰ জেৰাৰ সন্মুখীন হয় বলিউডৰ অভিনেত্ৰীগৰাকী৷ বৃহস্পতিবাৰে ই ডিৰ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত আঞ্চলিক কাৰ্যালয়ত ৫ ঘণ্টা ধৰি তদন্তকাৰী বিষয়াই জেৰা কৰে অভিনেত্ৰী তামান্না ভাটিয়াক৷ ই ডিৰ চমনৰ ভিত্তিতে বৃহস্পতিবাৰে বিমানযোগে পিতৃ-মাতৃ আৰু ভাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হয় তামান্না৷ ইয়াৰ পাছতেই পোনে পোনে দিনৰ ১.২৫ বজাত ই ডিৰ কাৰ্যালয়ত হাজিৰ হয় ৩৪ বছৰীয়া মোহময়ী অভিনেত্ৰীগৰাকী৷ এ এছ ১২ বি চি ৬৩২৭ নম্বৰৰ এখন বাণিজ্যিক বাহনত ই ডি কাৰ্যালয়লৈ অহা তামান্নাক তদন্তকাৰী বিষয়াৰ ওচৰলৈ লৈ যায় খোদ পিতৃ আৰু ভাতৃয়ে৷ অভিনেত্ৰীগৰাকীক তদন্তকাৰী বিষয়াই জেৰা কৰি থকাৰ সময়ত মাতৃ খ্ৰীষ্টানবস্তিস্থিত ই ডি কাৰ্যালয়ৰ পাৰ্কিঙত ৰখাই থোৱা বাহনখনতে আছিল৷ ই ডিৰ সূত্ৰই সদৰী কৰা মতে অবৈধ বিত্তিয় লেনদেন প্ৰতিৰোধ আইনৰ অধীনৰ গোচৰৰ ভিত্তিতে তামান্না ভাটিয়াক সোধা-পোছা কৰাৰ লগতে ভাষ্য লিপিবদ্ধ কৰা বুলিও জানিবলৈ দিছে৷


সূত্ৰটোৱে লগতে অনলাইন বেটিং এপ ‘এইচ পি জেড-টোকেন’ৰ এটা অনুষ্ঠানত বলিউড আৰু দক্ষিণৰ চেলিব্ৰিটিৰ অংশগ্ৰহণ কৰোৱাৰ কাম কৰিছিল অভিনেত্ৰীগৰাকীয়ে৷ ইয়াৰ বাবদ এপটোৰ কতৃৰ্পক্ষৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈছিল তামান্নাই৷ উল্লেখ্য, এই এপটোত বিটকইন ক্ৰিপ্টকাৰেঞ্চি বিনিয়োগ কৰি প্ৰতাৰণাৰ বলি হোৱাৰ অভিযোগ তুলি কেইবাজনো বিনিয়োগকাৰীয়ে নাগালেণ্ডৰ কহিমা থানাত এজাহাৰ দাখিল কৰিছিল৷ পৰৱৰ্তী সময়ত উক্ত গোচৰটোৰ তদন্ত কৰিছিল ই ডিৰ গুৱাহাটী কাৰ্যালয়লে৷ অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ আইনৰ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰি ই ডিয়ে চীনৰ পৰা নিয়ন্ত্ৰিত এই বেটিং এপটোৰ বিৰুদ্ধে বিগত মাৰ্চ মাহত অভিযোগনামা দাখিল কৰিছিল৷ অনলাইন বেটিং এপটোত ৫৭ হাজাৰ টকা মূল্যৰ বিটকইন বিনিয়োগ কৰিলে ৩ মাহৰ বাবে প্ৰতিদিনে ৪ হাজাৰ টকালৈ লাভ কৰাৰ প্ৰলোভন দিছিল৷ এপটোৰ প্ৰায় ৪৫৫ কোটি টকা সম্পত্তি ইতিমধ্যে ই ডিয়ে জব্দ কৰিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীক ই ডিয়ে কেইবাবাৰো চমন দিছিল যদিও শ্বুটিঙৰ বাবে তামান্না ভাটিয়াই তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱা নাছিল৷ অৱশেষত বৃহস্পতিবাৰে ই ডিৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ সহকাৰী সঞ্চালক ৰাম দীক্ষিতৰ চমনৰ ভিত্তিত তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’বলৈ বাধ্য হয় তামান্না৷ খ্ৰীষ্টানবস্তিৰ ই ডিৰ কাৰ্যালয়ত তমান্না ভাটিয়াৰ ভাষ্য লিপিবদ্ধ কৰে সহকাৰী সঞ্চালকে৷ অৱশ্যে ৫ ঘণ্টাৰ জেৰাৰ অন্তত যাবলৈ দিয়ে ই ডিয়ে৷ পিতৃ-মাতৃৰ সৈতে তামান্নাই নিশাটো গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত কটোৱা বুলি জানিব পৰা গৈছে৷