Logo
image

ৰণথলী ঝাৰখণ্ড, যুঁজাৰু অসমৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ অক্টোবৰ : লোকসভাৰ সদ্য সমাপ্ত নিৰ্বাচনৰ পাছত এইবাৰ ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনত দেখিবলৈ পোৱা যাব যোৰহাটৰ সাংসদ গৌৰব গগৈ আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যুদ্ধ৷ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে বৃহস্পতিবাৰে এক নিৰ্দেশ যোগে ঝাৰখণ্ড বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে লোকসভাত কংগ্ৰেছ দলৰ উপ-দলপতি গৌৰব গগৈক এ আই চি চিৰ জ্যেষ্ঠ সমন্বয় হিচাপে নিযুক্তি দিয়ে৷ সাংসদ গগৈৰ উপৰিও কংগ্ৰেছৰ অন্য দুই নেতা বি কে হৰি প্ৰসাদ আৰু মোহন মাৰকমকো এই দায়িত্ব অৰ্পন কৰা হয়৷ কংগ্ৰেছ দলে সাংসদ গৌৰব গগৈৰ ওপৰত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পন কৰাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো বিজেপি দলে ৰাজ্যখনৰ নিৰ্বাচনৰ গুৰু দায়িত্ব ইতিমধ্যে অৰ্পন কৰিছে৷ বিজেপি দলে কেন্দ্ৰীয় মন্ত্ৰী শিবৰাজ সিং চৌহানক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰভাৰীৰ দায়িত্ব দিয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাক সহঃ প্ৰভাৰী হিচাপে নিযুক্তি দিছে৷ এই দায়িত্ব লাভৰ পাছতে ঝাৰখণ্ডত মাৰাথন নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ যোৰহাটৰ পাছত এইবাৰ ঝাৰখণ্ডত সাংসদ গৌৰব গগৈ আৰু মুখ্যমন্ত্ৰী ড॰ শৰ্মা নিৰ্বাচনী ৰণক্ষেত্ৰত মুখামুখী হ’ব৷ ঝাৰখণ্ডৰ সমান্তৰালভাৱে অসমত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ দলে বিহালী সমষ্টিৰ দায়িত্ব অৰ্পন কৰিছে সাংসদ গগৈৰ ওপৰত৷ আনহাতে বিজেপি দলে বিহালী সমষ্টিৰ দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ অতি ঘনিষ্ঠ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ওপৰত৷ এক কথাত ক’ব গ’লে ঝাৰখণ্ডৰ আগন্তুক নিৰ্বাচনী ৰণথলীৰ মূল যুঁজাৰু হ’ব অসমৰ৷


বিহালীত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীয়ূষৰ

‘আমাৰ অসম’ৰ জিনজিয়াৰ প্ৰতিবেদক :  ৰাজ্যৰ প্তবিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে বিহালী বিধানসভা সমষ্টিত আজিৰেপৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ বিহালীৰ ৰাংছালী, তিনিসুতি আৰু হাতীবন্ধাত নিৰ্বাচনী প্ৰচাৰ চলাই কয় যে,  ‘যোৱা লোকসভা নিৰ্বাচনত বিৰোধীয়ে সমগ্ৰ অসমত ১৪টাৰ ৩টাত জিকিছিল আমি ১১টাত জিকিছিলোঁ৷ কেইদিনমান আগতে হাৰিয়ানাত জিকিম বুলি কংগ্ৰেছে খানা ৰেডি কৰিছিল যদিও অৱশেষত মুখত চেঁচাপানী পৰিল৷’ যোৰহাটত ব্যস্ত থকাৰ বাবে মোৰ সমষ্টিত মই এদিনহে প্ৰচাৰ চলাইছিলোঁ৷ তথাপি উক্ত নিৰ্বাচনত বিজেপিয়ে ৭৭হাজাৰ ভোটৰ ব্যৱধানত আগুৱাইছিল৷ কিন্তু এইবাৰ বিহালীত আমাৰ ভাল হ’ব৷ আমাৰ নতুন ৰণকৌশল একো নাই৷ মানুহৰ লগত থকাটোৱেই আমাৰ ৰণকৌশল৷ ৰাইজৰপৰা আশীৰ্বাদ লোৱাটোৱেই আমাৰ ৰণকৌশল৷ আনহাতে, চামগুৰিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীজনে কয় যে ‘চামগুৰিত এনেকুৱা পৰিস্থিতি কংগ্ৰেছ দলেই কৰে৷ চামগুৰিত প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে বেয়া পৰিৱেশৰ সৃষ্টি কৰে৷ চামগুৰিৰ দৰে পৰিৱেশ বেলেগ সমষ্টিত হ’ব নালগে তাৰ বাবে মই অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ৷ ৰকিবুল হুছেইনৰ সমষ্টিত নিৰ্বাচন আহিলে মাৰপিট হয়েই৷ হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীত ২০১৬চনত আক্ৰমণ কৰিছিল৷ মন্ত্ৰীজনক আজি সাংসদ ৰঞ্জিত দত্ত, দলটোৰ বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰকে ধৰি কেইবাজনো দলীয় নেতাই সংগ দিয়ে৷