৭০ টকীয়া পিঁয়াজ পাব ৩৫ টকাত
'আমাৰ অসম'ৰ মহানগৰ সংবাদ,১৮ অক্টোবৰঃ অবিশ্বাস্য যেন লাগিলেও এতিয়া গুৱাহাটীৰ মহানগৰীৰ বজাৰত ৩৫ টকীয়া পিঁয়াজ উপলব্ধ। যি সময়ত পিঁয়াজৰ মূল্যই চেঞ্চুৰী কোবাবলৈ সাজু হৈছে আৰু সাধাৰণ জনতাক বাৰুকৈয়ে কন্দুৱাইছে ঠিক সেই সময়তে গুৱাহাটী মহানগৰীলৈ আহিছে এটা সুখবৰ। এতিয়া গুৱাহাটী মহানগৰবাসীয়ে ৩৫ টকাতে পিঁয়াজ ক্ৰয় কৰাৰ সুবিধা লাভ কৰিছে।
মহানগৰবাসীয়ে ৩৫ টকীয়া পিঁয়াজ কিনিবলৈ হেতা ওপৰা লগাইছে। কেন্দ্ৰীয় চৰকাৰৰ কনজিউমাৰ্চ এফেয়াৰ্ছ বিভাগৰ উদ্যোগত মহানগৰীৰ ১২ টা স্থানত প্ৰতিদিনে ৩৫ টকা মূল্যত পিঁয়াজ বিক্ৰী কৰা হৈছে। সেই স্থান সমূহ হৈছে চন্দ্ৰপুৰ, বুঢ়া মায়ঙ, হেঙেৰাবাৰী, গণেশগুৰি, নায়নপুৰ,জু-ৰোড, ৰাজগড় ৰোড, ভঙাগড়, গীতানগৰ, নুনমাটি, গোপালনগৰ, মঠঘৰীয়াত। এই স্থান সমূহত সাধাৰণ জনগণে লাভ কৰিব সুলভ মূল্যৰ পিঁয়াজ।
কনজিউমাৰ্চ এফেয়াৰ্ছ বিভাগৰ তৰফৰ পৰা অটো ভানেৰে উক্ত স্থান সমূহত প্ৰতিকিলো পিঁয়াজ ৩৫ টকা মূল্যত বিক্রী কৰা হয়।
এফালে বজাৰত শাক-পাচলিৰ দামবৃদ্ধিয়ে আকাশ চুইছে, তাতেই আকৌ মধ্যভোগীৰ দপদপনি। তাৰ মাজতে নিম্ন মাধ্যবিত্ত আৰু মধ্যবিত্তই বজাৰৰ দামবৃদ্ধিৰ জুই দেখি খালী মোনাখনলৈয়ে দুখমনে উভতিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।
ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ অকৰ্মন্যতাৰ বাবে গুৱাহাটীৰ বজাৰত প্ৰতিদিনে অনিয়ন্ত্ৰিত দামবৃদ্ধি হৈছে। যোগান বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে মধ্যভোগীয়ে। কৃষকে মুনাফা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। সাধাৰণ জনতাইও বৰ্ধিত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে দুৰ্ভোগ ভূগিবলগীয়া হৈছে।
ঠিক সেই সময়তে ৭০ টকীয়া পিঁয়াজ ৩৫ টকাত লাভ কৰি নিম্ন মাধ্যবিত্ত আৰু মধ্যবিত্তৰ মুখত হাঁহি বিৰিঙি উঠিছে। গগনচুম্বী মূল্যবৃদ্ধিয়ে ৰাজ্যখনৰ লগতে গুৱাহাটী মহানগৰীৰ সাধাৰণ নাগৰিকক বাৰুকৈয়ে কান্দুৱাৰ সময়ত সুলভ মূল্যত পিঁয়াজ যোগানে সাময়িক সকাহ যোগাইছে।