Logo
image

অগপ, নতুন অগপ, তৃণমূল অগপ, অগপ-প্ৰগতিশীল

আমি এতিয়ালৈ চাৰিটা অসম গণ পৰিষদ দেখিলোঁ৷ অগপৰ এতিয়ালৈ তিনিবাৰ বিভাজন ঘটিছে৷ প্ৰথম বিভাজনৰ মূল কাৰণ আছিল প্ৰফুল্ল মহন্ত আৰু  ভৃগু কুমাৰ ফুকনৰ মনোমালিন্য৷ ভৃগু কুমাৰ ফুকনৰ লগতে কেন্দ্ৰত আইন মন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা দীনেশ গোস্বামী, বৃন্দাৱন গোস্বামী, পুলকেশ বৰুৱা আদিয়ে মূলতঃ প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি অগপ দলৰ বিভাজন ঘটাই নতুন অসম গণ পৰিষদ দল গঠন কৰিছিল৷ আৰু তাৰ পাছত অতুল বৰাই তৃণমূল অসম গণ পৰিষদ গঠন কৰিছিল আৰু শেহতীয়াকৈ স্বয়ং প্ৰফুল্ল মহন্তই অগপৰ পৰা ওলাই আহি অসম গণ পৰিষদ (প্ৰগতিশীল) গঠন কৰি অগপ দলৰ বিভাজন ঘটাইছিল৷ উল্লেখ্য, অসম আন্দোলনৰ দুয়োজন মুখ্য নেতা প্ৰফুল্ল মহন্ত আৰু ভৃগু কুমাৰ ফুকনে অগপ এৰি ওলাই আহি নতুন দল গঠন কৰি দলটোৰ বিভাজন ঘটাইছিল৷ এই বিভাজনে অসমীয়া জাতীয়তাবাদৰ কিছু চৰিত্ৰ আৰু বৈশিষ্ট্য উদঙাই দিয়ে৷ লগতে অসমীয়া জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ সন্দৰ্ভতো বহুতো জটিল প্ৰশ্ন দাঙি ধৰে, যিবোৰৰ কোনো সহজ উত্তৰ পোৱা নাযায়৷ অসম আন্দোলনৰ সৃষ্টি আৰু মূলতঃ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ওলাই অহা অগপই অসমত দুবাৰকৈ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল৷ইন্দিৰা গান্ধীক হত্যা কৰাৰ পাছত ৰাজনীতিলৈ আহিবলৈ অনিচ্ছুক তেওঁৰ ডাঙৰ পুত্ৰ ৰাজীৱ গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল আৰু অসম সমস্যা, পাঞ্জাব সমস্য আৰু মিজো সমস্যা সমাধান কৰি চমক সৃষ্টি কৰিছিল৷ কোৱা হৈছিল যে দেশৰ সামগ্ৰিক স্বাৰ্থত ৰাজীৱ গান্ধীয়ে নিজৰ দলীয় সংকীৰ্ণ স্বাৰ্থৰ ওপৰলৈ উঠিব পাৰিছিল৷ অসম চুক্তিৰ সাক্ষী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসমৰ মানুহে অবৈধ বুলি অভিহিত কৰা ১৯৮৩ চনৰ নিৰ্বাচনত নিৰ্বাচিত হিতেশ্বৰ শইকীয়াৰ চৰকাৰক অবৈধ বুলি অভিহিত কৰি চৰকাৰখন অসম চুক্তি স্বাক্ষৰ হোৱাৰ পাছত ভংগ কৰি নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰিছিল৷ সেই নিৰ্বাচনত কংগ্ৰেছ দল পৰাজিত হৈছিল; কংগ্ৰেছে ২৫খন আসনহে লাভ কৰিছিল৷ অসম গণ পৰিষদে ইয়াৰ প্ৰথমটো নিৰ্বাচনতে জয়লাভ কৰি অসমত চৰকাৰ গঠন কৰিছিল৷ অসম আন্দোলনৰ প্ৰবল গণ-সমৰ্থন অগপৰ বাবে দিয়া ভোটলৈ সফলভাৱে ৰূপান্তৰিত হৈছিল৷ উল্লেখ্য প্ৰবল জাতীয়তাবাদী ঢৌ উঠাৰ পাছতো অগপ দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল৷ অগপই ৫৯খন আসনহে লাভ কৰিছিল আৰু বৰাক উপত্যকা আৰু কাৰ্বি আংলঙৰ আন চাৰিজন বিধায়কৰ সমৰ্থন লৈহে চৰকাৰ গঠন কৰিব পাৰিছিল৷

৩২ বছৰ বয়সতে প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হৈছিল আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰীৰ বাসভৱনত উপনীত হৈছিল৷ ৮৬০জন লোক শ্বহীদ হোৱা অসম আন্দোলনৰ প্ৰথম আৰু প্ৰধান হিতাধিকাৰী নিশ্চয়কৈ আছিল প্ৰফুল্ল কুমাৰ মহন্ত৷ তেওঁ দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হৈছিল৷ অসম আন্দোলনৰ আন প্ৰমুখ হিতাধিকাৰীসকল আছিল অগপৰ আনসকল মন্ত্ৰী আৰু বিধায়ক৷ ১৯৯১ চনৰ পৰৱৰ্তী নিৰ্বাচনত অগপ দুভাগ হৈছিল৷ অগপই ১৯খন আৰু নতুন অগপই ৫খন আসন লাভ কৰিছিল আৰু ‘গণশত্ৰু’ হিতেশ্বৰ শইকীয়াৰ কংগ্ৰেছ দলে ৬৬খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল৷ মাত্ৰ ৫ বছৰ শাসনত থকাৰ পাছতেই অগপক ভোটাৰে প্ৰত্যাখ্যান কৰি কংগ্ৰেছক পুনৰ শাসনলৈ ওভতাই আনিছিল৷ অগপই ৫ বছৰ পাছত, ১৯৯৬ চনত, পুনৰ ক্ষমতালৈ আহিছিল; কিন্তু এক সম্পূৰ্ণ নতুন ৰূপত৷ অসম আন্দোলনৰ সময়ত আছু-গণ সংগ্ৰাম পৰিষদৰ বিৰোধী স্থিতি লোৱা বামপন্থী দলবোৰ আৰু পূৰ্ববংগীয় মূলৰ সংখ্যালঘুসকলক প্ৰতিনিধিত্ব কৰা একাংশৰ স’তে জোঁট গঠন কৰি অগপ দ্বিতীয়বাৰ ক্ষমতালৈ আহিছিল৷ সেইবাৰো অগপই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল, অগপৰ আসনৰ সংখ্যা আছিল ৫৯খন৷ অসমীয়া জাতীয়তাবাদক বা খিলঞ্জীয়াৰ জাতীয়তাবাদক আধাৰ কৰি লোৱা ৰাজনৈতিক দল এটাৰ বাবে অসমত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা সম্ভৱনে? এই প্ৰশ্নটোৰো অসমৰ বিশেষ ৰাজনৈতিক পৰিস্থিতি আৰু বিশেষ জনগাঁথনিৰ ভিত্তিত উত্তৰ দিয়াৰ বা বিশ্লেষণ কৰাৰ গভীৰ চেষ্টা কৰা হোৱা নাই৷ অসমীয়া জাতীয়তাবাদী শিবিৰে নিজৰ মূল শত্ৰুৰূপে দাঙি ধৰা কংগ্ৰেছ ২০০১ চনতপুনৰ ক্ষমতালৈ উভতি আহিছিল৷ সেইবাৰ কংগ্ৰেছে ৭১খন আসন লাভ কৰিছিল, অগপই পাইছিল ২০খন আসন৷ ২০০৬ চনৰ নিৰ্বাচনত কংগ্ৰেছে ৫৩খন আৰু অগপই ২৪খন আসন লাভ কৰিছিল৷ সেইবাৰ কংগ্ৰেছ পৰাজিত হ’ব বুলি আৰু অগপ চৰকাৰ আৰু বৃন্দাৱন গোস্বামী মুখ্যমন্ত্ৰী হ’ব বুলি অগপৰ সমৰ্থকসকলৰ মাজত প্ৰবল প্ৰত্যাশাৰ সৃষ্টি হৈছিল৷

আকৌ ২০১১ চনত কংগ্ৰেছে ৭৮খন আসনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল; অগপৰ আসনৰ সংখ্যা ১৪লৈ নামি আহিছিল, বিজেপিয়ে পাইছিল ৫ খন আসন৷ ২০০১ৰ পৰা ২০১৬লৈ তিনিটা কাৰ্যকালৰ বাবে চলা কংগ্ৰেছৰ তৰুণ গগৈৰ শাসন কাল অসমীয়া জাতীয়তাবাদী-আঞ্চলিকতাবাদী ৰাজনীতিৰ বাবে অত্যন্ত কঠিন সময় আছিল আৰু সেই ১৫ বছৰতে অগপৰ কঁকাল ভাঙিছিল৷ ইয়াৰ মুখ্য কাৰণ আছিল জাতীয়তাবাদৰ দায়িত্ব তৰুণ গগৈয়ে নিজেই লৈছিল, ‘হু ইজ বদৰুদ্দিন’ বুলি হুংকৰ দিছিল, আনহাতে¸ সেই সময়ছোৱাত ভাৰতৰ অৰ্থনীতিৰ দ্ৰুত বিকাশ হৈছিল, চৰকাৰৰ হাতত টকা আছিল আৰু প্ৰধানমন্ত্ৰী মনমোহন সিং অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভাৰ সদস্য হোৱাৰ বাবে তেওঁৰ অন্তৰত অসমৰ প্ৰতি থকা কোমল মনোভাবৰ বাবে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিশেষ সুবিধা হৈছিল৷তাৰ পাছত ২০১৪ চনত দিল্লীত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত ভাৰতৰ লগতে অসমৰ ৰাজনীতিৰো পট পৰিৱৰ্তন ঘটিছিল, দিল্লীক অনুকৰণ কৰি অসমতো ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হৈছিল৷ বিজেপিৰ উত্থানৰ ফলত অগপৰ বিভাজন কৰাৰ কোনো প্ৰয়োজন নোহোৱা হৈছিল, কাৰণ অগপত অসন্তুষ্ট হোৱাসকল যাবৰ বাবে বিজেপি আছিল৷ সেয়েহে বহু অসন্তুষ্টি থকাৰ পাছতো অগপৰ আৰু বিভাজন ঘটা নাই৷ অসমৰ বৰ্তমান বিজেপি দলটো হ’ল অগপ আৰু কংগ্ৰেছৰ এক খিচিৰি৷ অগপ আৰু কংগ্ৰেছ উপাদানসমূহ আঁতৰাই দিলে বিজেপিৰ একোৱেই বাকী নাথাকিব৷ আনহাতে, ‘শত্ৰু’ কংগ্ৰেছৰ স’তে শত্ৰুতা বাহাল ৰখাৰ পাছতো অগপৰ এটা ৰাজনৈতিক দল হিচাপে নিজৰ সুকীয়া অস্তিত্ব অক্ষুণ্ণ থকাৰ কিবা আশা থাকিলেও ‘মিত্ৰ’ বিজেিপৰ স’তে মিত্ৰতাৰ পাছত অগপৰ সুকীয়াকৈ অস্তিত্ব অক্ষুণ্ণ ৰখাৰ একো আশা নাই৷ অগপ বিজেপিৰ ওপৰত নিৰ্ভৰশীল কনিষ্ঠ সহযোগী হৈ থাকিব, অথবা নিঃচিহ্ন হৈ যাব৷ বিজেপিয়ে বিধানসভা নিৰ্বাচনত কিমানখন আসন অগপক এৰি দিয়ে তাৰ ওপৰতে আৰু সেই আসনকেইখনত টিকট পাব বিচৰাসকলৰ, আৰু চৰকাৰ গঠন হ’লে পোৱাৰ সম্ভাৱনা থকা দুটা মন্ত্ৰী পদ লাভ কৰিব বিচৰাসকলৰ সক্ৰিয়তাত দলটো টিকি থাকিব৷ অগপ টিকি থকাৰ আন এটা কাৰণ হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজস্ব ৰাজনৈতিক সমীকৰণ৷ তেওঁ বিজেপিত অগপ আৰু কংগ্ৰেছৰ উপাদানখিনি সক্ৰিয় কৰি আৰু নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে আৰু যিকোনো সময়তে পট পৰিৱৰ্তন ঘটা ৰাজনীতিত ২০২৬ চনত হ’ব লগা নিৰ্বাচনত নিজৰ মুখ্যমন্ত্ৰীৰ আসনখন নিজৰ হাতত ৰাখিব বিচাৰে৷ অগপ ইতিমধ্যে এটা ব্যৱহাৰ হৈ শেষ হোৱা শক্তি৷ বিজেপি- আৰ এছ এছ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজস্ব ৰাজনীতিৰ প্ৰয়োজনত অৰ্থাৎ অগপৰ বাহিৰৰ শক্তিৰ প্ৰয়োজনতহে অগপ এতিয়া জীয়াই আছে৷ অগপৰ জীৱটো এতিয়া অগপৰ দেহৰ ভিতৰত নাই৷