Logo
image

আৰম্ভ হ’ল ট্ৰেডিং কেলেংকাৰিৰ ৪১ গোচৰৰ তদন্ত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ অক্টোবৰ : ৰাজ্যৰ হাজাৰ কোটিটকীয়া অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা কেলেংকাৰিৰ তদন্তৰ বাবে অৱশেষত জাল মেলিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে৷ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ৪১টা গোচৰৰ তদন্তৰ বাবে নতুন দিল্লীৰ পৰা চিবিআইৰ দুটাকৈ দল অসমত উপস্থিত হোৱাৰ পাছতেই তদন্তৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে৷ আৰক্ষী-প্ৰশাসনৰ নাকৰ তলতে ৰাজ্যৰ অনলাইন ট্ৰেডিঙৰ নামত সংঘটিত প্ৰৱঞ্চনা আৰু লুণ্ঠনৰ কাহিনী পোহৰলৈ অহাৰ পাছতেই এই প্ৰৱঞ্চনাৰ গোচৰসমূহৰ তদন্ত চি বি আইলৈ হস্তান্তৰ বিচাৰি কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল অসম চৰকাৰৰ গৃহ বিভাগে৷ দিছপুৰৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ে অসমৰ ৪১টা ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰ তদন্তৰ বাবে বিগত ১১ অক্টোবৰত চি বি আইক আনুষ্ঠানিক নিৰ্দেশ প্ৰদান কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ পাছতেই ইতিমধ্যে চি বি আইৰ এজন ডি আই জি পৰ্যায়ৰ শীৰ্ষ বিষয়াই অসম আৰক্ষীৰ পৰা গোচৰ সম্পৰ্কীয় সকলো নথি-পত্ৰ চমজি লয়৷ ইয়াৰ পাছতেই অসমৰ ৪১টা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰৰ তদন্তৰ বাবে ইতিমধ্যে নতুন দিল্লীৰ পৰা দুটাকৈ তদন্তকাৰী দল গুৱাহাটীস্থ চি বি আইৰ কাৰ্যালয়ত উপস্থিত হৈ শুকুৰবাৰৰে তদন্ত আৰম্ভ কৰিছে৷ সেই অনুসৰি তদন্তকাৰী এটা দলে শুকুৰবাৰে ডিব্ৰুগড় সদৰ থানাত বিশাল ফুকন, অভিনেত্ৰী চুমি বৰা আৰু ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ বিৰুদ্ধে ৰুজু হোৱা ৩৫২/২০২৪ নম্বৰৰ গোচৰটোৰ তদন্তৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয়৷ তদন্তকাৰী দলটোৱে সদৰ থানাত উপস্থিত হৈ গোচৰ সম্পৰ্কীয় সকলো নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে কেইবাজনো ভুক্তভোগীৰ সাক্ষ্য গ্ৰহণ কৰে৷ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেই আদালতৰ অনুমতি লৈ চি বি আয়ে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত থকা চুমি, বিশাল আৰু তাৰ্কিকক জেৰা কৰাও পৰিকল্পনা কৰিছে৷ ইয়াৰোপৰি চি বি আইৰ একেটা দলে ট্ৰেডিং এফ এক্সৰ নামত প্ৰৱঞ্চনা কৰি ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ৰঞ্জিত কাকতিকো জেৰা কৰিব বুলি জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে শুকুৰবাৰে চি বি আইৰ দ্বিতীয়টো দলে পল্টন বজাৰ থানাত ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোৰো তদন্ত আৰম্ভ কৰে৷ সেই অনুসৰি চি বি আইৰ তদন্তকাৰী দলটোৱে গড়চুকস্থিত চি বি আইৰ কাৰ্যালয়লৈ মাতি পঠিয়ায় ডি বি ষ্টকৰ কেইবাজনো ভুক্তভোগী বিনিয়োগকাৰীক৷ বিনিয়োগকাৰী সকলক তদন্তকাৰী বিষয়াই বহু সময় ধৰি সোধা-পোছা কৰাৰ লগতে গোচৰ সম্পৰ্কীয় নথি-পত্ৰও পৰীক্ষা কৰে৷


উল্লেখ্য, বিনিয়োগকাৰীৰ পৰা প্ৰায় ৭০০ কোটি টকা আত্মসাৎ কৰি বৰ্তমানেও পলাতক হৈ আছে কুখ্যাত দীপাংকৰ বৰ্মন৷ অৱশ্যে এই গোচৰটোত আৰক্ষীয়ে দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃৰ লগতে প্ৰেয়সী মনলিচা দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷ অৱশ্যে, শুকুৰবাৰৰ পৰা চি বি আয়ে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰৰ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে নিজাববীয়াকৈ কোনো গোচৰ পঞ্জীয়ন কৰা নাই৷ চি বি আয়ে স্বয়ম্ভু ট্ৰেডিং প্ৰৱঞ্চক স্বপ্ননীল দাসৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হোৱা ৯৩৪/২০২৪ নম্বৰৰ গোচৰটোৰ তদন্তৰ বাবেও নথি-পত্ৰ সংগ্ৰহ কৰিছে৷ বি বি আয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰা ৰাজ্য আন আন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰসমূহৰ ভিতৰত আছে ক্ৰমে– ডিব্ৰুগড় থানাৰ গোচৰ নং ৩৫৪/২০২৪ গুৱাহাটীৰ ভঙাগড় থানাৰ গোচৰ নং ১৩০/২০২৪, তেজপুৰ থানাৰ গোচৰ নং ৫৩৩/২০২৪, শিলচৰ থানাৰ গোচৰ নং ০৭৮৯/২০২৪, নগাঁও থানাৰ গোচৰ নং ০৮৫৯/২০২৪৷ আজাৰা থানাৰ ১৮৪/২০২৪, দেৰগাঁও থানাৰ গোচৰ নং ১৪০/২০২৪, গীতানগৰ থানাৰ গোচৰ নং ০১৭৪/২০২৪, বৰহোলা থানাৰ গোচৰ নং ০০২৮/২০২৪, বিজনী থানাৰ গোচৰ নং ০০৭৪/২০২৪, মুচলপুৰ থানাৰ গোচৰ নং ০১০২/২০২৪, হাইলাকান্দি থানাৰ গোচৰ নং ২০১/২০২৪, তমাৰহাট থানাৰ গোচৰ নং ০০৫৫/২০২৪, কৰিমগঞ্জ থানাৰ গোচৰ নং ৫৩৪/২০২৪, শিৱসাগৰ থানাৰ গোচৰ নং ০১১৩/২০২৪, দেৰগাঁও থানাৰ গোচৰ নং ১৮৪/২০২৪, ধুবুৰী থানাৰ গোচৰ নং ৩১০/২০২৪, চি আই ডি চাইবাৰ থানাৰ গোচৰ নং ০০১২/২০২৪, দলগাঁও থানাৰ গোচৰ নং ১৮২/২০২৪, ৰঙাপৰা থানাৰ গোচৰ নং ৬৬/২০২৪, দলগাঁও থানাৰ গোচৰ নং ১৮৫/২০২৪, লক্ষ্মীপুৰ থানাৰ গোচৰ নং ২২৪/২০২৪, মিছামাৰী থানাৰ গোচৰ নম্বৰ ০০৯০/২০২৪, পুলিবৰ থানাৰ গোচৰ নং ০০৯২/২০২৪, তামাৰহাট থানাৰ গোচৰ নং ০৬৮/২০২৪, মিছামাৰী থানাৰ গোচৰ নং ০০৮৯/২০২৪, দলগাঁও থানাৰ গোচৰ নং ১৮৬/২০২৪, চাৰিদুৱাৰ থানাৰ গোচৰ নং ১৪৬/২০২৪, কাজলগাঁও থানাৰ গোচৰ নং ০০৮৭/২০২৪, দলগাঁও থানাৰ গোচৰ নং ০১৮৩/২০২৪, হোজাই থানাৰ গোচৰ নং ২৬০/২০২৪, গৌৰীপুৰ থানাৰ গোচৰ নং ২৬৮/২০২৪, গোলোকগঞ্জ থানাৰ গোচৰ নং ২০১/২০২৪, ২০৩/২০২৪, কৰিমগঞ্জ থানাৰ গোচৰ নং ৫৪৩/২০২৪, নং ৮৪৯/২০২৪, তেজপুৰ থানাৰ গোচৰ নং ৫২৭/২০২৪ আৰু ৰূপহীহাট থানাৰ গোচৰ নং ২৫০/২০২৪৷

ডিব্ৰুগড় সদৰ থানাত চিবিআইৰ পাঁচজনীয়া দল

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : অনলাইন ট্ৰেডিং কেলেংকাৰি গোচৰৰ তদন্ত কৰিব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে৷ প্ৰায় ২হাজাৰ কোটিটকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰিৰ অভিযুক্ত বিশাল ফুকন, চুমি বৰা আৰু তাৰ্কিক বৰাৰ লগতে প্ৰায় ১,২০০কোটিটকীয়া ট্ৰেডিং এফ এক্স কেলেংকাৰিৰ অভিযুক্ত ৰঞ্জিত কাকতিৰ গোচৰৰো তদন্ত চলাব চিবিআইয়ে৷ আজি চিবিআইৰ পাঁচজনীয়া এটা দল আহি ডিব্ৰুগড় সদৰ থানাত উপস্থিত হয়৷ ৰাজ্য চৰকাৰে ট্ৰেডিং কেলেংকাৰি গোচৰৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়ে চিবিআইক গোচৰসমূহ হস্তান্তৰ কৰা হয়৷ তদুপৰি, এছ আই টিয়ে তদন্তত লাভ কৰা প্ৰয়োজনীয় সকলোধৰণৰ তথ্যপাতি যোগান ধৰা হয়৷ ইফালে ডিব্ৰুগড় সদৰ থানাত চুমি, বিশাল, তাৰ্কিক আৰু ৰঞ্জিতৰপৰা জব্দ কৰা বিলাসী বাহনকেইখনো চিবিআইৰ সন্মুখত প্ৰদৰ্শন কৰা হয়৷ ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা ৩৫২/২০২৪নম্বৰৰ গোচৰটো আজি চিবিআইয়ে চমজি লোৱাৰ পাছতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ আনহাতে, চিবিআইয়ে ট্ৰেডিং কেলেংকাৰিৰ অধিক তদন্তৰ বাবে চুমি, বিশাল, তাৰ্কিক আৰু ৰঞ্জিতক পৃথকে পৃথকে জিন্মাত লোৱাৰ সম্ভাৱনা আছে৷ জানিব পৰা মতে, বিশালৰ অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা ৪০জন চিকিৎসককো চিবিআইয়ে জেৰা চলোৱাৰ সম্ভাৱনা আছে৷ ইফালে ৪০জনীয়া চিকিৎসকৰ তালিকাত আছে ক’লা ধন বিনিয়োগ কৰা একাংশ চিকিৎসকৰ নাম৷ উল্লেখ্য, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশাল-চুমিৰ লগতে তাৰ্কিক বৰাৰ ৯খন বিলাসী বাহন জব্দ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে৷ এ এছ ২৩ এ জে ১৭১৭নম্বৰৰ ছাফাৰী আৰু এ এছ ০১এফ এল ৮০০৯নম্বৰৰ ফৰ্চুনাৰ, এএছ ০৬এজে ০০০৬নম্বৰৰ ফৰ্চুনাৰ, এএছ ০৬একে ০০০৬এম জি হেক্টৰ, এএছ ০৬ এএল ০০০৬ কিয়া চেলটছ, এএছ ০৬ এএল ৬৭৩৪ এম জি হেষ্টৰ, এএছ ০১ এফ ডব্লিউ পঞ্জীয়নভুক্ত মহিন্দ্ৰা এক্স ইউ ভি ৭০০বিলাসী বাহন জব্দ কৰা লগতে এখন নম্বৰ প্লেট নথকা বিট কোম্পানীৰ বাহনো জব্দ কৰিছে৷ উল্লেখ্য, মন গ’লেই বিলাসী বাহন ক্ৰয় কৰি আত্মীয়ক উপহাৰ দিয়া আৰু মন গ’লেই মাহেকৰ মূৰত দুই-তিনিবাৰকৈ বিদেশ ভ্ৰমণলৈ যোৱা বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰিৰ আটাইকেইজন অভিযুক্ত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে বিশাল-চুমিৰ বহু বিলাসী সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য, ২ছেপ্টেম্বৰত ডিব্ৰুগড় গান্ধীনগৰস্থিত প্ৰবাঞ্জলী এপাৰ্টমেণ্টৰপৰা আটক কৰি ৩ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিয়েই ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱাইছিল বিশাল ফুকনক৷ সেইদিনাই বিশাল ফুকনক ৩দিনৰ আৰক্ষী জিন্মাত লৈ জেৰাৰ অন্তত পুনৰ আদালতত হাজিৰ কৰোৱাৰ পাছত ৬ছেপ্টেম্বৰত ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছিল৷ আনহাতে, ১২ছেপ্টেম্বৰত এছ টি এফে গ্ৰেপ্তাৰ কৰিছিল চুমি-তাৰ্কিকক৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তাৰ্কিকৰ ভাতৃ অম্লান বৰাক ১৪ছেপ্টেম্বৰত ডিব্ৰুগড় গতাই দিছিল৷ চুমি-তাৰ্কিকক পাঁচদিনৰ আৰু ৩দিনৰ অম্লান বৰাক আৰক্ষীৰ জিন্মাত ৰাখি তিনি অভিযুক্তক ১৭ছেপ্টেম্বৰত কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল৷ ইফালে আটাইকেইজনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ৩৫২/২৪ গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)৩১৮(৪) আৰু অবৈধ ধন সৰবৰাহ ২০১৯ আইনৰ ২১(১)২১(২)২১(৩)অধীনত পঞ্জীয়ন কৰা হৈছে৷