Logo
image

গিবনত তেল-গেছ খননৰ প্ৰস্তাৱ স্থগিত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ অক্টোবৰ : দুষ্প্ৰাপ্য হলৌ গিবনৰ বিচৰণভূমি যোৰহাটৰ হোলোঙাপাৰস্থিত গিবন অভয়াৰণ্যত বেদান্তৰ তেল অন্বেষণৰ প্ৰস্তাৱ স্থগিত ৰাখিছে নেচনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফে৷ অভয়াৰণ্যখনৰ পৰিৱেশ সংবেদনশীল অঞ্চলত কেন্দ্ৰীয় বন মন্ত্ৰণালয় আৰু অসম চৰকাৰে বেদান্ত গ্ৰুপৰ কেয়াৰ্ন অইল এণ্ড গেছক খননৰ অনুমোদন দিলেও অভয়াৰণ্যখনত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন নকৰা পৰ্যন্ত অনুমোদন স্থগিত ৰাখিছে নেচনেল ৱাইল্ড লাইফ ব’ৰ্ডে৷ কেন্দ্ৰীয় পৰিৱেশ দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ অধ্যক্ষতাত অনুষ্ঠিত বন্যপ্ৰাণী সংৰক্ষণৰ দেশৰ সৰ্বোচ্ছ সংস্থা এন চি ডব্লিউ এলৰ স্থায়ী কমিটীয়ে গিবন অভয়াৰণ্যত বেদান্ত গ্ৰুপৰ তেল অন্বেষণৰ অনুমোদন স্থগিত ৰাখে৷ এনবিডব্লিউএলৰ স্থায়ী কমিটীয়ে গিবনত ক্ষেত্ৰত ভিত্তিক পৰিদৰ্শনৰ বাবে ৱাইল্ড লাইফ ব’ৰ্ডৰ সদস্য ৰমন সুকুমাৰৰ  নেতৃত্বত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান, অসম চৰকাৰৰ বন বিভাগ আৰু বন্যপ্ৰাণী বিশেষজ্ঞক লৈ এখন কমিটী গঠনৰ  সিদ্ধান্ত গ্ৰহণ কৰে৷


উল্লেখ্য, বিগত ছেপ্টেম্বৰ  মাহত কেন্দ্ৰীয় বন মন্ত্ৰণালয়ে ৰাষ্ট্ৰৰ স্বাৰ্থত হলৌ গিবনৰ বাসস্থান অভয়াৰণ্যখনত বেদান্ত গ্ৰুপক তেলখননৰ অনুমোদন জনাইছিল৷ অথচ অভয়াৰণ্যখনৰ প্ৰস্তাৱিত খননৰ বাবে নিৰ্ধাৰণ কৰা অঞ্চলটোত প্ৰায় ১৩০টা বিলুপ্তপ্ৰায় গিবনে বাস কৰে৷ ইফালে বৰ্ডে খননৰ প্ৰস্তাৱ নাকৱ কৰিলেও অভয়াৰণ্যখনৰ মাজেৰে পাৰ হৈ যোৱা ৯ কিলোমিটাৰ দৈৰ্ঘৰ বৈদুতিক ৰে’লপথৰ বাবে অনুমোদন জনাইছে৷ এন বি ডব্লিউ এলৰ স্থায়ী কমিটীয়ে গিবনৰ মাজেৰে পাৰ হৈ যোৱা ৰে’লপথ অংশত বৈদ্যুতিকৰণৰ প্ৰস্তাৱটোক মূল্যায়ন কৰি এই অনুমোদন প্ৰদান কৰে বুলি জানিব পৰা গৈছে৷  কিন্তু ব’ৰ্ডে ৰে’লৰ গতিবেগ সন্দৰ্ভত কেবাটাও চৰ্ত বান্ধি দিছে৷ ব’ৰ্ডে অভয়াৰণ্যখন দুটা খণ্ডত খণ্ডিত কৰা ৰে’লপথটোৰ ১১.৬৫ কিলোমিটাৰ ৰে’লপথ নিৰাপদে পাৰ হ’ব পৰাকৈ কৃত্ৰিম আৰু প্ৰাকৃতিক অভাৰব্ৰীজ নিৰ্মাণৰ পৰামৰ্শ আগবঢ়াইছে৷ বন্যপ্ৰাণীৰ পথ স্থাপন নোহোৱালৈকে বিদু্যৎ তাঁৰ সক্ৰিয় নকৰিবলৈও পৰামৰ্শ দিছে ব’ৰ্ডে৷