উক্তি-বক্ৰোক্তি
আপোনালোকৰ স্বাস্থ্যক লৈ মই সঁচাকৈ চিন্তিত৷ আপোনালোকে কৰা দাবীৰ দহোটাই চৰকাৰে মানি লৈছে৷ কেৱল স্বাস্থ্য সচিবক অপসাৰণ কৰাৰ বাবে জনোৱা দাবীহে মানি ল’ব পৰা নাই৷ আপোনালোকে এতিয়া আমৰণ অনশন প্ৰত্যাহাৰ কৰক৷ সকলোৱে সেইটোৱেই বিচাৰিছে৷
–পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
যি সময়ত গ্ৰাহকে ক্ৰয় কৰা খুচুৰা সামগ্ৰীৰ মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ আশংকা দেখা গৈছে, সেই সময়ত আমি ঋণৰ সুতৰ হাৰ বৃদ্ধি কৰাৰ কথা ভাবিব নোৱাৰোঁ৷ তেতিয়া দেশৰ সকলো নাগৰিকেই অসুবিধাত পৰিব আৰু দেশৰ অৰ্থনীতিৰ ভাৰসাম্যও নোহোৱা হ’ব৷
– ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাস
ৰকিবুল হুছেইনে মোক কংগ্ৰেছত থাকোঁতে টিকট দিয়া নাছিল৷ তেওঁ কিয় মিছা কথা কয়? মই তেতিয়া যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ৷ মোক ৰাহুল গান্ধীয়ে নিজেই বিধানসভা নিৰ্বাচনৰ টিকট দিছিল৷ মই এতিয়া কংগ্ৰেছত নাই, কিন্তু সেইটো মিছা কথা মই নকওঁ৷
– মন্ত্ৰী পীয়ূষ হাজৰিকা
যিখন ‘স্ক্ৰীন’ আলোচনী পঢ়ি আৰু তাৰ ফটো চাই ডাঙৰ হৈছিলোঁ, সেই আলোচনীখনৰ প্ৰথমটো ডিজিটেল সংস্কৰণৰ কাভাৰ পেজত আজি মোৰ ফটো প্ৰকাশ হৈছে৷ সেয়া দেখি মই আপ্লুত, উত্তেজিত৷
– বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ
হামাছৰ মুৰব্বী য়াহায়া ছিনৱাৰৰ মৃত্যুত ইজৰাইলৰ বিৰুদ্ধে চলি থকা আত্মৰক্ষাৰ যুঁজৰ অন্ত নপৰে৷ অক্ষশক্তিৰ প্ৰতিৰোধো শেষ নহয়৷ য়াহায়া ছিনৱাৰ এজন প্ৰকৃত যোদ্ধা আছিল৷ তেওঁ জন্মভূমিৰ হৈ মৃত্যুৰ মুহূৰ্তলৈকে যুঁজ কৰি গ’ল৷
– ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতোল্লা আলী খামেনি
যিসকল ভাৰতীয় কূটনীতিবিদে ভিয়েনা কনভেনচনৰ নীতি উলংঘা কৰি আছে, তেওঁলোকৰ কাৰ্যকলাপ আমি সহ্য নকৰোঁ৷ এতিয়া যিকেইজন ভাৰতীয় কূটনীতিবিদ আমাৰ দেশত নিয়োজিত হৈ আছে, তেওঁলোক কানাডাৰ আইনৰ জাননীৰ অধীনত আছে৷ প্ৰকৃততে তেওঁলোক অপৰাধী৷
– কানাডাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মেলানি জলী
ইণ্টাৰনেট, স্মাৰ্টফোন, ছ’চিয়েল মিডিয়া নহ’লে আজিৰ যুগত নচলে৷
– আছুৰ সভাপতি উৎপল শৰ্মা
আজিলৈকে চলমান খানে পঁইতাচোৰা এটাও মাৰি পোৱা নাই৷ তেওঁ কৃষ্ণষাঁড় হত্যা কৰা নাই৷ লৰেন্স বিষ্ণয়ৰ ওচৰত তেওঁ ক্ষমা খোজাৰ প্ৰশ্নই নুঠে৷ আমাৰ পৰিয়ালে কোনোধৰণৰ হিংসাত্মক কাম নকৰে৷
– চলমানৰ পিতৃ চেলিম খান