Logo
image

বুঢ়ালুইত শুকাইছে, ফেৰী বন্ধ

‘আমাৰ অসম’ৰ মাজুলীৰ প্ৰতিনিধি, ২১ অক্টোবৰ : বুঢ়ালুইত শুকাইছে৷ নিতৌ ডেৰফুটকৈ কমিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী৷ কাজেই বাম হৈছে লুইতৰ বক্ষ৷ ফলত দেওবাৰৰ পৰা অৰ্নিদিষ্টকালৰ বাবে বন্ধ হৈ পৰিল মাজুলী কমলাবাৰী-নিমাতী সংযোগী ফেৰী সেৱা৷ প্ৰকৃতিৰ এনে অপ্ৰাকৃতিক ঘটনাত স্তম্ভিত হৈ পৰিছে সচেতন ৰাইজ৷ অসমীয়া জাতিৰ আয়ুষৰেখা ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক জলস্তৰ হ্ৰাসে নদীপৰীয়া ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি নমাই আনিছে ভাবুকি৷ প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ জলস্তৰ এক ডেৰ ফুট পৰ্যন্ত হ্ৰাস পাই অহাত মাজুলী কমলাবাৰী আৰু নিমাতী সংযোগী জলপথত সমস্যাৰ সৃষ্টি হৈছে৷ নদীৰ বালিচৰত সঘনাই যাত্ৰীবাহী ফেৰী লাগি আবদ্ধ হোৱা ঘটনা সংঘটিত হৈছে৷ ফলত যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ৷ ব্ৰহ্মপুত্ৰ অস্বাভাৱিক পৰিৱৰ্তন, নদীৰ বুকু তৰাং হৈ পৰা আৰু ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ সোৱণশিৰিৰ মৃত্যমুখী অৱস্থাই চিন্তিত আৰু উদ্বিগ্ন কৰি তুলিছে মাজুলীবাসীক৷


বাৰিষাৰ সময়ত বানৰ বিধবংসী ৰূপ ক্ৰমান্বয়ে প্ৰতি বছৰে বৃদ্ধি পাইছে৷ ফলত নৈপৰীয়া ৰাইজৰ জীৱনযাত্ৰা বিপদাপন্ন হৈ পৰিছে৷ আনহাতে, প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বক্ষত তৰপে তৰপে বালি, পলস, গেদ জমা হৈ ব্ৰহ্মপুত্ৰৰ বক্ষ অস্বাভাৱিকভাবে বাম আৰু বহল হৈ অহাৰ লগতে বাৰিষাৰ দিনত বান-খহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে৷ বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুত চকুৰে মনিব নোৱৰালৈকে বালিৰ বিশাল তৰপ৷ অস্বাভাৱিকভাবে হ্ৰাস পাইছে জলস্তৰ৷ ১৯৫০ চনৰ বৰ ভূঁইকঁপৰ পিছৰে পৰা ব্ৰহ্মপুত্ৰৰ চৰিত্ৰ ব্যাপকভাৱে সলনি হ’বলৈ ধৰে৷ যাৰবাবে বান-খহনীয়াৰ প্ৰকোপ ক্ৰমে বৃদ্ধি পাই আহিছে৷ ব্ৰহ্মপুত্ৰৰ গভীৰতা ক্ৰমে হ্ৰাস পোৱাৰ লগতে দুয়োপাৰে খহনীয়াৰ ফলত নদীৰ বক্ষ অস্বাভাৱিকভাৱে বহল হৈ আহিছে৷ মাজুলীৰ প্ৰাচীন কমলাবাৰী ফেৰীঘাট বন্ধ হৈ পৰাত যাত্ৰীসকলৰ লগতে দেশী-বিদেশী পৰ্যটক সকলো অভাৱনীয় সমস্যাৰ সন্মুখীন হয়৷ বিফল মনোৰথে ফেৰী ঘাটৰ পৰা উভতিব লগা হয়৷ অৱশ্যে কমলাবাৰী ফেৰী ঘাটৰ বিপৰীতে অফলামুখ ফেৰী ঘাটত ফেৰী সেৱা চলি থকাত যাত্ৰীসকলে সেই ঘাটেৰেই পাৰা পাৰ অব্যাহত ৰাখিছে৷