নিয়ম মানি বাদাম খালে পোৱা যায় বেছি উপকাৰ
বাদাম স্বাস্থ্যৰ বাবে উপকাৰী৷ কিন্তু ভুল পদ্ধতিৰে বাদাম খালে হিতে বিপৰীত হ’ব পাৰে৷ বহুতে বাদাম কেঁচাই খাই ভাল পায়৷ আন কিছুমানে আকৌ বাদাম তিয়াই ৰাখি অথবা তেল ব্যৱহাৰ নকৰাকৈ বালিত ভাজি খায়৷ কিন্তু কি পদ্ধতিৰে বাদাম খালে বেছি উপকাৰ পোৱা যায় সেয়া বহুতেই নাজানে৷ ফলত বাদামৰ পৰা সম্পূৰ্ণ উপকাৰ পোৱাত বঞ্চিত হয়৷
১) তেলত ভাজি খোৱাতকৈ বাদাম সিজাই খালে বেছি উপকাৰ পোৱা যায়৷
২) চীনা বাদাম কেতিয়াও তেলত ভাজি খোৱা উচিত নহয়৷ কিয়নো চীনা বাদাম তেলত ভাজিলে ইয়াত চৰ্বিৰ মাত্ৰা বৃদ্ধি পায়৷ এনেক্ষেত্ৰত চীনা বাদাম সিজাই খোৱা উচিত৷
৩) স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে চীনা বাদাম সিজাই খালে ওজন কমে৷ চীনা বাদামত ফাইবাৰ, প্ৰ’টিন আৰু প্ৰচুৰ পৰিমাণে স্বাস্থ্যকৰ চৰ্বি থাকে৷
৪) বাদাম খালে দীৰ্ঘসময় ভোক নালাগে৷ ফলত অতিৰিক্ত খাদ্যৰ পৰা আঁতৰি থাকিব পৰা যায়৷ এনে অৱস্থাত ওজন কমোৱাত সহায়ক হয়৷
৫) সিজোৱা চীনা বাদামত মন’চেছুৰেটেড ফেটছ প্ৰচুৰ পৰিমাণে থাকে৷ এই উপাদানে শৰীৰত জমা হোৱা কলেষ্টেৰ’লৰ মাত্ৰা কমোৱাত সহায় কৰে৷
৬) সিজোৱা বাদাম খালে দৃষ্টি শক্তি উন্নত হয়৷
৭) বাদামে হূদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে৷ তদুপৰি ইয়াত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷
৮) চীনা বাদামত নিয়াছিন নামৰ এবিধ উপাদান থাকে৷ যিবিধ উপাদান পাছনতন্ত্ৰ, ছাল আৰু স্নায়ু সুস্থ ৰখাত সহায় কৰে৷ তদুপৰি আলজেইমাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰে৷
৯) চীনা বাদাম সিজাই খালে পেশী শক্তিশালী হয়৷ আধাকাপ সিজাই ৰখা বাদাম খালে দৈনিক থায়ামিনৰ চাহিদা পূৰণ হয়৷






