দেউলীয়া অৰ্থনীতি
বৰ্তমান অসমৰ অৰ্থনৈতিক অৱস্থা কেনে বুলি প্ৰশ্ন কৰিলে পোৱা যায় দুটা উত্তৰ৷ চৰকাৰী পক্ষৰ পৰা পোৱা উত্তৰ মতে, অসমৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ, অৰ্থাৎ অৰ্থনীতিৰ উন্নতিও নাই আৰু অধোন্নতিও নাই৷ বেচৰকাৰী পক্ষৰ পৰা পোৱা উত্তৰ মতে, অসমত বৰ্তমান বিৰাজ কৰিছে অধোন্নতি, অৰ্থাৎ অসমৰ নাগৰিকে বৰ্তমান অৱস্থান লৈছে হতাশাৰ মাজত৷ এখন ৰাজ্যৰ অৰ্থনৈতিক বিকাশত চৰকাৰৰ থাকে গুৰুত্বপূৰ্ণ ভূমিকা৷ চৰকাৰৰ দ্বাৰা হোৱা মূলধনী ব্যয় যেনে ৰাস্তা-ঘাট নিৰ্মাণ, চিকিৎসালয় নিৰ্মাণ, বিদ্যালয় নিৰ্মাণ ইত্যাদি কৰ্মই গতিশীল কৰে ৰাজ্যৰ অৰ্থনীতি৷ কিন্তু পৰিতাপৰ কথা যে, প্ৰায় ১.৫২ লাখ কোটি টকাৰ ধাৰৰ বোজা বহন কৰি থকা অসমৰ চৰকাৰী মূলধনী ব্যয় চকুত লগাকৈ হ্ৰাস পাইছে ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষত৷ উল্লেখ্য, ২০২১-২২ বৰ্ষত অসম চৰকাৰৰ মূলধনী ব্যয়ৰ পৰিমাণ আছিল ২০,১২৫.৮৩ কোটি টকা আৰু ২০২২-২৩ বৰ্ষত হ্ৰাস পায় ১৫,৯৯৯.৭১ কোটি টকালৈ৷ ২০২২-২৩ বৰ্ষত অসম চৰকাৰৰ ৰাজহ ব্যয় (চলিত হিচাপত) হয় ১,০১,৮১৪.৬৫ কোটি টকা আৰু চৰকাৰৰ ৰাজহ ব্যয় হয় চৰকাৰী কৰ্মচাৰীৰ দৰমহা, মন্ত্ৰী-বিধায়কৰ দৰমহা, হিতাধিকাৰীৰ অনুদান, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান পৰিচালনাৰ ব্যয়, ঋণৰ সুত পৰিশোধ ইত্যাদি ক্ষেত্ৰত৷ ৰাজ্য চৰকাৰৰ ৰাজহৰ ঘাটি পূৰণ কৰিবলৈ থকা দুটা পথ হৈছে– ঋণ লোৱা আৰু অধিক কৰৰ বোজা আৰোপ কৰা৷ ৰাজহৰ ঘাটি পূৰণ কৰিবলৈ ২০২১ চনৰ পৰা ২০২৪ চনৰ মাৰ্চপৰ্যন্ত অসম চৰকাৰে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ পৰিমাণ হৈছে ৮৫,৯৮০ কোটি টকা৷অসম চৰকাৰৰ ৰাজহ ব্যয়ৰ সিংহভাগ ধন ব্যয় কৰা হৈছে হিতাধিকাৰীৰ নামত৷ ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ, মাইক্ৰ’ফাইনেঞ্চৰ ঋণ পৰিশোধ, অৰুণোদয় আঁচনিৰ ধন পৰিশোধ, বিনামূলীয়া চাউল বিতৰণ, নিযুত মইনা আঁচনি, বিনামূলীয়া নামভৰ্তি আঁচনি আদি ব্যয়ত আজি জুৰুলা অসম চৰকাৰ৷ প্ৰতিটো মাহতেই ঋণ লোৱা চৰকাৰৰ এজন মন্ত্ৰীৰ মতে, অসমৰ নাগৰিকে বহন কৰিব নালাগে ঋণৰ বোজা৷ এজন মন্ত্ৰীৰ মুখেদি ওলোৱা উক্ত বাক্যষাৰিয়ে প্ৰকৃততে মন্ত্ৰীজনৰ অৰ্থনৈতিক জ্ঞানশূন্যতাকহে প্ৰমাণ কৰে৷ ৰাজ্য চৰকাৰে সময়ে সময়ে পৰিশোধ কৰা ঋণৰ সুতৰ ধন ৰাজকোষৰ পৰাই যায়৷ নাগৰিকৰ ওপৰত কৰৰ বোজা জাপি দি সংগ্ৰহ কৰা ৰাজহ যিমানেই ঋণ পৰিশোধত ব্যয় কৰা হ’ব, সিমানেই হ্ৰাস পাব চৰকাৰী মূলধনী ব্যয়ৰ৷ পুঁজিৰ অভাৱত আজি কৰ্মহীন হৈ পৰিছে চৰকাৰৰ বহুকেইটা বিভাগ৷ অসমৰ গ্ৰামাঞ্চলৰ পথসমূহৰ অৱস্থা অতি শোচনীয়, কাৰণ পুঁজিৰ অভাৱত মেৰামতি কৰিব পৰা নাই লোকনিৰ্মাণ বিভাগে৷ ৰাজ্যৰ চৰকাৰী নিগম-নিকায়বোৰৰ অৱস্থা মৃতপ্ৰায় বুলিলে ভুল কোৱা নহ’ব৷ পুঁজিৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে বিদ্যালয়ৰ মধ্যাহ্ন ভোজন৷ ঘৰে ঘৰে জলৰ যোগান ধৰাৰ লক্ষ্যৰে স্থাপন কৰা জলজীৱন আঁচনিৰ কাম-কাজ বন্ধ কৰিছে চৰকাৰে৷ ৰাজ্য চৰকাৰৰ অধীনস্থ অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকসকলক প্ৰাপ্য মজুৰি প্ৰদানত ব্যৰ্থ চৰকাৰক জবাবদিহি কৰিছে উচ্ছতম ন্যায়ালয়ে৷যি সময়ত ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত আশাকম¹, অংগনৱাড়ী কম¹, বিদ্যালয়ৰ ৰান্ধনীসকলে লাভ নকৰে নিয়মিত মাননী, সেই সময়ত এক লাহ-বিলাহৰ জীৱন যাপন কৰিছে একাংশ মন্ত্ৰী-বিধায়কে৷ মন্ত্ৰীৰ বাসগৃহত বা মন্ত্ৰীৰ কনভয়ত আজিও দৌৰি আছে বহুতো বাহন৷ ভ্ৰমণৰ নামত হোৱা কোটি টকাৰ ব্যয় সংকোচন কৰাৰ নাই বাস্তৱ পৰিকল্পনা৷ নিজৰ বিভাগৰ এটা কাৰ্যালয়ত আলপিন ক্ৰয়ৰ বাবে নাই পুঁজি, অথচ মন্ত্ৰী-বিষয়া উৰাজাহাজত উঠি ভ্ৰমণত ব্যস্ত৷ পুঁজিৰ অভাৱৰ ব্যয় সংকোচনৰ কথা কোৱা চৰকাৰৰ নিৰ্দেশতে পুনৰ নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হৈছে জিলাৰ সুন্দৰ সুন্দৰ আৱৰ্ত ভৱনবোৰ৷ মন্ত্ৰী-বিধায়কৰ স্বাৰ্থত মৃত নদীক পুনৰ বোৱাবলৈ লোৱা আঁচনিৰ ধন পানীৰ দৰে বৈ গৈছে অথচ নিশ্চুপ, নিমাত চৰকাৰ৷ উজনিৰ ৰাজপথ নিৰ্মাণৰ বাবে টকাৰ অভাৱ, অথচ চহৰৰ নদীৰ কাষত পদপথ নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে শ শ কোটি ৰাজহুৱা পুঁজি৷ অসমৰ প্ৰতিখন জিলা পৰিষদ, আঞ্চলিক পৰিষদ, গাঁও পঞ্চায়ত পুঁজিৰ অভাৱত কৰ্মহীন হৈ আছে, অথচ প্ৰতিটো দিনতেই ঘোষিত হৈছে হিতাধিকাৰী সৃষ্টিৰ আঁচনি৷ বিহু, পূজা পালনৰ বাবে চৰকাৰী অনুদানৰ সুবিধা দিয়া হয়, অথচ কৰ্মচাৰীৰ পদোন্নতিৰ বাবে পুঁজিৰ অভাৱ৷প্ৰকৃততে বৰ্তমান অসমত এক তোষামোদৰ অৰ্থনীতি চলি আছে বুলি দাবী কৰিব পাৰি৷ প্ৰকৃত সফলতাৰ পৰা আঁতৰত অৱস্থান লোৱা অৰ্থনীতিৰ কামবোৰৰ সমালোচনা কৰিবলৈ গ’লেই চৰকাৰবিৰোধী আখ্যা দিয়া নেতা-পালিনেতাৰ দৌৰত থমকি ৰৈছে বুদ্ধিজীৱীসকল৷ দক্ষতাৰ মাপকাঠীডাল আজি নিয়ন্ত্ৰণ কৰে তোষামোদকাৰীয়ে৷ অৰ্থনীতিৰ অ-আ, ক-খ নজনাজনেই আজি ৰচনা কৰে কল্যাণৰ আঁচনি৷ শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ কোমল চকীত বহি গ্ৰামাঞ্চলৰ দৰিদ্ৰজনৰ জীৱনৰ পথ সলনি কৰাৰ সংকল্পবোৰ মিছা বুলি প্ৰমাণ হৈছে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতাত৷






